ৱেষ্ট বেংকতো তীব্ৰ আক্ৰমণ ইজৰাইলী সেনাৰ

ৱেষ্ট বেংকতো তীব্ৰ আক্ৰমণ ইজৰাইলী সেনাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে গাজাত আকাশমাৰ্গেৰে তীব্র আক্রমণ চলাই থকা ইজৰাইলী সেনাই ৱেষ্ট বেংকটো আৰম্ভ কৰিছে আক্ৰমণ।  ইজৰাইলী সেনাৰ আক্ৰমণত গাজাত সাত শতাধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে বেষ্ট বেংকত নিহতৰ সংখ্যা শতাধিক হৈছে। আকাশমাৰ্গেৰে গাজাক ধ্বংসস্তূপত পৰিণত কৰা ইজৰাইলী সেনাই গাজা সীমান্তত শ শ টেংকেৰে বাহৰ পাতি স্থলভাগেৰে হামাছ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশৰ অপেক্ষাত আছে। আকাশমাৰ্গেৰে গাজা আৰু বেষ্ট বেংকত হামাছ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আক্রমণ চলাই থকা ইজৰাইলী সেনাই ছিৰিয়াতো আক্রমণ চলাই আছে। ছিৰিয়াৰ ইছলামিক জেহাদীৰ ঘাটিক লক্ষ্য কৰি লৈ ইজৰাইলী সেনাই চলোৱা আক্ৰমণত ৮ ছিৰিয়াৰ সেনা নিহত হৈছে। গাজাৰ পৰিস্থিতি অতি বিষম হৈ পৰাত বিশ্বৰ দেশসমুহে গাজালৈ মানৱীয় সাহায্য প্ৰেৰণৰ বাবে ইজৰাইলৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে যদিও ইজৰাইলে ইজিপ্ত সীমান্ত বাফা সীমান্তৰে কিছুসংখ্যক মানবীয় সাহায্য সামগ্রী কঢ়িওৱা ট্রাক সোমাবলৈ অনুমতি দিছে যদিও বাকী দেশসমূহৰ সাহায্য সামগ্ৰী সোমোৱাত এতিয়াও অনুমতি দিয়া নাই। ইপিনে, হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে ইজৰাইলী সেনাৰ তীব্ৰ আক্ৰমণে সন্ত্রাসবাদী সংগঠনৰ ঘাটিসমূহ বিধ্বস্ত কৰি আছে। খান ইউনিছস্থিত হামাছ সন্ত্ৰাসবাদীৰ মুখ্য কাৰ্যালয় আৰু ভূগৰ্ভৰ ‘সুৰংগ আকাশমার্গেৰে আক্ৰমণ চলাই বিধ্বস্ত কৰি পেলাইছে। খান ইউনিছৰ হামাছ কমাণ্ডাৰ এজন ইজৰাইলী সেনাৰ আক্ৰমণত নিহত হৈছে। গাজাত হামাছ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আক্রমণ চলাই ইজৰাইলী সেনাই নৰসংহাৰ কৰি থকা সময়তে হামাছ সন্ত্ৰাসবাদীৰ পক্ষত থিয় দিছে লেবাননৰ সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাই। ইজৰাইলী সেনাক প্ৰতিহত কৰাৰ ৰণনীতি প্ৰস্তুত কৰাৰ লক্ষ্যৰে ইৰান সমর্থিত লেবাননৰ হিজবুল্লাহৰ নেতাই হামাছ আৰু পেলেষ্টাইনৰ ইছলামিক জেহাদীৰ নেতাক সাক্ষাৎ কৰিছে। বেইৰুটত হিজবুল্লাহৰ নেতা চৈয়দ। হাছান নাছাৰাপ্লাই হামাছৰ উপ-মুৰব্বী ছালেহ অল আবৌৰি আৰু পেলেষ্টাইন ইছলামিক জেহাদীৰ নেতা জিয়াদ অল নাখলেহৰ সৈতে আলোচনাত মিলিত হৈছে। এই তিনি নেতাই ইজৰাইল চৰকাৰৰ গাজাক আক্রমণক লৈ বিতং আলোচনা কৰাৰ লগতে কিদৰে ইজৰাইলী সেনাৰ আক্ৰমণৰ সৈতে মোকাবিলা কৰিব পাৰিব তাক লৈও আলোচনা কৰিছে। মন কৰিবলগীয়া যে ইৰানে প্রত্যক্ষভাৱে ইজৰাইলক হামাছৰ বিৰুদ্ধে আক্ৰমণত গৰিহণা দিছে, আনকি গাজাত ইজৰাইলী সেনাই আক্রমণ বন্ধ নকৰিলে ভয়াবহ পৰিণাম ভুগিব লাগিব বুলিও সকীয়নি দি আছে। ইৰানৰ এই সকীয়নিৰ সময়তে ইৰান সমর্থিত সন্ত্রাসবাদী সংগঠন হিজবুল্লাহে হামাছ আৰু পেলেষ্টাইনৰ ইছলামিক জেহাদী সংগঠনৰ নেতাৰ সৈতে মিলিত হোৱা বিষয়টোৱে তাৎপর্য বহন। কৰিছে। গুৰুত্বপূৰ্ণ যে গাজাত ইজৰাইলী সেনাৰ তীব্ৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত হামাছ সন্ত্রাসবাদীয়ে পণবন্দী কৰি ৰখা আমেৰিকা-ইজৰাইলৰ কেইবাজনকো ইতিমধ্যে মুকলি কৰি দিছে। ইজৰাইলী সেনাই গাজাত আক্রমণ বন্ধ কৰিলে বাকী পণবন্দীসকলকো মুকলি কৰি দিম বুলি ঘোষণা কৰিছে। ইয়াৰ বিপৰীতে ইজৰাইলী সেনাই হামাছক সম্পূর্ণরূপে বিনাশ নকৰালৈকে আক্রমণ চলাই যাব বুলি হুংকাৰ দিছে।