পানী যোগানৰ দাবীত দ্বাৰকানগৰত ৰাজহুৱা সভা

পানী যোগানৰ দাবীত দ্বাৰকানগৰত ৰাজহুৱা সভা

ৰঙিলী বাৰ্ত্তাসেৱা- ২ জুলাই২০২৩ তাৰিখে দ্বাৰকানগৰ উন্নয়ন সমিতিৰ উদ্যোগত আৰু গুৱাহাটীৰ পানী যোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চৰ সহযোগত বেলিৰাম দাস আদৰ্শ প্ৰাথমিক বিদ্যালয়ত এখনি ৰাজহুৱা সভা বিয়লি ৬.০০ বজাত অনুস্থিত হয়। সভাত সভাপতিত্ব কৰে দ্বাৰকানগৰ উন্নয়ন সমিতিৰ সভাপতি শ্ৰী প্ৰফুল্ল শৰ্মা দেৱে। সম্পাদক সুভাস দত্তই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত দ্বাৰকানগৰবাসীৰ লগতে সংলগ্ন অঞ্চল সুৰজ নগৰ, আনন্দ নগৰ, নতুন চচল আদিৰ উন্নয়ন সমিতিৰ বিষয় ববীয়া আৰু সেই অঞ্চলৰ ৰাইজেও অংশ গ্ৰহণ কৰে।

গুৱাহাটীৰ পানী যোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চৰ মুখ্য আহ্বায়ক শ্ৰী দীপক গোস্বামী আৰু আহ্বায়ক মণ্ডলীৰ সদস্য নজিবউদ্দিন আহমেদে দ্বাৰকানগৰ, মথুৰানগৰ, আনন্দ নগৰ, সুৰজ নগৰ, চচল আদি ঠাই দক্ষিণ মধ্য গুৱাহাটী পানী যোগান আচনিৰ অন্তৰ্ভূক্ত অঞ্চলত পৰে বুলি প্ৰকাশ কৰে।

শ্ৰী গোস্বামীয়ে ভাষণ প্ৰসঙ্গত কয় যে গুৱাহাটীৰ জনসাধাৰণক ব্ৰহ্মপুত্ৰ নদীৰে ১০ ছেকেণ্ডত বৈ যোৱা পানীৰেই দৈনিক প্ৰয়োজনীয়তা পুৰাব পাৰে। গতিকে পানী যোগানৰ বাবে উৎস আৰু অৰ্থৰ অভাৱত নাগৰিকসকল খোৱা পানীৰ পৰা বঞ্চিত হোৱা নাই। বৰং প্ৰশাসনীয় অদক্ষতাৰ বাবেহে ২০০৯ চনৰ পৰা আৰম্ভ হোৱা প্ৰকল্প ২০২৩ চনলৈও সম্পূৰ্ণ কৰিব  নোৱাৰাৰ বাবে স্মাৰ্ট মহানগৰবাসীৰ এই অৱস্থা। ঐক্যমঞ্চৰ অন্যতম আহ্বায়ক তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱসৰী অতিৰিক্ত মুখ্য অভিযন্তা নজিবউদ্দিন আহমেদে প্ৰকল্পৰ বিতং তথ্য উল্লেখ কৰি জনায় যে দক্ষিণ মধ্য গুৱাহাটী প্ৰকল্প জাইকাৰ অৰ্থ সাহায্যৰে এতিয়ালৈকে কাম চলি আছে আৰু সকলো থিকে থাকিলে সম্পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বহু ঠাইত নলা নিৰ্মাণৰ সময়ত পাইপবোৰ নষ্ট হোৱা আৰু উঠাই  পেলোৱা বিষয়টোত ৰাইজে প্ৰকল্প বিষয়াৰ দৃষ্টি আৰ্কষণ আৰু শীঘ্ৰে পুনৰ নিৰ্মাণৰ দাবী জনাবলৈ আহ্বান জনায়।

সভাত আনন্দনগৰ, সুৰজ নগৰ, নতুন চচল উন্নয়ন সমিতিৰ বিষয়ববীয়ায়ো বক্তব্য ৰাখে। বাপধন ভড়ালীয়ে প্ৰস্তাৱ উত্থাপন কৰে যে পাইপেৰে পানী যোাগন মধৰা পৰ্যন্ত সকলো অঞ্চলতে জনসাধাৰণৰ প্ৰয়োজনীয় পানী টেঙ্কাৰেৰে বিনামূলীয়াকৈ যোগানৰ ব্যৱস্থা কৰা হওক।

সভাই সৰ্বসন্মতি ক্ৰমে দুটা প্ৰস্তাৱ গ্ৰহণ কৰে।

১) দ্বাৰকানগৰ, মথুৰানগৰ, নতুন চচল, এপৰ চচল, আনন্দনগৰ, সুৰুজ নগৰ উন্নয়ন সমিতিৰ এসপ্তাহৰ ভিতৰত এখন সভা আহ্বান কৰি পানী যোগানৰ দাবীত যৌথমঞ্চ গঠন আৰু এই মঞ্চৰ সজাতি দলে কতৃপক্ষৰ ওচৰত তথ্যসহ স্মাৰক পত্ৰ প্ৰদান কৰা যাওক।

২) প্ৰকল্প সম্পূৰ্ণ নোহোৱা পৰ্যন্ত জনসাধাৰণক টেঙ্কাৰেৰে বিনামূলীয়াকৈ প্ৰয়োজনীয় পানী যোগান ধৰা হওক।

সভাৰ আৰম্ভণিতে নাগৰিক ঐক্য মঞ্চৰ বিষয়ববীয়া সকলক ফুলাম গামোছাৰে আদৰণি জনায় উন্নয়ন সমিতিৰ যুটীয়া সম্পাদক কুলেশ শৰ্মাই।