ৰোমিঅ’ এণ্ড জুলিয়েট” এক অমৰ প্ৰেম কাহিনী নাচিমা য়াচমিন

ৰোমিঅ’ এণ্ড জুলিয়েট” এক অমৰ প্ৰেম কাহিনী

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

“ৰোমিঅ’ এণ্ড জুলিয়েট” হৈছে উইলিয়াম শেক্সপিয়ৰৰ এক অমৰ বিয়োগান্তক প্ৰেমকাহিনী, য’ত এহাল প্ৰেমিক – প্ৰেমিকাৰ কৰুণ মৃত্যুৰ কথা ব্যক্ত কৰা হৈছে।

ইটালীৰ ভেৰোনা নগৰত মন্টেগু আৰু কেপুলেট নামেৰে দুই অভিজাত পৰিয়াল আছিল, যাৰ মাজত বহু বছৰ ধৰি শত্রুতা চলি আহিছিল। এই গভীৰ বিদ্বেষৰ মাজতো ভাগ্যৰ অনিচ্ছিত খেলত পৰি মন্টেগু পৰিয়ালৰ ৰোমিঅ’ আৰু কেপুলেট পৰিয়ালৰ জুলিয়েটৰ মাজত প্ৰেম জন্মে।

এদিন, এটি নাচ-অনুষ্ঠানত দুয়োজনৰ প্ৰথম দেখা হয়, আৰু  দুয়ো প্রেমত পৰে। তাৰ পাছত, ৰাতিপুৱা জুলিয়েটৰ ওচৰত ৰোমিঅ’ আহি প্ৰেমৰ অমৰ উক্তি দিয়ে, যাৰ পৰিণতিত তেওঁলোকে গোপনে বিবাহ কৰাৰ সংকল্প কৰে।

পিছদিনাখন, ফ্ৰায়াৰ লৰেন্স নামৰ এগৰাকী ধৰ্মগুৰুৰ সহায়ত দুয়ো গোপনে বিবাহ বন্ধনত আবদ্ধ হয়। এই আশাত যে এই বিবাহে দুখন পৰিয়ালৰ মাজৰ শত্রুতাৰ অন্ত আনিব। কিন্তু ভাগ্যই অন্য কথা হে লিখি ৰাখিছিল।

এদিন, এক সংঘৰ্ষত ৰোমিঅ’ৰ অন্তৰঙ্গ বন্ধু মৰকিউচিঅ’ জুলিয়েটৰ সম্পৰ্কীয় ভাতৃ টাইবাল্টৰ তৰোৱালৰ আঘাতত মৃত্যুবৰণ কৰে। খঙত উদ্দাম হৈ, ৰোমিঅ’য়ে প্রতিশোধ ল’বলৈ টাইবাল্টক হত্যা কৰে, ফলত ৰজাই তাক নগৰৰ পৰা নিৰ্বাসিত কৰে।

ইফালে, জুলিয়েটৰ পিতৃয়ে তাইৰ ইচ্ছাৰ বিৰুদ্ধে অন্য এজনৰ লগত বিবাহ দিবলৈ সিদ্ধান্ত লয়। হতাশ আৰু নিৰুপায় হৈ, জুলিয়েট ফ্ৰায়াৰ লৰেন্সৰ ওচৰলৈ সহায় বিচাৰি যায়। ফ্ৰায়াৰে তাক  পথ দেখুৱায়—আৰু তাইক এক বিশেষ ঔষধ খাব দিয়ে, যিয়ে তাইক মৃতকৰ দৰে অচেতন কৰি তুলিব।সকলোৱে ভাৱিব যে তাইৰ মৃত্যু ঘটিছে। আৰু সুযোগ বুজি   ৰোমিঅ’ ই আহি তাইক  পলুৱাই নিব।

কিন্তু বিধাতাৰ নিষ্ঠুৰ লীলাত, এই সংবাদ ৰোমিঅ’ৰ ওচৰলৈ গৈ নাপালেগৈ। কিন্তু সি পিছত গম পাই যে  জুলিয়েট আৰু এই পৃথিৱীত নাই । দুখ – বিৰহত বিভোৰ হৈ, সি তাইৰ সমাধিস্থানত আহি   বিষ পান কৰি আত্মহত্যা কৰে।

ঔষধবিধৰ মতে কিছুক্ষণ পিছত, জুলিয়েট সাৰ পাই দেখে যে তাইৰ প্ৰেমিক ৰোমিঅ’ ইতিমধ্যে মৃত্যুৰ সিপাৰে। শূন্য আশা আৰু দুঃখত আৱদ্ধ হৈ, তাইয়ো নিজৰ জীৱন সমাপ্ত কৰে।

শেষত, দুই পৰিয়ালে এই শোকাবহ পৰিণতি দেখি তেওঁলোকৰ শত্ৰুতা পাহৰি মিলিত হয়।

“ৰোমিঅ’ এণ্ড জুলিয়েট” প্ৰেম, পৰিয়ালৰ দ্বন্দ্ব, ভুল-বুজাবুজি আৰু নিয়তিক দোষাৰোপ কৰা এক যুগান্তকাৰী কাহিনী। এই নাটক হৃদয়বিদাৰকভাৱে শিকায় যে অহংকাৰ, অন্ধ বিদ্বেষ আৰু নিষ্ঠুৰ পৰিস্থিতিয়ে প্ৰেমৰ দৰে পবিত্ৰ বন্ধনৰ পৰিণতি কিমান নিষ্ঠুৰভাৱে আনি দিব পাৰে। সেয়ে এই প্ৰেম ইতিহাসৰ পৃষ্ঠাত সদায় অমৰ।