ৱেষ্ট ইণ্ডিজক ৫উইকেটত পৰাস্ত কৰি ছেমিফাইনেলত ভাৰত

Pc NDTV Sports

ৱেষ্ট ইণ্ডিজক ৫উইকেটত পৰাস্ত কৰি ছেমিফাইনেলত ভাৰত

ৰঙিলী বাৰ্ত্তাসেৱা-  টি-২০ বিশ্বকাপৰ অন্যতম গুৰুত্বপূৰ্ণ ছুপাৰ ৮ ৰ খেলত দেওবাৰে ভাৰতে ৱেষ্ট ইণ্ডিজক ৫ উইকেটত পৰাস্ত কৰে । এই জয়ৰ লগে লগে ভাৰতে টি-২০ বিশ্বকাপৰ ইতিহাসত ষষ্ঠবাৰৰ বাবে ছেমি ফাইনেলৰ পথ প্ৰশস্ত কৰিবলৈ সক্ষম হয় ৷ অ’পেনাৰ সঞ্জু ছেমছনৰ অনবদ্য বেটিং প্ৰদৰ্শনৰ সহায়ত টীম ইণ্ডিয়াই চলিত টি-২০ বিশ্বকাপৰ ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিছে। বৃহস্পতিবাৰে মুম্বাইৰ বাংখেড়ে ষ্টেডিয়ামত হ’বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত ভাৰতে ইংলেণ্ডৰ মুখামুখি হ’ব। মেচখনত ভাৰতীয় দলটোৰ জয়ৰ নায়ক হ’ল সঞ্জু ছেমছন। ৱেষ্ট ইণ্ডিজে জয়ৰ বাবে বান্ধি দিয়া ১৯৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি সঞ্জুৰ দুর্দান্ত অপৰাজিত ৯৭ ৰানৰ সহায়ত ভাৰতে ১৯.২ অভাৰত ৫টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। ভাৰতৰ বাবে ইনিংছৰ আৰম্ভণি সুখকৰ নাছিল যদিও সঞ্জুৱে ধীৰে-সুস্থিৰে খেলি দলৰ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰে। সঞ্জুৰ ৯৭ ৰানৰৰ ইনিংছটোত আছিল ১২টা চাৰি আৰু ৪টা ছয়। ইফালে, অভিষেক শর্মাই ১০, ঈশান কিশনে ১০, অধিনায়ক সূর্যকুমাৰে ১৮, তিলক বার্মাই ২৭, হার্দিক পাণ্ডিয়াই ১৭ আৰু শিৱম ডুবেই অপৰাজিতভাৱে ৮ ৰান কৰে। ৱেষ্ট ইণ্ডিজৰ হৈ জেছন হল্ডাৰ আৰু ছামাৰ জোছেফ উভয়ে সর্বাধিক দুটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূর্বে প্রথমে বেটিং কৰি অ’পেনাৰ ৰ’ষ্টন চেজৰ সৰ্বাধিক ৪০, জেছন হ’ল্ডাৰৰ অপৰাজিত ৩৭ আৰু ৰ’ভমান পাৱেলৰ অপৰাজিত ৩৪ ৰানৰ সহায়ত ৱেষ্ট ইণ্ডিজে নির্ধাৰিত ২০ অভাৰত চাৰিটা উইকেট হেৰুৱাই ১৯৫ ৰান সংগ্ৰহ কৰে। অধিনায়ক ছাই হ’প আৰু ৰ’ষ্টন চেজে প্রথম উইকেটত ৬৮ ৰান সংগ্ৰহ কৰি প্রত্যয়জনক আৰম্ভণি দিয়ে। ছাই হ’পৰ ৰূপত ৱেষ্ট ইণ্ডিজে প্রথমটো উইকেট হেৰুৱায়। অধিনায়কগৰাকীয়ে ৩২ ৰানৰ অৱদান আগবঢ়ায়। ইপিনে, চেজে ছিমৰন হেটমায়াৰৰ সৈতে লগ লাগি দ্বিতীয় উইকেটত ৩৪ ৰান সংগ্ৰহ কৰাৰ সময়তে হেটমায়াৰে ব্যক্তিগত ২৭ৰানত বিদায় লয়। দলীয় স্ক’ৰ ১১৯ ৰানত চাৰিটাকৈ উইকেট হেৰুৱাই দলটোৱে বিপদত পৰিছিল। চেজে ২৫টা বলত ৪০ আৰু ৰাডাৰফ’ৰ্ডে ১৪ ৰান কৰি বিদায় লয়। অৱশ্যে পাৱেল আৰু হল্ডাৰে পঞ্চম উইকেটত অপৰাজিতভাৱে ৭৬ ৰান সংগ্ৰহ কৰি দলটোক সম্মানজনক স্থিতিত উপনীত কৰায়। পাৱেলে ১৯টা বলত ৩৪ আৰু হল্ডাৰে ২২টা বলত ৩৭ ৰান কৰে। ভাৰতৰ হৈ যশপ্রীত বুমৰাহে সর্বাধিক দুটা উইকেট লাভ কৰে।