ৰোজাৰ উদ্দেশ্য আৰু তাৎপৰ্য – আয়শা ছিদ্দিকা

Pc Kashmir Observer

ৰোজাৰ উদ্দেশ্য আৰু তাৎপৰ্য 

আয়শা ছিদ্দিকা (আছৰি)
বা‍ংলিপাৰা, বৰপেটা 

আৰবী ভাষাত ‘ছিয়াম’ বা ‘ছাউম’ শব্দৰ আভিধানিক অৰ্থ হ’ল  বিৰত থকা, ৰৈ যোৱা বা কোনো কামৰ পৰা নিজক বিৰূপ কৰি ৰখা। ধৰ্মীয় পৰিভাষাত, সুবহে চাদিকৰ (সূৰ্যোদয়ৰ পূৰ্বে) পৰা সূৰ্যাস্তলৈকে সৃষ্টিকৰ্তাৰ সন্তুষ্টিৰ বাবে পনীয়,ভোজন আৰু সকলো ধৰণৰ বেয়া কামৰ পৰা নিজকে আঁতৰাই ৰখাকে ‘ছিয়াম’ পালন কৰা বুলি কোৱা হয়।

আচলতে ‘ছিয়াম’ শব্দটোৱেই হ’ল মূল ধৰ্মীয় শব্দ যিটো পবিত্ৰ কোৰআনত উল্লেখ আছে। আনহাতে, আমি ব্যৱহাৰ কৰা ‘ৰোজা’ শব্দটো ফাৰ্চী শব্দ। ভাৰতীয় উপমহাদেশত ফাৰ্চী ভাষাৰ প্ৰভাৱ থকাৰ বাবে ‘ছিয়াম’ৰ ঠাইত ‘ৰোজা’ শব্দটো অধিক জনপ্ৰিয় ।

ইছলামত মূল স্তম্ভ(ভেটি) পাঁচটা। তাৰে দ্বিতীয়টো গুৰুত্বপূৰ্ণ স্তম্ভ হৈছে ৰোজা। ৰোজা আৰবী মাহৰ নৱম মাহ অৰ্থাৎ ৰমজান মাহত পালন কৰা হয়। উপৰে উপৰে ৰোজা কেৱমাত্ৰ গোটেই দিনটো পানাহাৰে থকা থকা যেন দেখা গ’লেও ইয়াৰ আধ্যাত্মিক উদেশ্য মহৎ। ৰোজা মানুহৰ আত্মা পৰিশোধনৰ এক মহান ঔষধ ।ৰোজাৰ মূল উদ্দেশ্য হৈছে মানুহৰ অন্তৰত আল্লাহৰ প্ৰতি ভয় আৰু ভক্তি তথা ‘তাকৱা’ গঢ়ি তোলা। দিনটোৰ প্ৰবল ভোক আৰু পিয়াহৰ মাজতো হাতৰ কাষতে থকা খাদ্য গ্ৰহণ নকৰি এজন ৰোজাদাৰে যি ধৈৰ্যৰ পৰিচয় দিয়ে, সেয়া কেৱল সৃষ্টিকৰ্তাৰ প্ৰতি থকা অটল বিশ্বাস আৰু আনুগত্যৰ বাবেই সম্ভৱ হয়। এই প্ৰক্ৰিয়াই মানুহক নিজৰ কু-প্ৰবৃত্তি আৰু অনিয়ন্ত্ৰিত ইচ্ছাসমূহক দমন কৰিবলৈ শিক্ষা দিয়ে। সমাজৰ উচ্চ-নীচ, ধনী দুখীয়া সৃষ্টি কৰ্তাৰ ওচৰত সকলো যে সমান কোনো ভেদভাৱ নাই ৰমজান মাহত এই কথাও উপলব্ধি কৰে প্ৰতিজন মুমিন মুছলমানে।

যদি আমি ৰোজাৰ তাৎপৰ্য ব্যাখ্যা কৰোঁ তেন্তে ক’ব পাৰোঁ যে ৰোজাই মানুহৰ মনত সহমৰ্মিতা আৰু ভাতৃত্ববোধৰ সঞ্চাৰ কৰে। এজন বিত্তবান ব্যক্তিয়ে যেতিয়া ৰোজা ৰাখি ভোকৰ কষ্ট অনুভৱ কৰে, তেতিয়া তেওঁ সমাজৰ দৰিদ্ৰ আৰু অনাহাৰী মানুহৰ দুখ-কষ্ট মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰে। এই উপলব্ধিয়ে মানুহক দান-দক্ষিণা আৰু জনকল্যাণমূলক কামৰ বাবে উৎসাহিত কৰে, যাৰ ফলত সমাজত অৰ্থনৈতিক আৰু সামাজিক সমতা স্থাপনৰ পথ প্ৰশস্ত হয়। ৰোজাই মানুহক কেৱল শাৰীৰিকভাৱেই নহয়, মানসিক আৰু নৈতিকভাৱেও শক্তিশালী কৰি তোলে। মিছা কথা কোৱা, পৰচৰ্চা কৰা বা আনৰ অপকাৰ কৰাৰ দৰে অপকৰ্মৰ পৰা আঁতৰি থাকি এজন ব্যক্তিয়ে নিজৰ চৰিত্ৰক নিষ্কলংক কৰাৰ সুযোগ লাভ কৰে।

চিকিৎসা বিজ্ঞানৰ দৃষ্টিতো ৰোজাৰ গুৰুত্ব অপৰিসীম। বছৰটোৰ ধাৰাবাহিক খাদ্য গ্ৰহণৰ পাছত এমাহ ধৰি পালন কৰা এই উপবাসে মানুহৰ পাচনতন্ত্ৰক প্ৰয়োজনীয় জিৰণি দিয়ে আৰু শৰীৰৰ পৰা ক্ষতিকাৰক বিষাক্ত পদাৰ্থসমূহ নিৰ্গত কৰাত সহায় কৰে। ই মানুহক সংযমী আৰু শৃঙ্খলা পৰায়ণ জীৱন যাপনৰ প্ৰতি আগ্ৰহী কৰি তোলে। প্ৰকৃততে ৰোজা হ’ল এক প্ৰশিক্ষণ স্বৰূপ, যিয়ে মানুহক আত্মসংযম শিকায় আৰু এগৰাকী আদৰ্শ মানুহ হিচাপে সমাজত প্ৰতিষ্ঠা হোৱাত সহায় কৰে। ত্যাগ আৰু সাধনাৰ এই পবিত্ৰ সময়ে মানৱতাক প্ৰেম, শান্তি আৰু পবিত্ৰতাৰ বাৰ্তাৰে সমৃদ্ধ কৰি তোলে।

ৰোজাই সমাজক এক মৰমৰ এনাজৰীৰে বান্ধে। ইফতাৰৰ সময়ত সকলোৱে মিলি একেলগে ইফতাৰ কৰা , একেলগে তাৰাবীৰ নামাজ আদায় কৰা সকলোবোৰে সমাজত এক শান্তিৰ সুবাস ছটিয়াই।

হিংসা,নিন্দা, দ্বন্দ, বিদ্বেষ ,পৰচৰ্চা, সকলো পাহৰি এক আল্লাহৰ ইবদত কৰি আত্মশুদ্ধি কৰে অনুসুচনাত ভুগি।

বেয়া কামৰ পৰা আঁতৰি নিজক পৱিত্ৰ কৰি ৰখাৰ চেষ্টা কৰে। যাৰ বাবেই সমাজত আমন আৰু শান্তি বিৰাজ কৰে।