এটা মৃতদেহ
মুন শৰ্মা, লখিমপুৰ
যান বাহন সংখ্যা বৰ এটা বিশেষ নাই নিশা ও হ’ল বহুত, ক’বলৈ গ’লে মাজ নিশাই হ’ব অলপ পাছত লক্ষ্য থলীলৈ এতিয়াও বিশ কিলোমিটাৰ বাট বাকী। মনতে ভাবিছোঁ কালি ৰাতি পোৱা সুযোগটো যদি গ্ৰহণ কৰিলোঁ হেঁতেন, তেতিয়া আজি সন্ধ্যাতে গন্তব্য থলীত উপস্থিত হ’ব পৰিলোঁ হেঁতেন।
উপায় নাই ,কি কৰিম ভাগ্যত লিখা আছিল এনেকৈ, গতিকে এনেকৈ হ’ব । নিজেই নিজৰ ওপৰতে অলপ আবেগিক হৈ পৰিছিল কিন্তু মূহুৰ্ততে মনটো সলনি কৰি আগুৱাই হৈ থাকিল তেওঁ।
মধ্যমীয়া গতিত গৈ আছে তেওঁৰ গাড়ী খন। চালকৰ আসনত তেওঁ নিজেই। অন্য মানুহ নাই যাত্ৰী ৰূপে তেওঁ অকলে। কিছু দুৰ আগুৱাই যোৱাৰ পাছত কিছু সময় হাবিতলীয়া বাটেৰে আহি আহি তেওঁ উঠিল ৰাষ্ট্ৰীয় ঘাইপথত। অলপ আগৰ পৰা বিষন্ন হৈ থকা মনটো অলপ পাতল লাগিল মিষ্টাৰ অঞ্জন তালুকদাৰৰ। আৰু একা বেঁকা কৰিব লগা নাই পোন ৰাস্তাৰে চহৰলৈ বুলি গতি কৰি।
এইয়া কি ! গাড়ীৰ ভিতৰৰ পৰাই দূৰত দেখিলে কোনোবা এজন মানুহ ৰাস্তাৰ কাষতে শুই আছে। ভালকৈ লক্ষ্য কৰি দিলে তেওঁ এগৰাকী মহিলা।
আৰু ভালকৈ চাই দেখিলে তেওঁ দেখোন আঘাত প্ৰাপ্ত। তেজ বিৰিঙি আছে, লগে লগে গাড়ী ৰখাই নামি গ’ল তেওঁ, ভালকৈ চাই দেখিলে তেওঁ বৰ বেয়াকৈ দুখ পাইছে মাতবোল নাই, লগে লগে তেওঁৰ গাড়ীত ভৰাই দিবলৈ চেষ্টা কৰিলে কিন্তু হঠাৎ তেওঁ মনে তেওঁক বাধা দিলে এই কামটো কৰিব।পিছে বিবেকৰ অনুৰোধত মনৰ কথা ৰাখিব নোৱাৰিলে তেওঁ আৰু আধা মৰা মানুহ জনীক লৈ মেডিকেল লৈ বুলি ৰাওনা হ’ল।বিভিন্ন চিন্তা বিভিন্ন কথাই অঞ্জন তালুকদাৰ মূৰত ঘূৰি ফুৰিল কিন্তু কোনো কথাই গুৰুত্ব নিদি তেওঁ আগুৱাই গুচি গ’ল।
এটা সময়ত মেডিকেলৰ সন্মুখত তেওঁ উপস্থিত হল। অলপ সময়ও পলম নকৰি তেওঁ মানুহ জনীক গাড়ী খনৰ দুৱাৰ খুলি উলিয়াই আনি চিকিৎসকr হাতত সমজায় দিলেই। তাৰ পিছতেই তেওঁ ওলাই আহিল মেডিকেল পৰা, কাৰণ ইয়াত বেছি পৰ কৰিলে কালিলৈ অফিচত থকা ডাঙৰ মিটিং খন উপস্থিত হ’বলৈ অসুবিধা হ’ব ভাবি।
পাছৰ দিন টো ভালকৈ পাৰ হ’ল অঞ্জন তালুকদাৰ,আগদিনা ঘটনা টো মনত পৰিলে বেয়া লগে লগতে ভালো লাগে কাৰণ এজনী অচিনাকি ব্যক্তিক সহায় কৰিব পাৰি বৰ ভাল লাগিল তেওঁ।
দাদা, মাছৰ দাম কেনেকৈ লাগিছে? বোপাই চাৰিশ টকা কেজি, অহ, বহু দাম দেখোন , তথাপি ৰুকেল মাছ দেখি সৰু চাই মাছ এটা কিনি আগুৱালে অফিচৰ পৰা ৰুমলৈ বুলি।
মিষ্টাৰ অঞ্জন তালুকদাৰ। কাৰোবাৰ মাত ঘূৰি চাই দেখিলে এজন আৰক্ষী বিষয়াই তেওঁক ।মাতিছে, হয় ক’ব।আপুনি আমাৰ লগত থানা লৈ আহক। আচৰিত হল অঞ্জন তালুকদাৰ,কিয় ছাৰ!
প্ৰশ্ন নকৰিব, আমাৰ লগত ব’লক। একো বুজি নাপালে অঞ্জন তালুকদাৰে , বজাৰৰ মাজ মজিয়াৰ পৰাই বহু জনৰ চকুৰ সন্মুখতে তেওঁক উঠাই লৈ গুচি গল।
জেৰা ওপৰত জেৰা গোটেই ঘটনা তেওঁ কৈ গ’ল কিন্তু মানি নলয় আৰক্ষীয়ে। মই সহায় কৰিছো ডাঙৰীয়া হত্যা কৰা নাই মহিলা জনীক। বাটত তেনে অৱস্থাত পায় মেডিকেলৈ লৈ আহিছোঁ ইয়াৰ বাহিৰে মই একো নাজানো।
ইয়াৰ প্ৰমাণ ক’ত আপোনাৰ হাতত ?পুলিচ বিষয়া জনে খঙেৰে সুধিলে। সিফালে প্ৰমাণ দিব নোৱাৰে একো অঞ্জন তালুকদাৰে।অকণমান আশা থকা সেই মহিলা গৰাকীৰ মৰি থাকিল সিদিনাই। পিছত হে গম পালে তেওঁ।
সিফালে অঞ্জন তালুকদাৰে হত্যা কৰা নাই বুলি কোৱাত আৰক্ষীয়ে আকৌ তদন্ত আৰম্ভ কৰিলে তেওঁক থানাতে ৰাখি। দহ টা দিন পাৰ হৈ গল। অঞ্জন তালুকদাৰে খবৰ দিয়া এই আৰক্ষী চকীতে তেওঁ আজি খবৰ হৈ ৰৈ আছে।বৰ দুৰ্ভাগ্য।হঠাৎ আহিল সেই খবৰ যিয়েই অঞ্জন তালুকদাৰ পুলিচৰ হাতৰ পৰা ওলাই অহা বাট মুকলি হল। অৱশেষত ধৰা পৰিল মহিলা জনী সেই অৱস্থা কৰা ব্যক্তি জন।লগে লগে ইমান দিনে সন্দেহ কৰি থকা অঞ্জন তালুকদাৰ হৈ পৰিল আকৌ আগৰ দৰেই সন্মানীয় ব্যক্তি জন। তেওঁৰ ওপৰত কেছ কৰা চিকিৎসালয় মহিলা জনীৰ পৰিয়ালে কেছ উঠাই ললে। আৰু থানা খনৰ পুলিচ ষ্টাফে তেওঁক ক্ষমা খুজি মুকলি আকাশ তলত সন্মানেৰে বিদায় দিলে তেওঁক।