ৰে’লৱেৰ অৱসৰী মেট্ৰন ফাতিমা আহমেদৰ মৃত্যু

ৰে’লৱেৰ অৱসৰী মেট্ৰন ফাতিমা আহমেদৰ মৃত্যু

এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ আমোলাপট্টিৰ ৰ’জগলি নিবাসী, ধৰ্ম প্ৰাণা সৰবৰহী মহিলা , ডিব্ৰুগড়ৰ ৰে’লৱে চিকিৎসালয়ৰ অৱসৰপ্ৰাপ্ত মেট্ৰন ফাতিমা আহমেদৰ আজি ( ১৮/১১/২৩) পৰলোপ্ৰাপ্তি ঘটে। ২০০৫ চনত অৱসৰ গ্ৰহণ কৰা প্ৰয়াত ফাতিমা আহমেদৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৮ বছৰ। তেখেত আছিল বিশিষ্ট নাট্য শিল্পী তথা সুদক্ষ ক্ৰিকেট খেলুৱৈ মৰহুম মহচিন ছবিৰ আহমেদৰ পৰিবাৰ। এগৰাকী অতি সহজ সৰল অমায়িক ব্যক্তিৰূপে পৰিচিতি লাভ কৰা ফাতিমা আহমেদৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত প্ৰয়াত ফাতিমা আহমেদে পুত্ৰ মহচিন ৰেইচ আহমেদ সহ বোৱাৰী, দুটি নাতি নাতিনী আৰু এগৰাকী কন্যা সহ জোঁৱাই আৰু নাতিনী এগৰাকীক ইহ সংসাৰত এৰি যায়। পৰিয়ালৰ লগতে অনেক আত্মীয়ক ইহ সংসাৰত এৰি যোৱা ফাতিমা আহমেদৰ জানাজা আজি স্থানীয় আমোলাপট্টি কবৰ স্থানত অনেক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়।