ৰৈ ৰৈ ভাহি আহে সখীয়তীৰ সুৰ- জ্যোৎস্না ৰানী

ৰৈ ৰৈ ভাহি আহে সখীয়তীৰ সুৰ

ৰৈ ৰৈ ভাহি আহে দোভাগ ৰাতি,
সখীয়তী চৰাইৰ বিৰহী সুৰ,
বুকুত উথলি উঠে উচুপনি মোৰ,
শিতানৰ গাৰুত  লুকুৱাও  চকু পানী মোৰ।
বৰদৈচিলা জনী অহাৰ বতঁৰাত,
নল- খাগৰিৰ চুঙাত ভয়তে লুকাই
বুকুৰ ধপ ধপনি বোৰ ।
লঙঠা  গছত ভাটো ফুলিলে,
নৈৰ পাৰৰ আহঁত জোপাত কুলিৰ  মিঠা সুঁহুৰি বাজিল,
মন মোৰ উঠলি উঠিল
ব’হাগ যে আকৌ আহিল ।

জ্যোৎস্না ৰানী
পাঞ্জাবাৰী গুৱাহাটী