‘ৰৈ ৰৈ বিনালে’ চাই দিছপুৰ আৰক্ষীৰ ওচৰত আত্মসমর্পণ বিকাশ অসমৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত দিছপুৰ থানাত আত্মসমৰ্পণ বিকাশ অসমৰ। আত্মসমৰ্পণৰ পিছতেই বিকাশ অসমক গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে। উল্লেখ্য যে যোৱা ২৫ অক্টোবৰত মহানগৰীৰ বৰবাৰীৰ প্ৰতীক্ষা হাস্পতালৰ সমীপৰ পৰা ৰাহুল মিশ্ৰ নামৰ এজন লোকক অপহৰণ কৰি ধন দাবী কৰাৰ অভিযোগত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বীৰ লাচিত সেনাৰ ৫জন সদস্য ক্রমে- বিশ্বজিৎ দলে, ইনজামুল হক, মোহন বৰা, বিৰাজবল্লভ কলিতা আৰু নিতু আহমেদক। তাৰ পিছতে সেইদিনাখনে দিছপুৰ আৰক্ষীয়ে মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ এখন হোটেলৰ পৰা সংবাদ মেল দি থকাৰ সময়তে গ্ৰেপ্তাৰ কৰিছিল সংগঠনটোৰ নেতা ক্ৰমে ৰণ্টু পানীফুকন, তন্ময় চেতিয়া আৰু উৎপল দত্তক। সেইদিনাৰ পৰাই ৰহস্যজনকভাৱে পলাতক হৈ আছিল সংগঠনটোৰ শীর্ষ নেতা বিকাশ অসম। জানিব পৰা মতে, বিকাশ অসমৰ নিৰ্দেশতে সংগঠনটোৰ সদস্যসকলে লোকজনক অপহৰণ কৰি পৰিয়ালৰ পৰা প্ৰায় ২০ লাখ টকা মুক্তিপণ হিচাপে দাবী কৰিছিল। আৰক্ষীয়ে গোচৰটোৰ তদন্ত অব্যাহত ৰাখি এই সন্দর্ভত ৮৭৫/২৫ নম্বৰত এটা গোচৰো ৰুজু কৰিছিল। গোচৰটোৰ অন্যতম অভিযুক্ত বিকাশ অসমে দিছপুৰ থানাত আত্মসমর্পণ কৰাৰ পাছতে তেওঁকো গ্ৰেপ্তাৰ কৰা হয়। উল্লেখ্য যে গ্ৰেপ্তাৰৰ পূৰ্বে মহানগৰীৰ এটা চিনেমাহলত শিল্পী জুবিন গাৰ্গ অভিনীত ‘ৰৈ ৰৈ বিনালে’ ছবিখনো ছদ্মৰূপত উপভোগ কৰিলে বিকাশ অসমে। তাৰ পাছতে ছবিখন সন্দর্ভত সামাজিক মাধ্যমযোগে পোষ্ট প্ৰেৰণ কৰি আত্মসমর্পণ কৰে বিকাশ অসমে। সামাজিক মাধ্যমৰ এটা পোষ্টত বিকাশে লিখিছে, “জুবিন দা পৃথিৱীৰ প্ৰতিজন ব্যক্তিৰ বুকুত আজিৰ দৰেই মৰমৰ আৰু প্ৰাণৰ হৈ থাকক। বৰ সুন্দৰ এখন চিনেমা। “ৰৈ ৰৈ বিনালে” সকলোৱে চাব। মানুহে ভুলৰ পৰাই শিক্ষণৰ নতুন দস্তাবেজ মেলে। আই মাতৃ সকলে মোক ভুল বুজি নাথাকিব কাৰণ কোনো কালে মোৰ জীৱনত অসমীয়াক অপমান কৰাৰ আজিলৈ উদাহৰণ নাই।” তেওঁ আকৌ লিখিছে, “এটা কথা সত্য যে কোনো ব্যক্তিক মই জ্ঞাতে বা অজ্ঞাতে মনোকষ্ট দি কোনো দিনে সুখী হ’ব নোৱাৰিম। বিগত দিনত অসমীয়া জাতিটোৰ বাবেই বহুবাৰ গ্ৰেপ্তাৰ বা কাৰাবাসত গৈছোঁ। গতিকে মই সৰু হিচাবে ক্ষমা বিচাৰিম জ্ঞাতে বা অজ্ঞাতে মনোকষ্ট দিয়া প্ৰতিজন ব্যক্তিৰ ওচৰত। ধৰি নাথাকিব।” পুনৰ লিখিছে, ” জাতিটোৰ বাবে আমি সকলোৱে যিকোনো দৃষ্টিকোণৰ পৰা কৰিব লগীয়া বহু কাম আছে। জুবিন দাৰ চিনেমাখন চোৱাৰ বৰ হেঁপাহ আছিল। জেলৰ ভাত খামেই যেতিয়া চিনেমাখন চাই এতিয়া সুস্থ শৰীৰে উপস্থিত হ’মগৈ আৰক্ষীৰ সহযোগিতাৰ বাবে। মহামান্য আদালতে দিয়া ৰায়দান বা শাস্তিক সন্মানেৰে আদৰি ল’ম। এই জাতীয়তাবোধ মোৰ সংগ্ৰামী জীৱনত সদায়েই থাকিব তেজত যিকোনো অসমীয়া ব্যক্তিৰ বাবে। জয় জুবিন দা।” অকল ধন দাবী বা অপহৰণেই নহয়, অসমৰ আইমাতৃসকলক লৈ বিতর্কিত মন্তব্যও সমাজিক মাধ্যমযোগে প্রদান কৰিছিল বিকাশ অসমে। আৰক্ষীয়ে অপহৰণৰ গোচৰটোৰ লগতে অসমীয়া নাৰীৰ প্ৰতি বিদ্বেষজনক মন্তব্য আগবঢ়োৱা বিষয়টোতো তদন্ত চলাব বুলি জানিব পৰা গৈছে।
