200 +2000 = সততা
ধ্ৰুৱজ্যোতি চৌধুৰী
গৰমত উত্ৰাৱল গুৱাহাটী এতিয়া শান্ত৷ বহুদিনৰ অন্তত যেন দেহ-মন শাঁত পেলোৱা এজাক বৰষুণ৷ হাতত কফি কাপ লৈ ভাললগা বৰষুণজাকৰ মাদকতা ল’বলৈ ৰাতিপুৱা ঠিক চাৰেতিনিমান বজাতেই মই পদূলিমুখলৈ ওলাই আহিলোঁ৷ গুৱাহাটী তেতিয়াও গভীৰ নিদ্ৰাত মগ্ন, যেন এটিযুগৰ মুৰতহে অলপ গৰমৰ প্ৰকোপৰ পৰা ৰক্ষা পাইছেগৈ৷ ছাটিটো মেলি হাতৰ কফি কাপত দুটামান মনোমতন শোহা মাৰি ছাটিটোলৈ এখোজদুখোজকৈ মই ওলাই আহিলোঁ ষ্ট্ৰীটলাইটৰ পোহৰত বৰষুণজাকৰ মাজত ৰোমাঞ্চ বিচাৰি৷
সূৰ্য্যদেৱতা মেঘৰ আঁৰত যদিও ভাৰতৰ পূৰ্বদিশত এয়া চিলি-মিলি ৰাতিপুৱা একফাৰ্লং মান বৰষুণৰ মাদকতা উপভোগ কৰি হঠাতে থমকিৰলো মই৷ মোৰ পৰা প্ৰায় চাৰি হাত মান আতৰত বৰষুণৰ পৰা ৰক্ষা পাবলৈ আধাফতা আজোককাৰ দিনৰে কাঠাসদৃশ ভিজা কাপোৰেৰে নিজক ৰক্ষাৰ বৃথা চেষ্টাত প্ৰকৃতিৰ হাতত হাৰমানি কঁপি কঁপি ঠিকহৈ থকা এটি দহ-বাৰ বছৰীয়া শিশু৷
হঠাতে যেন প্ৰিয় বৰষুণজাকৰ প্ৰতি এটি ঘৃণাভাৱে আৱৰি ধৰিলে মোৰ হৃদয়৷ টিপ-টিপ বৰষুণৰ টোপালে ৰোমন্থন কৰা মোৰ মনটো যেন লেতেৰা হ’ল বোকাত পৰি লংপেণ্ট – লেতেৰা কৰা পেকৰ চেকুৰাবোৰৰ নিচিনা৷ গোটেই নিশা টোপনিৰ জালাত ফুলি উঠা ভাৰ চকুজুৰী, পেটৰ ভোকত পেটে-পিঠি লগ লগা তাৰ ভোকাতুৰ দেহ৷ সো হাতত এখন লেতেৰা বগা ৰূমাল আৰু বাঁও-হাতত ডেন্দ্ৰাইদৰ শেষ হবলৈ ধৰা পেকেটটো৷ মোৰপিনে চাইৰোৱা খঙ আৰু ঘৃণাত জৰ্জড়িত তাৰ কুৰূপ চাৱনিত কিছু ভৃতিগ্ৰষ্ঠ হৈয়ো তাৰ প্ৰতি পুতৌ ওপজা মনটোৰ কথাক হয়ভৰ দি মই তাৰ পিনে আগুৱাই গলোঁ৷
মইঃ অই, কি কৰিছ এই ৰাতিপুৱাই বৰষুণত তিতি?
সিঃ কিউ চাহিয়ে তুজে, তেৰা বাপ ক্যা ৰাষ্টা হ্যে? [মেকুৰীয়ে নেজডাঙী বাঘৰ মাহিয়েকৰ পৰিচয় দিয়াত যেন সি সঁচাকৈয়ে পাকৈত]
মই মুখত এটা মিচিকিয়া হাঁহিলৈ মোৰ সৰু ফল্ডিং ছাটিটোৰে তাক ঢাকি ধৰিলোঁ৷ সিয়ো মোৰ চকুৰ পৰা চকু আঁতৰাই শেষহোৱা ডেন্দ্ৰাইদটো এনেই এবাৰ পিটিকি চালে৷
মইঃ ঘৰ আছে নে নাই তোৰ?
সিঃ নাই [ভঙা অসমীয়াতে খুব মৃদু শব্দভ তাৰ সহজ উত্তৰ]
মইঃ তেতিয়াহলে ৰাতি ক’ত থাক আৰু খাওঁ কৰ পৰা?
সিঃ ফুটফাটবোৰ হ্যে তো, কহিপৰ ভি পৰি থাকো ঔৰ য’ত যি মিলতা হ্যে খাটা হু, কভি কভি চোৰী কৰো৷ [তাৰ নিৰ্ভীক প্ৰত্যুত্তৰ]
মইঃ বল মোৰ লগত, বৰষুণজাক শেষহোৱালৈ অলপ জিৰণিও লব পাৰিবি আৰু খাবলৈও পাবি৷
সিঃ খানে-পিনে ক্যা চিন্তা নাই বাবু, মোৰ এইটোহে শেষ হ’ল এটা কিনি দেগাটো জাউঙ্গা৷ [তাৰ হাতত থকা ডেন্দ্ৰাইদৰ খালি হোৱা পেকেটো দেখাই একে উশাহতে কৈ উঠিল]
মইঃ ঠিক আছে, তোক টকা দিম, যি কিন কিনিব পাৰিবি
তেতিয়ালৈ বৰষুণজাক অলপ কমিব ধৰিলে৷ পথৰ দাঁতিত মুৰগুজি সোমাই থকা দুই এটা ফাপৰেখোৱা কুকুৰো জুপজুপিয়াহৈ নিজৰ ভেকেতা গন্ধৰ নোমহীন গাটো কামোৰাত ব্যস্ত হৈছে৷ দুই-এটা সৰু শিশোৱেও মোৰ ঘৰৰ ওচৰৰে মিউনিচিপালটিৰ জাৱৰৰ দমটোৰ মাজতে পাষ্টিকবটল আৰু খোৱা খাদ্যৰ সন্ধানত নামিছে৷
ঘৰ পাই দৌৰা-দৌৰিকৈ নিজৰ আধাভিজা ৰঙা চাৰ্টটো বাৰাণ্ডাতে খুলি থৈ ভাক বাহিৰতে থকা তিনিটাখুৰাৰ ভঙা বেঞ্চ¸খনলৈ আঙুলিয়াই মই ৰুমত সোমালোহি৷ বৰষুণত তিতি অলপ ঠাণ্ডাৰ অনুভৱত ৰাতি খাই ৰৈ যোৱা ভদকাপেককে দুই-ঘোটত গিলি ফ্ৰিজৰ পৰা ৰাতিৰ মাংসবাতি আৰু শ্লাইজৰ পেকেটটো লৈ ওলাই আহিলোঁ৷
সি তেতিয়ালৈ তাতেই বহি আছিল৷ এখন গামোচা দি তাক নিজৰ গাটো ভালকৈ মচি সেইখিনি খাৱলৈ কৈ মই নিজৰ ৰুমলৈ আহি মোৰ পুৰণি কাপোৰৰ দমটো খুচৰাত লাগিলোঁ৷ বহুকেইটা চাৰ্ট আৰু দুই-তিনিটা লংপেণ্ট তাৰ বাবে উলিয়াই উলিয়াই মতিয়া ৰঙৰ এটি চাৰ্টত ৰৈ গ’ল মোৰ চকুজুৰি৷
চাৰ্টটো মোৰ খুবেই প্ৰিয়, দেউতাই দিয়া শেষ উপহাৰ সেইটো৷ তেতিয়া মই হায়াৰচেকেণ্ডাৰী চেকেণ্ড ইয়েৰৰ ছাত্ৰ৷ তিনিজনীয়া পৰিয়ালৰ দুখীয়া মধ্যবিত্ত পৰিয়ালটোৰ মুৰব্বী মোৰ দেউতা তেতিয়া খুব অসুখীয়া৷ হাৰ্টৰ বেমাৰত ভুগী মৃত্যুক্ষণলৈ বাতচাই ৰোৱা দেউতাৰ শেষ উপহাৰ সেই চাটটো…..৷
মোৰ প্ৰিয় চাৰ্টটো বাদ দি দুটিমান কাপোৰ লৈ তাৰ কাষ পালোঁ৷ ভোকত আতুৰ পৰাটোৱে তেতিয়ালৈ খাবলৈ দিয়া সকলো যিনি শেষ কৰি মোৰ বাবেই বাটচাই আছিল৷ তাৰ হাতত কাপোৰৰ টোপোলাটো দি কথা অনুসৰি পকেটৰ পৰা নতুন দুশটকীয়া এখন উলিয়াই ভাৰ পিনে আগবঢ়ালো৷ সি অলপ অপ্ৰস্তুতহৈ টকাটো লবলৈ মানা কৰি মুৰটো জোকাৰিলে৷
মইঃ তইচোন টকা দিলেহে আহিম বুলিছিলি মোৰ লগত?
সিঃ নহি চাহাব, অব নালাগে৷
মইজোৰকৈ তাক চাৰ্টৰ পকেটত টকাটো ভৰাই দি চকুৰে তাক যাবলৈ অনুমতি দিলোঁ৷ সি তলমূৰ কৰি কাপোৰৰ টোপোলাটো বুকত সাবটি পদূলিমুখলৈ আগবাঢ়িল৷ ময়ো সি খাই থৈ যোৱা বাচনবোৰ সামৰি ৰুমৰ মুৱা হোৱাত পিছপিনৰ পৰা এটা মাত ভাহি আহিল৷
সিঃ চাহাব, ইয়ে লো
মই তাৰ হাতলৈ চাই পঠিয়ালো, এখন দুহেজাৰ টকীয়া নোট৷ হাতৰ মোহৰত গান্ধীৰ মুখ থেকেটোৱা ফটোখন যেন বিষত কান্দোনৰ উপক্ৰমত৷ সি নোটখন মোৰ হাতত গুজি দি মৃদুসুৰত কৈ উঠিল-
সিঃ তেৰা লাল চাৰ্টকে জেপ চে গিৰা থা, মই তেতিয়া উঠা লিয়া থা৷
কথাষাৰকৈ মোৰ ওচৰত এপৰো নৰৈ সি মাথোঁ দৌৰিলে পদূলিমুখৰ পিনে৷ মই ঘটনাটো আচলতে কি ঘটিল উকিয়াই চাই চাই তাতেই বেঙাটোৰ নিচিনা ৰৈ গ’লো….৷