ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্রথম টেষ্টত সহজ জয় ভাৰতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- তিনি দিনতেই আত্মসমর্পণ কেৰিবিয়ান বাহিনীৰ। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন টেষ্টত ঘৰুৱা দল টীম ইণ্ডিয়াৰ হাতত পৰাজয় বৰণ কৰিলে ৱেষ্ট ইণ্ডিজে । প্ৰথম টেষ্টখনত ১৪০ ৰানত পৰাস্ত হ’ল কেৰিবিয়ান বাহিনী। এয়া হৈছে টেষ্ট ক্রিকেটত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ তৃতীয় সৰ্ববৃহৎ জয়। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ সৰ্ববৃহৎ জয় হৈছে এক ইনিংছ আৰু ২৭২ ৰান। আহমেদাবাদ টেষ্টত বিজয় সাব্যস্ত কৰি ভাৰতীয় দলটোৱে দুখনীয়া টেষ্ট মেচৰ শৃংখলাটোত ১-০ৰ অগ্রগতি লাভ কৰিছে। কেৰিবিয়ান বাহিনীৰ প্রথম ইনিংছৰ ১৬২ ৰানৰ প্ৰত্যুত্তৰত কে এল ৰাহুলৰ ১০০, ধ্ৰুৱ জুৰেলৰ ১২৫ আৰু ৰবীন্দ্ৰ জাদেজাৰ অপৰাজিত ১০৪ তথা অধিনায়ক শুভমন গিলৰ ৫০ ৰানৰ সহায়ত ভাৰতে দ্বিতীয় দিনা ৫ উইকেটত কৰা ৪৪৮ ৰানত প্রথম ইনিংছ ঘোষণা কৰে আৰু ২৮৬ ৰানৰ গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰে। কেৰিবিয়ান বাহিনীয়ে দ্বিতীয় ইনিংছ মুকলি কৰিবলৈ আহি মহম্মদ চিৰাজ আৰু ৰবীন্দ্ৰ জাদেজাৰ বিধ্বংসী বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ মাত্র ১৪৬ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। চিৰাজ আৰু জাদেজাৰ দুৰ্দান্ত বলিঙৰ সন্মুখত কেৰিবিয়ান বাহিনীৰ কোনো এজন বেটাৰে ক্ৰিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে। এলিক আথানেজে সৰ্বাধিক ৩৮ ৰানৰ অৰিহণা আগবঢ়ায়। দলীয় স্ক’ৰ ১২ ৰানত টেগনাৰিন চন্দৰপলৰ ৰূপত আলহী দলটোৱে প্ৰথমটো উইকেট হেৰুৱায় আৰু ইয়াৰ পিছতে বিপৰ্যয়ৰ সম্মুখীন হয়। চন্দৰপলে ৮ ৰান কৰি বিদায় লোৱাৰ বিপৰীতে আনগৰাকী অ’পেনাৰ জন কেম্পবেলে ১৪ ৰানত পেভিলিয়নমুখী হয়। জাষ্টিন গ্রেভেছে ২৫, জয়ডেন ছিলছে ২২, জ’হান লেনেই ১৪ আৰু খেৰি পিয়েৰে অপৰাজিতভাৱে ১৩ ৰান কৰে। দলটোৰ পাঁচগৰাকী বেটাৰে দহকৰ ঘৰ স্পৰ্শ কৰাত ব্যর্থ হয়। ভাৰতীয় দলটোৰ হৈ ৰবীন্দ্ৰ জাদেজাই চাৰিটা, মহম্মদ চিৰাজে তিনিটা, কুলদীপ যাদৱে দুটা আৰু ৱাশ্বিংটন সুন্দৰে এটা উইকেট লাভ কৰে। টেষ্টখনত চিৰাজে মুঠ সাতটা উইকেট লাভ কৰে। ইফালে, প্রথম ইনিংছত অপৰাজিত শতকীয় ইনিংছ আৰু দ্বিতীয় ইনিংছত চাৰিটা উইকেট লাভ কৰা ৰবীন্দ্র জাদেজাই টেষ্টখনত শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্ট ১০ অক্টোবৰৰ পৰা নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।
