ৰোমন্থন – পিকু শইকীয়া

ৰোমন্থন

পিকু শইকীয়া
নিতাইপুখুৰী,শিৱসাগৰ

গতিশীল সময়ৰ পৰিৱৰ্তনৰ লগে লগে চাৰিওফালে যেন ক্ৰমান্বয়ে যান্ত্ৰিকতাই আৱৰি ধৰিছে পৃথিৱীখন ৷ ইয়াৰ সমান্তৰালভাৱে যেন হেৰাই যাবলৈ ধৰিছে অতীতৰ সেই শাওণৰ পথাৰৰ সুৱাস ৷  শাওণৰ পথাৰৰ কথা ভাবিলেই মনটো আনন্দত নাচি উঠে ৷ মনটো উৰি যায় এৰি অহা সেই সময়লৈ ৷

এনে দিন আছিল পথাৰখন গৰুৰ হালেৰে ভৰি আছিল ৷ গৰুহালক হালোৱাই কোৱা ‘ঘূৰি আহ’ ‘চাপি আহ’’ শব্দবোৰৰ গুঞ্জনত গোটেই পথাৰখন মুখৰিত হৈ পৰিছিল ।  সঁচাই কথাবোৰ ভাবিলেই মনটো ভাল লাগি যায় । ৰোৱনী- হালোৱাৰ বিহুগীতৰ সুৰত পথাৰখন উৎসৱমুখৰ হৈ পৰিছিল । তেওঁলোকে অনাগত দিনত সোণগুটি চপাই ভঁৰাল ভৰোৱাৰ সপোন দেখিছিল ৷ কিন্তু সময়ৰ সোঁতত সেইবোৰ যেন এতিয়া পাহৰণিৰ গৰ্ভত সাধুকথাৰ দৰে । এতিয়া আৰু নাই অতীতৰ সেই পৰিৱেশ ৷ এতিয়া কেৱল পথাৰত হালোৱাৰ “ঘূৰি আহ” “চাপি আহ”ৰ সলনি শুনিবলৈ পোৱা যায় ট্ৰেক্টৰৰ ইঞ্জিনৰ সেই কৰ্কশ মাতৰ শব্দ ৷

সঁচাই কিমান যে ভাল লাগিছিল সেই দিনবোৰত ৷ বৰ আনন্দদায়ক আছিল ৷ কাহিলী পুৱাতে হালখন লৈ পথাৰলৈ যোৱা,পিছে পিছে ৰোৱনীয়ে হাতত জলপানৰ টোপোলা লৈ ৰুবলৈ যোৱা সেই মনোৰম দৃশ্যবোৰ যেন এতিয়া কেৱল অতীতৰ এক হৃদয় জুৰোৱা স্মৃতি ৷ সেই সময়ত পথাৰৰ আলিত বহি খোৱা জলপানৰ সোৱাদেই সুকীয়া আছিল ।  ন ভূঁইৰ দিনা চুবুৰীৰ কেইবাখনো হাল,মৈ দিয়াৰ লগতে কোৰ লৈ যোৱা সমনীয়া কেইজনে আঁচ মৰা দৃশ্যৰ সেই পৰিৱেশটো সঁচাই কিমান যে আনন্দময় আছিল ৷ সেই সময়ত ৰুই যোৱা পথাৰখনৰ সৌন্দৰ্য একেবাৰে চঞ্চলা গাভৰুজনীৰ দৰে হৈ পৰিছিল ৷

এতিয়া আৰু ন ভূঁইৰ দিনা খোৱা হাঁহ- কোমোৰাৰ আঞ্জাখনৰ আগৰদৰে সোৱাদ নোহোৱা হৈছে ৷ নদাই ভদাইহঁতে লগলাগি গীত গাই  গৰুৰ হাল লৈ পথাৰলৈ যোৱা ছবিখনো হেৰাই গৈছে। এতিয়া মাথোঁ অতি কম দিনতে যন্ত্ৰৰ সহায়ত খেতি শেষ কৰাৰ প্ৰতিযোগিতা চলিছে ৷

সঁচাই যান্ত্ৰিকতাৰ গৰাহত আমিবোৰ যেন ক্ৰমান্বয়ে যন্ত্ৰলৈ পৰিৱৰ্তন হ’ব ধৰিছো ৷ যাৰ পৰিপেক্ষিতত আমি যেন হেৰুৱাই পেলাইছো আমাৰ কৰ্মময় সংস্কৃতিৰ তৃপ্তিদায়ক সোৱাদ ৷ পামনে পুনৰ  সেই শাওণৰ পথাৰৰ আনন্দময় পৰিৱেশৰ সোৱাদ ৷ শুনিবলৈ পামনে শাওণৰ পথাৰৰ সেই হৃদয় জুৰোৱা গীতৰ টান,হালোৱাৰ “ঘূৰি আহ” “চাপি আহ”ৰ দৰে শব্দ,হালোৱা- ৰোৱনীৰ মুখত বিহুগীতৰ সুৰ ৷