ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলিব লগা টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা। শুভমন গিলৰ অধিনায়কত্বত থকা দলটোত ৰবীন্দ্ৰ জাডেজাক উপ-অধিনায়ক হিচাপে স্থান দিয়া হৈছে। ঋষভ পন্ট এতিয়াও সম্পূর্ণভাৱে সুস্থ হোৱা নাই, তেওঁৰ অনুপস্থিতিত ধ্ৰুৱ জুৰেলৰ সৈতে এন জগদীশ্বন দ্বিতীয় উইকেটকীপাৰ হিচাপে আছে। ভাৰতীয় দলটোৱে বর্তমান এছিয়া কাপ ২০২৫ খেলি আছে। এই টুর্ণামেন্টখনৰ ফাইনেল ২৮ ছেপ্টেম্বৰত ডুবাইত অনুষ্ঠিত হ’ব। তাৰ পাছত খেলুৱৈসকল ভাৰতলৈ ঘূৰি আহিব, আৰু ২ অক্টোবৰৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিপক্ষে টেষ্ট ছিৰিজ আৰম্ভ হ’ব। বেষ্ট ইণ্ডিজৰ বিপক্ষে টেষ্ট চিৰিজৰ বাবে ঘোষিত ভাৰতীয় দলটো হ’ল শুভমন গিল (অধিনায়ক), যশস্বী জয়ছোৱাল, কে এল ৰাহুল, সাই সুদর্শন, দেৱদত্ত পাড়িকেল, ধ্রুৱ জুৰেল (উইকেটকীপাৰ), ৰবীন্দ্ৰ জাডেজা (উপ-অধিনায়ক), ৱাশ্বিংটন সুন্দৰ, যশপ্রীত বুমৰাহ, অক্ষৰ পেটেল, নীতিশ কুমাৰ ৰেড্ডী, এন জগদীশ্বন (উইকেটকীপাৰ), মহম্মদ চিৰাজ, প্রসিদ্ধ কৃষ্ণা,কুলদীপ যাদৱ। ২ অক্টোবৰৰ পৰা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দুখন খেলৰ টেষ্ট শৃংখলা আৰম্ভ হ’ব। প্ৰথমখন খেল আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। আনহাতে দ্বিতীয়খন মেচ ১০ অক্টোবৰত দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।