আক্ৰোহী কুৱঁলী-চিমি চৌধুৰী

pc-pxabay

আক্ৰোহী কুৱঁলী❄

আজি কুৱঁলীবোৰে ইমানকৈ কিয় আমনি কৰিছে?
আজি কিয় কুৱঁলীবোৰে বাট ভেটি ধৰিছে,
কিয় মই মনিবকে পৰা নাই একোকে,
আজি কিয় মোক ইমানেকৈ পৰিহাস কৰিছে?
কোনোবা অহা যেনও পাইছো,
ধৰিবহে পৰা নাই কুৱঁলীবোৰৰ কাৰণে ;
কোনোবাই মাত লগোৱা যেনও পাইছো ;
কিন্তু ইহঁতে সেই মাতকো মোৰ কাষ চাপিব নিদিলে ।
কুৱঁলীবোৰচোন আজি বহুত স্বাৰ্থপৰ হৈ পৰিছে,
নিজৰ ঠাইতে চোন ঠেহ পাতি বহিছে ।
বাট এৰি দিবলৈও যেন আক্ৰোহ কৰিছে,
যেন মোক ইহঁতৰ মাজতেই হেঁচুক মাৰি ধৰিছে ।
আকোঁৰগোজ কুৱঁলীবোৰ এতিয়া মোৰ মনত
                                কেৱল উত্ত্যক্ত হৈ ৰৈছে,
ইহঁতৰ উপস্থিতিয়ে যেন মোক উদ্বিগ্ন কৰি তুলিছে ;
চকুৰ আগতেই যেন ঊষাক আঁউসী কৰি গৈছে,
চিৰ জীৱনৰ বাবে মোক যেন
                   বিকলাঙ্গ সাজি থৈ গৈছে ।।
–চিমি চৌধুৰী