ৰোমাঞ্চিত ভ্ৰমণ কাহিনীৰে পাঠকক অভিজ্ঞতাৰ ন -ন সোৱাদ দিয়া এগৰাকী তথা সংবেদনশীল লেখক উজ্জ্বল দিপ্লু গগৈৰ তৃতীয়খন ভ্ৰমণ মূলক গ্ৰন্থ ‘প্লুভিঅ’ ফাইল’

ৰোমাঞ্চিত ভ্ৰমণ কাহিনীৰে পাঠকক অভিজ্ঞতাৰ ন -ন সোৱাদ দিয়া এগৰাকী তথা সংবেদনশীল লেখক উজ্জ্বল দিপ্লু গগৈৰ তৃতীয়খন ভ্ৰমণ মূলক গ্ৰন্থ ‘প্লুভিঅ’ ফাইল’

ৰঙিলী বাৰ্ত্তাসেৱা– গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। আগশাৰীৰ প্ৰকাশন পূৰ্বায়ণ প্ৰকাশনৰ উদ্যোগত প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ক্ৰমে বিশিষ্ট লেখক তথা চিন্তাবিদ ময়ূৰ বৰা , বিশিষ্ট চিন্তাবিদ, গল্পকাৰ তথা কথাশিল্পী অৰিন্দম বৰকটকী আৰু অধ্যাপক -সংগঠক ড° মণ্টু কুমাৰ বড়াই। নিজৰ উন্মোচনী ভাষণত চিন্তাবিদ ময়ূৰ বৰাই কয় যে ভ্ৰমণ সাহিত্যৰ জৰিয়তে উজ্জ্বল দিপ্লু গগৈয়ে পাঠকক ভিন্ন সময়ত ভিন্ন প্ৰান্তৰ প্ৰাকৃতিক আৰু ভৌগোলিক অৱস্থাৰ ধাৰণা দি আহিছে। উজ্জ্বল দিপ্লু গগৈ এনে প্ৰচেষ্টা অসমীয়া ভ্ৰমণ সাহিত্যলৈ উল্লেখযোগ্য অৱদান। আনহাতে অনুষ্ঠানত উপস্থিত থাকি কথাশিল্পী সমালোচক অৰিন্দম বৰকটকীয়ে উজ্জ্বল দিপ্লু গগৈৰ সাহিত্য চৰ্চা তথা ব্যতিক্ৰমী যাত্ৰাৰ ওপৰত মননশীল মন্তব্য আগবঢ়ায়। অনুষ্ঠানত উপস্থিত থাকি পূৰ্বায়ণ প্ৰকাশনৰ স্বত্বাধিকাৰ তথা প্ৰকাশক অমৃত কুমাৰ উপাধ্যায়ে উজ্জ্বল দিপ্লু গগৈৰ প্লুভিঅ’ফাইলৰ বিষয় বস্তু গৃহভূমি অসমৰ পৰা মুম্বাইলৈ নিজৰ পোহনীয়া কুকুৰটোৰ সৈতে কৰা ৰোমাঞ্চিত যাত্ৰাৰ সন্দৰ্ভত মন্তব্য আগবঢ়ায় সকলোকে পুলকিত কৰি তোলে। ইপিনে লেখকৰ মনৰ ভাৱ প্ৰকাশ কৰি উজ্জ্বল দিপ্লু গগৈয়ে কয় যে তেওঁ পূৰ্বৰ দৰে এইবাৰো গ্ৰন্থ পৰা লাভ কৰা ধনৰ এটা অংশ দুখীয়া ছাত্ৰ-ছাত্ৰীক প্ৰতিযোগিতা মূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰাকৈ সহায় কৰিব। আনহাতে অনুষ্ঠানত আন এগৰাকী উন্মোচক হিচাপে উপস্থিত থাকি ড° মণ্টু কুমাৰ বড়াই উজ্জ্বল দিপ্লু গগৈৰ প্লুভিঅ’ফাইলক পাঠকে আদৰি ল’ব আশা প্ৰকাশ কৰে। ভাষণ প্ৰসংগত লেখক উজ্জ্বল দিপ্লু গগৈয়ে জনায় যে প্ৰতিবাৰৰ দৰে এইবাৰো কিতাপৰ ৰয়েল্টীৰ ধন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীৰ বাবে আগবঢ়াব৷ উল্লেখযোগ্য যে এক আড়ম্বণপূৰ্ণ পৰিৱেশত আয়োজিত আজিৰ গ্ৰন্থ উন্মোচনী সভাখন আঁত ধৰে কবি লেখিকা ময়ূৰী দত্তই। সভাত উপস্থিত থাকে কবি স্বপ্নালী মহন্ত, জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰী, ৰঞ্জিত হাজৰিকা, সবিতা গগৈ গোঁহাই, লেখক অংকিতা বৰুৱা, তৃপ্তি বৰা, পুষ্পাঞ্জলি শিৱম, সমাজকৰ্মী আবিদ আজাদ, শিখা বৰুৱা আৰু অন্যান্যসকল৷