মাঘ বিহুৰ পৰম্পৰা
লখিমী শৰ্মা, যোৰহাট
আঘোণৰ কুঁৱলী আঁতৰাই ৰ’দত জিলিকি থকা সোণালী ধান খেতি আনন্দেৰে চপাই আনি কৃষকে বিবিধ প্ৰকাৰৰ ধান থয় ভঁৰালত । আনন্দ – উলাহত মন হয় ফৰকাল । ওচৰ চাপি আহে ভোগালী বিহু । মাঘৰ বিহু।সদলবলে পথাৰৰ ধান কাটি এৰি অহা নৰা সংগ্ৰহ কৰি আৰু বাৰীৰ পৰা কেঁচা বাঁহ কাটি আনি সাজে ভেলাঘৰ । আগেয়ে বাঁহ আৰু নৰাৰে সৰু সৰু ভেলাঘৰ সাজি তাত সকলোৱে মিলি লগভাত খাইছিল । কিন্তু বৰ্তমান সময়ত ভেলাঘৰ সজাৰো প্ৰতিযোগিতা আৰম্ভ হৈছে । কোনোৱে সাজে দুই তলা ভেলাঘৰ , কোনোৱে সাজে নাও আকৃতিৰ বা তলাতল ঘৰ, আৰু ক’ৰবাত সাজে টাইটানিক সদৃশ চকুত লগা ভেলাঘৰ আৰু তাত উৰুকাৰ দিনা মহাআয়োজনেৰে আৰম্ভ হয় উৰুকাৰ ভোজভাত । ইফালে ঘৰত গৃহিণী, ছোৱালী, বোৱাৰীসকলে তৈয়াৰ কৰে নানা ধৰণৰ লাডু, পিঠা, চিৰা, সান্দহ, মাহকৰাই আদি। পাছদিনা পুৱা, অৰ্থাৎ দোমাহীৰ দিনা ৰাতিপুৱাই উঠি গা – পা ধুই মেজি জ্বলায় , লগতে জ্বলায় ভেলাঘৰ । সকলোৱে জুইৰ উম লয়, মাহ – তিল ছটিয়াই অগ্নি সেৱা কৰে ।মাঘ বিহুৰ এই পৰম্পৰা অতি পুৰণিকালৰে পৰা চলি আহিছে । অসমৰ গাঁৱে – ভুঞে আৰু সকলো জনগোষ্ঠীৰ মাজত।দোমাহীৰ দিনা গাঁৱৰ সকলোৱে নামঘৰত নাম – প্ৰসংগ কৰে।নাগাৰা, খোল, তাল, পেঁপা আদিৰে নাম ধৰে।ফুটবল, ভলীবল, কণী ভঙা আদি খেলৰ আয়োজন কৰে । আহোম ৰাজত্বকালত ৰংপুৰৰ ৰংঘৰৰ বাকৰিত ৰজা-প্ৰজা সকলোৱে মিলি নানা ধৰণৰ খেল – ধেমালি উপভোগ কৰিছিল । সেইসময়ত চলা হাতী, সেনমেলা, ম’হযুঁজ আয়োজন কৰি আনন্দ উপভোগ কৰিছিল । সময়ৰ সোঁতত সেইবিলাকৰ বিলুপ্তি ঘটিল।আহোমৰ দিনৰ ৰংঘৰৰ বাকৰিত আয়োজিত সেই জীৱ – জন্তুৰ যুঁজবোৰৰ আয়োজন নাই যদিও পৰম্পৰা ৰক্ষা কৰি কম পৰিমাণে হ’লেও মৰিগাওঁ আৰু নগাঁৱত মাঘ বিহুৰ সময়ত ম’হযুঁজৰ প্ৰচলিত আছে।এই মাঘবিহুৰ সময়ছোৱাত পুৰুষসকলে যিদৰে সপ্তাহ বা এপষেক আগৰে পৰাই বাঁহ, খেৰ, নৰা, গছ আদি যোগাৰ কৰি মেজি আৰু ভেলাঘৰত ব্যস্ত হয়, সেইদৰে ঘৰৰ জীয়ৰী, বোৱাৰী, আইতাসকলেও লাডু-পিঠা, চিৰা, মুৰি, আখৈ, সান্দহ, দৈ আদি যোগাৰ কৰাত ব্যস্ত হয়।আনহাতে এচামে ওচৰত থকা ৰাজহুৱা পুখুৰী, বিল, বা নদীত সদলবদল জাকৈ, জাল, চেপা, খালৈ, প’ল, জুলুকি আদি লৈ মাছ ধৰে।ভোগালী বিহুৰ ইও এটা পৰম্পৰা । কোনো কোনো ঠাইত এইদৰে মাছেৰে সমূহীয়াকৈ উৰুকাৰ দিনা নিশা ভোজভাত খায়।বৰ্তমান সময়ত এইবিলাক কৰিবলৈ মানুহৰ সময়ৰ অভাৱ।গাঁৱে-ভুঞে ঢেঁকীৰ ব্যৱহাৰ কমি আহিছে।যান্ত্ৰিকতাই তাৰ ঠাই দখল কৰিছে। গতিকে মিলত বনোৱা চিৰা-পিঠা-গুড়ি সহজে উপলব্ধ হৈছে।চিৰা, পিঠা, লাডু আদি বজাৰত পোৱা গৈছে। গতিকে চহৰ বা নগৰৰ উপৰি গাঁৱৰ কিছুমান লোকেও সহজতে পোৱা বস্তুৰে বিহু উদ্যাপন কৰিবলৈ লৈছে। বিহুৰ সামগ্ৰী বনোৱা এক প্ৰকাৰ ব্যৱসায়ত পৰিণত হৈছে।অৱশ্যে এটা সুখবৰ যে এচাম নিবনুৱা যুৱক-যুৱতীৰ আত্মসংস্থাপনৰ পথ মুকলি হৈছে । চহৰ বা নগৰৰ লোকসকলেও সহজে মাঘ বিহুৰ লাডু, পিঠা খাব পৰা হৈছে।আনহাতে, গ্ৰাম্য সমাজত প্ৰচলিত, বিশেষকৈ মাঘ বিহু বা ব’হাগ বিহুত প্ৰচলিত অসমীয়া সমাজৰ পৰম্পৰাগত বহু খেল-ধেমালি, ৰীতি-নীতি হেৰাই যাব ধৰিছে । বহু খেল – ধেমালি নতুন প্ৰজন্মই খেলা দুৰৰ কথা শুনিবলৈ নোপোৱা হৈছে।বছৰটোৰ ভিতৰত কৃষিজীৱী অসমীয়া আৰু বিভিন্ন জনগোষ্ঠীৰ সমাজলৈ সুখ – শান্তি কঢ়িয়াই অনা মাহটো মাঘ বিহু । মাঘ মাহত আছে ভোগ, আনন্দ আৰু আশাৰ বতৰা ।