ৱেষ্ট ইণ্ডিজক ক্লীন ছুইপ ভাৰতৰ

Pc ESPNcricinfo

ৱেষ্ট ইণ্ডিজক ক্লীন ছুইপ ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা দুখনীয়া টেষ্ট মেচৰ শৃংখলাটো ২-০ৰ ব্যৱধানত হস্তগত কৰিলে ঘৰুৱা দল ভাৰতে। নতুন দিল্লীত অনুষ্ঠিত শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টত শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটোৱে কেৰিবিয়ান বাহিনীক ৭ উইকেটত পৰাস্ত কৰে। টেষ্টখনত আলহী দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ১২১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি পঞ্চম তথা অন্তিম দিনা ভাৰতীয় দলটোৱে তিনিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। চতুর্থ দিনা ১ উইকেটত কৰা ৬৩ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি ঘৰুৱা দলটোৱে পঞ্চম তথা অন্তিম দিনা ভোজন বিৰতিৰ পূৰ্বে দুটা উইকেট হেৰুৱাই প্ৰয়োজনীয় ৰানখিনি সংগ্ৰহ কৰে। আগদিনা ২৫ ৰানত অপৰাজিত হৈ থকা লোকেশ ৰাহুলে ৫৮ ৰান কৰি নটআউট হৈ থাকে। ইপিনে আগদিনা ৩০ ৰানত বেটিং কৰি থকা সাই সুদর্শনে ৩৯ ৰানত পেভিলিয়নমুখী হয়। ইপিনে অধিনায়ক গিলে মাত্র ১৩ ৰান কৰি বিদায় লয়। ধ্রুব জুৰেলে ৬ ৰান কৰি নটআউট হৈ থাকে। ৱেষ্ট ইণ্ডিজৰ হৈ ৰ’ষ্টন চেজে সর্বাধিক দুটা উইকেট লাভ কৰে। এই জয় ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলৰ বাবে হৈ পৰিছে এক বিশেষ। কিয়নো অধিনায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত ঘৰৰ মাটিত এয়া প্ৰথমটো টেষ্ট শৃংখলাৰ জয়। ইয়াৰ সমান্তৰালকৈ এই শৃংখলা জয়েৰে ভাৰতীয় দলে মুখ্য প্রশিক্ষক গৌতম গম্ভীৰক জন্মদিনৰ উপহাৰ আগবঢ়ায়।  ইপিনে ২০২২ চনৰ পৰা ২০২৫ চনৰ ভিতৰত বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে একেৰাহে ১০টা টেষ্ট শৃংখলা জয় কৰি যিকোনো দলৰ বিৰুদ্ধে একেৰাহে সর্বাধিক টেষ্ট শৃংখলাৰ জয়ত থকা অভিলেখৰ ক্ষেত্ৰত দক্ষিণ আফ্ৰিকাৰ সৈতে সমতা স্থাপন কৰে টীম ইণ্ডিয়াই। টেষ্টখনত মুঠ ৮টা উইকেট লাভ কৰা টীম ইণ্ডিয়াৰ তাৰকা স্পীনাৰ কুলদীপ যাদৱে শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰাৰ বিপৰীতে শৃংখলাটোত মুঠ ১০৪ ৰান আৰু ৮টা উইকেট দখল কৰা টীম ইণ্ডিয়াৰে তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজাই শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়।