ৰ্নিদোষ ধেমালিৰ দিন -১ এপ্ৰিল – নিবেদিতা হাজৰিকা

Pc TCA Compliance

ৰ্নিদোষ ধেমালিৰ দিন -১ এপ্ৰিল

নিবেদিতা হাজৰিকা
  লখিমপুৰ

১ এপ্ৰিল দিনটো বিশ্বজুৰি April Fools Day বা নিৰ্দোষ ধেমালিৰ  দিন হিচাপে পালন কৰা হয়। ১ এপ্ৰিল দিনটো কিয় আৰু কেতিয়াৰ পৰা প্ৰচলিত হৈ আহিছে সেই বিষয়ে বিভিন্ন মতভেদ শুনিবলৈ পোৱা যায়। ১৫৬৪  চনত  ফ্ৰান্সৰ ৰজা  চাৰ্লছ ix এ  নতুন বছৰ  ১জানুৱাৰীলৈ সলনি কৰিছিল। যি সকলে পুৰণি নিয়ম মতে ১ এপ্ৰিলত নতুন বছৰ পালন কৰিছিল তেওঁলোকক উপহাস কৰাৰ পৰাই এই পৰম্পৰাৰ আৰম্ভণি বুলি বহুতে ক’ব খোজো।  আনহাতে বহুতে  ১৯ শতিকাত ভাৰতত পোন প্ৰথম বাৰৰ বাবে ইংৰাজ সকলে এই ‘ এপ্ৰিল ফুল’ দিনটো আৰম্ভ বা পালন কৰিছিল বুলি ক’ব বিচাৰে আৰু ইয়াৰ পিছৰে পৰা ‘এপ্ৰিল ফুল’ দিনটো সমগ্ৰ বিশ্বতে জনপ্ৰিয় আৰু প্ৰচলিত হৈ পৰিল।

এই এপ্ৰিল ফুল  দিনটো যদিও বন্ধ দিন হিচাপে পালন কৰা নহয় কৰ্ম ব্যস্ততাৰ মাজতেই বহুতে এই দিনটোৰ আনন্দ আৰু  সোৱাদ ল’বলৈ সুবিধা বিচাৰি ফুৰে। ইয়াৰ মূল উদ্দেশ্য হ’ল দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত হাঁহি- ধেমালিৰে কিছু সময় অতিবাহিত কৰা।এই দিনটোত সাধাৰণতে অন্য দিনত কৰিব নোৱাৰা ,ক’ব নোৱাৰা কাম বা কথা সমূহ বিনা দ্বিধাই , নিঃসংকোচেৰে কৰিব পাৰে বা ক’ব পাৰে,আনক মুৰ্খ বনাব পাৰে।অন্য দিনত কিন্তু এইবোৰ কৰিবলৈ যোৱা মানেই বিপদ চপাই লোৱাৰ দৰে। দিনটোৰ পুৱা ভাগতে সাধাৰণতে এই ধেমালি বা কৌতুকবোৰ কৰা হয় ,আনক আচম্বিতে খবৰ এটা দি আচৰিত কৰা হয় বা চিন্তাত পেলাই আনন্দ লোৱা হয়।কিন্তু দিনটোৰ শেষৰ সময় খিনিত কৰা এনে ধেমালিয়ে ধেমালি কৰোতা জনকহে হাঁহিয়াতৰ পাত্ৰ কৰি তোলে বা মুৰ্খ সজায়।

এই দিনটোত আমি সততে আমাৰ বন্ধু-বান্ধৱ ,ওচৰ চুবুৰীয়া বা আত্মীয়ৰ লগত নিৰ্দোষ ধেমালি কৰি, মিছা কথা কৈ বা আচৰিত খবৰ দি প্ৰৱঞ্চনা কৰো আৰু পিছত ‘এপ্ৰিল ফুল’ বুলি হাঁহো।এই দিনটোত বহুতে উৰা বাতৰি প্ৰচাৰ কৰি তথা নিৰ্দোষ ধেমালিৰে  ইজনে সিজনক মুৰ্খ বনায় আৰু আনন্দ লাভ কৰে। আজিৰ এই ব্যস্ততাৰে ভৰা জীৱনত মানুহৰ হাঁহিবলৈ বা অৱকাশেই ক’ত? তথাপি হাঁহি ভাল পোৱা সকলে এনে সুবিধা যেনেকৈয়ে হওঁক ল’ব বিচাৰে। সেই বাবেই হয়তো এই দিনটোৰ জনপ্ৰিয়তা ইমান বেছি।আনন্দৰ মাজেৰে জীৱনৰ ক্লান্তি দূৰ কৰিবলৈ হাঁহিৰ খোৰাক যোগোৱা দোষণীয় নহয় বা হ’ব নোৱাৰে। আনন্দ কৰা বা আনন্দ প্ৰদান কৰাৰ অধিকাৰ সকলোৰে আছে। কিন্তু  মানুহৰ লগত কৰা যিবোৰ কৌতুক বা আনন্দ ,সেই কৌতুক  আনন্দই যাতে সীমা অতিক্ৰম নকৰে সেই কথাৰ প্ৰতিও কিন্তু গুৰুত্ব প্ৰদান কৰা উচিত। ক্ৰমান্বয়ে ই এক সাংস্কৃতিক উৎসৱলৈ পৰ্যবসিত  হ’ব ধৰিছে,য’ত হাঁহি -ধেমালিৰ মাজেৰে দিনটো পাৰ হয়।এই দিনটো কেৱল আনক মুৰ্খ সজোৱাই নহয়, বৰঞ্চ বন্ধু-বান্ধৱৰ সৈতে  হাঁহি-ধেমালি কৰি আনন্দ  উপভোগ  কৰাৰ  এক উপলক্ষ্যহে ,সেয়ে এই দিনটোৰ বাবে সকলোৱে আগ্ৰহেৰে ৰৈ থাকে।১ এপ্ৰিল দিনটোৱে  হাঁহি ধেমালিৰ লগতে এক নতুন আৰম্ভণিৰ বাৰ্তা লৈ আহে । হাঁহি ভাল পোৱা,কৌতুক কৰি ভাল পোৱা সকলৰ বাবে এই দিনটোৰ আনন্দ সুকীয়া।