বাপুকণ – সত্যজিৎ গগৈ

PC - Freepik
বাপুকণ
সত্যজিৎ গগৈ, নাহৰকটীয়া, ডিব্ৰুগড়
বাপুকণ মাষ্টৰৰ পদুলিত ল’ৰাহঁতে চিগাৰেট হুপি তামাচা কৰি থকা দেখি চুৰিয়া খন আঁঠুলৈকে দাঙি বাপুকণে খেদা মাৰি আহিল।মোৰ পদুলিত চিগাৰেট হুপিবলৈ আহিছ বুলি কৈ বহুপৰ চিঞৰি থাকিল।গোৱাল-গালি এহোপামান দি ঘৰমুৱা হ’ব খোজোতেই ভদাইয়ে চাইকেল খন ৰখাই মাত লগালে।হেৰৌ মাষ্টৰ,কি ভুন্‌ভুন্ কৰি আছা হে?কাকনো ইমানকৈ গালি পাৰিছা? বাপুকণে তপৰাই উত্তৰ দিলে।শুনিছ ভদাই এই ল’ৰা মখাই মোৰ পদুলিটো অসুখী কৰিলে আৰু!চিগাৰেট হুপি হুপি মোৰ ঘৰখনলৈ সেই ধোঁৱা খিনি পঠিয়াই দিয়ে।এতিয়া তইয়ে কচোন বাৰু,এই হোপা ধোঁৱা মোৰ ঘৰখনত সোমালে এইখন বাৰু ঘৰ হৈ থাকিবনে?আমি সকলো ৰুগীয়া হৈ নপৰিম নে বাৰু?ভদাই কলে-বুজিছা বাপুকণ,খোৱা সকলৰেই যদি কোনো চিন্তা নাই।তেন্তে তোমাৰোনো চিন্তা কৰাৰ কি প্ৰয়োজন? সিঁহতৰো মাক-বাপেক আছে নহয় এইবোৰ চিন্তা কৰিবলৈ।এইবুলি কৈ ভদাই যাবলৈ ওলাল।বাপুকণে তপৰাই সুধিলে-পিছে তই কোনফালে ওলালি?ভদাইয়ে গুণ দাইটিৰ ঘৰৰ পৰা আহোঁগৈ বুলি কৈ ওলটি নোচোৱাকৈ গুছি গ’ল।প্ৰসৰ গৰমৰ মাজতে বাপুকণে বাৰীৰ তামোলৰ পুলি কেইটাৰ গুৰিবোৰ চাফা কৰি আছে।তেনেতে বাৰীৰ ঢাপত বহি কোনোবাই জুই জ্বলোৱা দেখি ওচৰলৈ আগবাঢ়িল।ওচৰলৈ গৈ দেখিল যে গুণ,পিতাম্বৰ,আৰু  মুকুটৰ ল’ৰাকেইটাই বহি চিগাৰেট আদি হুপি আছে।বাপুকণে দেখিয়েই সিঁহতক খেদা দিলে।পিছে চেঙেলীয়া কেইটাক বাৰু কোন বুঢ়াই লগ পাব?দিন বাগৰিল।সময় সলনি হ’ল।এদিন হঠাৎ খবৰ আহিল যে গুণৰ ল’ৰাটোৰ অসুখ!একোকে খাব পৰা নাই। ডিঙিত ঘাঁ হৈছে বুলি ডাক্টৰে কৈ পঠিয়াইছে।লগতে উন্নত চিকিৎসাৰ বাবে সোনকালে গুৱাহাটীলৈ যাবলৈও লিখি দিছে।পিচে গুণই অকলে ল’ৰাটোক কেনেকৈ গুৱাহাটীলৈ নিব?ইমান পইচা ক’ত পাব।লোকে খেতি কৰি দিয়া বছৰৰ ধানখিনি বিক্ৰী কৰা পইচাকেইটাও পুতেকে লৈ যায়।মৰমতে গুণইও একো নকয়।বাপুকণ মাষ্টৰ ল’ৰাহঁতৰ বাবে যিমান খঙাল।একে সমানে দয়ালুও।সেয়েহে ৰুগীৰ খবৰ লবলৈ বুলিয়েই বাপুকণে গুণৰ ঘৰ পালগৈ।ল’ৰাটোৰ অৱস্থা দেখি জেপত লৈ যোৱা টকাকেইটা গুণৰ হাতত দি খৰধৰকৈ ল’ৰাটোক গুৱাহাটীলৈ নিবলৈ সুবিধা কৰি দিলে।পিচে ল’ৰাটোক গুৱাহাটীতো বছাব নোৱাৰিলে।মৃত্যুৰ পিচত ডাক্টৰে গুণক বাৰে বাৰে ক’লে ।চিগাৰেট খোৱাৰ বাবেই ল’ৰাটোৰ ডিঙিত কেন্সাৰ হ’ল।কেন্সাৰে এনে পৰ্যায় পালেগৈ যে আমি তাক বছাব নোৱাৰিলোঁ।ভদাইয়ে গুণ দাইটিক এদিন কলে।দাইটি,তোৰ ল’ৰাটোক বাপুকণ মাষ্টৰে বহুবাৰ বুজাইছিল আৰু খেদিছিলো।কিন্তু সি বুজি নাপালে।বাপুকণ সঁচা মাষ্টৰ নহয় যদিও সি ভাল কথাবোৰ সকলোকে বুজাব খোজে বাবে ৰাইজেহে তাক মাষ্টৰ নাম দিলে যদিও তেওঁ সঁচাকৈয়ে মাষ্টৰৰে যোগ্য।সেয়েহে সকলোৰে ভালৰ বাবেহে ভাল ভাল কথাবোৰ কয়।বদ অভ্যাস বোৰ নকৰিবলৈ বাধা দিয়ে।কিন্তু মাষ্টৰক সকলোৱে সন্মান কৰাৰ বিপৰীতে ইতিকিং হে কৰে।সেয়েহে চাগে তোৰ ল’ৰাটোৰ জীৱনলৈ অমানিশা নামি আহিল।কথাকেইটা শুনি গুণৰ চকুকেইটা সেমেকি উঠিল আৰু দীঘল হুমুনিয়াহ এটা কাঢ়ি ছয় ফুত দীঘল বিচনাখনত ওপৰলৈ চাই চাই দীঘল দি পৰি থাকিল !!