ৰে’লৱে বৰ্ডৰ পদ বিলুপ্তিকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে এন এফ ৰে’লৱে এম্প’লয়িজ ইউনিয়নৰ প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণি

ৰে’লৱে বৰ্ডৰ পদ বিলুপ্তিকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে এন এফ ৰে’লৱে এম্প’লয়িজ ইউনিয়নৰ প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা-   ভাৰত চৰকাৰৰ ৰে’লৱে মন্ত্ৰণালয়ৰ অধীনৰ  ৰে’লৱে বৰ্ডৰ ফালৰ পৰা শেহতীয়াভাৱে সমগ্ৰ দেশজুৰি ৰে’লৱেৰ সকলো বিভাগ , কাৰখানা , উৎপাদিত গোট আদিত নন চেফটি কেটেগৰীৰ পদৰ ৫০ শতাংশ পদ চিৰদিনৰ বাবে বিলুপ্তিকৰণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে  ৰে’লৱেৰ সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন নেশ্যনেল ফেডাৰেচন অৱ ইণ্ডিয়ান ৰে’লৱেমেনছ চমুকৈ এন এফ আই আৰ এ । আনহাতে এন এফ আই আৰৰ আহ্বান মৰ্মে দেশজুৰি ৰে’লৱে শ্ৰমিক – কৰ্মচাৰী সকলে ৰে’লৱে বৰ্ডৰ সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰি পুনৰ এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ দাবী জনোৱাৰ লগতে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে । আনহাতে এন এফ আই আৰৰ আহ্বান মৰ্মে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ সৰ্ববৃহৎ শ্ৰমিক সংগঠন ’এন এফ ৰে’লৱে এম্প’লয়িজ ইউনিয়নে  ৰে’লৱে বৰ্ডৰ সিদ্ধান্তৰ  বিৰুদ্ধে পহিলা জুনৰ পৰা আৰম্ভ কৰা সপ্তাহযোৰা প্ৰতিবাদী কাৰ্যসূচীৰ কালি সামৰণি পৰে । এন এফ আই আৰৰ যুটীয়া সাধাৰণ সম্পাদক আৰু এন এফ ৰে’লৱে এম্প’লয়িজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াৰ নেতৃত্বত ইউনিয়নৰ ৫ টা সংমণ্ডল আৰু ৫৬ টা শাখাই ৰে’লৱে বৰ্ডৰ ৫০ শতাংশ পদ বিলুপ্তিকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে  উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ সন্মুখৰ উপৰি সাংমণ্ডলিক কাৰ্যালয় , উৎপাদিত গোট , কাৰখানা আদিত ধৰ্ণা , প্ৰতিবাদী সমদল , অৱস্থান ধৰ্মঘটকে ধৰি বিভিন্ন গণতান্ত্ৰিক আন্দোলনৰ  কাৰ্যসূচী গ্ৰহণ কৰে ।