গুজৰাটৰ পোৰবন্দৰত বিশাল নির্বাচনী সমাৱেশত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী

গুজৰাটৰ পোৰবন্দৰত বিশাল নির্বাচনী সমাৱেশত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  অহা ৭ মে’ত তৃতীয় পৰ্যায়ৰ ভোটগ্রহণক লৈ গুজৰাটত প্ৰচাৰ অভিযানে তীব্ৰতৰ ৰূপ লৈছে।  কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে পোৰবন্দৰত বিশাল নির্বাচনী সমাৱেশত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রী তথা বিজেপিৰ প্ৰাৰ্থী মনসুখ মাণ্ডাভিয়াৰ হৈ কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে পোৰবন্দৰত বিশাল সমাৱেশ সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নির্বাচিত কৰিবলৈ ভোটাৰসকলক আহ্বান জনায়। বিজেপিয়ে লোকসভাত হেটট্রিক বিজয় সাব্যস্ত হ’লেই প্রধানমন্ত্রী হিচাপে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীয়ে দায়িত্ব লাভ কৰিব। যদি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী পদত অধিষ্ঠিত হ’ব পাৰে, তেতিয়াহ’লে দেশৰ পৰা সন্ত্রাসবাদ আৰু নক্সালবাদ সমূলঞ্চে উৎখাত কৰিব। বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিৰ দেশ হিচাপে পৰিণত হ’ব ভাৰত। লক্ষণীয় যে মোদীৰ বিগত দুটা কাৰ্যকালত সন্ত্রাসবাদক লৈ শূন্য সহনশীলতা নীতি গ্ৰহণ কৰা হৈছে। পুলবামা আৰু উৰিত পাকিস্তানী সন্ত্রাসবাদীয়ে আক্রমণ কৰাৰ পিছত প্রধানমন্ত্রী মোদীয়ে ১০ দিনৰ ভিতৰত প্ৰতিশোধকল্পে পাকিস্তানত ছার্জিকেল আৰু এয়াৰষ্ট্ৰাইক চলাইছিল। আনপিনে কংগ্ৰেছ দল আৰু শীর্ষনেতা ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লৈ গৃহমন্ত্রী অমিত শ্বাহে কয় যে কাশ্মীৰ উপত্যকাৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পিছত কংগ্ৰেছৰ নেতা, ৰাহুল গান্ধীয়ে এই ঐতিহাসিক সিদ্ধান্তৰ বিৰোধিতা কৰিছিল। কৈছিল যে কাশ্মীৰত ৰক্তনদী বৈ যাব। কিন্তু বিগত পাঁচ বছৰত ৰক্তনদী বোৱা নাই। কোনো লোকে শিলগুটি নিক্ষেপ কৰিবলৈ সাহস কৰা নাই। প্রধানমন্ত্রী হিচাপে মনমোহন সিং দায়িত্বত থকাত পাকিস্তানৰ পৰা যিকোনো লোক সোমাই ভাৰতত বোমা বিস্ফোৰণ ঘটাইছিল। নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত এয়া সম্ভৱ হোৱা নাই।