ৱাক্ফ আইনৰ বিৰোধিতাৰ নামত মুৰ্ছিদাবাদত হিন্দুক আক্ৰমণৰ প্ৰতিবাদ বিশ্ব হিন্দু পৰিষদৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্ব হিন্দু পৰিষদে পশ্চিমবংগৰ মুৰ্ছিদাবাদত বাক্ফ আইনৰ বিৰোধিতাৰে সনাতন হিন্দুসকলৰ ওপৰত চলা অত্যাচাৰক লৈ উদ্বেগ প্রকাশ কৰিছে। সমগ্র দেশৰ লগতে অসমতো প্রতিখন জিলাত এই উৎপীড়নৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰি সংগঠনটোৱে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছে। গুৱাহাটী মহানগৰীৰ চচল ধৰ্ণাস্থলীত বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূব প্রান্তই পশ্চিমবংগৰ মুৰ্ছিদাবাদত হিন্দুসকলৰ বিৰুদ্ধে হোৱা অত্যাচাৰৰ বাবে তীব্ৰ প্রতিবাদ সাব্যস্ত কৰে। তাৰ পিছতে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত সংগঠনটোৱে উত্তৰ-পূব প্ৰান্তৰ সম্পাদক ব্ৰজজ্যোতি শর্মাই কয় যে বাক্ফ আইনৰ বিৰোধিতাৰ নামত মুৰ্ছিদাবাদক হিন্দু শূন্য কৰাটোহে মুখ্য উদ্দেশ্য। মুৰ্ছিদাবাদত এই আইনৰ বিৰোধিতাৰ নামত ২০০ৰো অধিক হিন্দুৰ ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলাই দিয়া হ’ল। কেইবাশ মানুহ এই ঘটনাত ঘুণীয়া হোৱাৰ লগতে তিনিজনকৈ হিন্দু লোকক ঘৰৰ পৰা উলিয়াই আনি হত্যা কৰা হ’ল। শ শ হিন্দু লোকে অত্যাচাৰত টিকিব নোৱাৰি নিজৰ ঘৰ এৰি মুৰ্ছিদাবাদৰ পৰা পলায়ন কৰিছে। এই ভয়ংকৰ সময়ত পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে হিন্দু ভুক্তভোগীসকলক সহায় কৰাৰ সলনি হিংসাৰ বাবে উচটনি দিয়া লোককহে সাক্ষাৎ কৰিছে বুলিও তেওঁ কয় । নিজৰ ভোটবেংক সুৰক্ষিত কৰি ৰাখিবলৈয়ে পশ্চিমবংগৰ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰে হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ কৰা নাই। পশ্চিমবংগ চৰকাৰে গ্ৰহণ কৰা নীৰৱ দৰ্শকৰ ভূমিকাৰ বাবেই আজি ৰাজ্যখনৰ পৰিস্থিতি অত্যন্ত উদ্বেগজনক হৈ পৰিছে। সংবাদ মেলত অংশ লৈ পৰিষদৰ উত্তৰ-পূব প্ৰান্তৰ উপ-সভাপতি ধ্রুব মাহাতোৱে পশ্চিমবংগ চৰকাৰৰ এই ব্যৰ্থতাৰ পিছত ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে। তেওঁৰ মতে পশ্চিমবংগ আৰক্ষীৰ সলনি ৰাজ্যখনৰ আইন-শৃংখলাৰ দায়িত্ব কেন্দ্ৰীয় সুৰক্ষা সংস্থাক গতোৱাৰ ব্যৱস্থা কেন্দ্রই হাতত ল’ব লাগে। মুৰ্ছিদাবাদত সৃষ্টি হোৱা এই হিংসাত্মক পৰিস্থিতি যাতে দেশৰ আন প্ৰান্তলৈ বিয়পিব নোৱাৰে তাৰ প্ৰতিও কঠোৰ ব্যৱস্থা ল’বলৈ কেন্দ্ৰক পৰিষদে দাবী জনাইছে।