ৰোশন হকলৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ যুৱ শিল্পী জলপানি
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতিভাসম্পন্ন যুৱ শিল্পী ৰোশন হকলৈ মূকাভিনয় ক্ষেত্ৰত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ ২০২২-২০২৩ বৰ্ষৰ যুৱ শিল্পী জলপানি (Young Artistes Scholarship ) আগবঢ়োৱা হৈছে৷
সৰুৰে পৰা পিতৃ যশস্বী মূকাভিনয় শিল্পী গুৰু মইনুল হকৰ তত্ত্বাৱধানত মূকাভিনয়ৰ শিক্ষা গ্ৰহণ কৰা ৰোশনে বিদ্যালয়ত পঢ়ি থকা সময়ৰে পৰা বিভিন্ন মূকাভিনয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ৰাষ্ট্ৰীয় পৰ্যায়তো মূকাভিনয় পৰিবেশন কৰা ৰোশনে বহু ঠাইত মূকাভিনয় প্ৰদৰ্শন কৰি সমাদৰ লাভ কৰিছে৷অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আয়োজন কৰা নাটকতো অভিনয় কৰিবলৈ সুযোগ পোৱা ৰোশন শিশু নাটকৰ এগৰাকী শিশু শিল্পী হিচাপেও সমাদৃত আছিল৷ বিভিন্ন সময়ত বহু মূকাভিনয়ৰ প্ৰতিযোগিতাত যোগদান কৰি পুৰস্কাৰ লাভ কৰা ৰোশন হকে ইয়াৰ পূৰ্বে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা কণিষ্ঠ শাখাত ৰাষ্ট্ৰীয় জলপানি লাভ কৰিছিল৷ ভাৰত চৰকাৰৰ পৰা ৰোশন হকে ২০২১-২২ চনত যুৱ প্ৰতিভা শিল্পী বঁটাৰে সন্মানিত হৈছে। শৈক্ষিক দিশত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এম কম আৰু নতুন দিল্লীৰ এফ. এচ. এম. ৰ পৰা এম বি এ পাঠ্যক্ৰমত উত্তীৰ্ণ হৈছে৷
অসমৰ বহু ঠাইৰ লগতে দিল্লী,ভূৱনেশ্বৰ, কলিকতা আৰু কানাডাতো ৰোশনে আমন্ত্ৰণমূলক মূকাভিনয় প্ৰদৰ্শন কৰিছে৷ নতুন দিল্লীৰ সংগীত নাটক অকাডেমীৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানত মূকাভিনয় পৰিবেশন কৰি সমাদৰ লাভ কৰা ৰোশন হকে মূকাভিনয়ৰ প্ৰশিক্ষণ প্ৰদানতো অংশগ্ৰহণ কৰি আহিছে৷
ৰোশন হক বিশিষ্ট মূকাভিনয় শিল্পী মইনুল হক আৰু নৃত্যগুৰু ড° অঞ্জনাময়ী শইকীয়াৰ পুত্ৰ৷