ৰেমাল – এছ ইছলাম

ৰেমাল
এছ ইছলাম, শিক্ষক 
পঃমইনবৰী, বৰপেটা
ৰেমাল অ’ ৰেমাল
ক’ৰ পৰা অহা তুমি
তুমি ক’লৈনো মাৰা লৰ
ভাঙি থৈ যোৱা আমাৰ  ঘৰ।
হে ৰণচণ্ডী ৰেমাল
তোমাৰ ইমান শকতি
তুমি ৰূদ্ৰমূৰ্তি কৰিলা ধাৰণ
কিমান বসতি কৰিলা হৰণ?
ধ্বংস কৰিলা তুমি
কিমান যে মানুহৰ বসতি
প্ৰাচীন আদ ও ছামুদ জাতি
গছ-গছনি জীৱ-জন্তু পহু আদি!
তোমাৰ ৰূদ্ৰমতি বেশ
নাথাকে কোনো অৱশেষ
তুমি কত যে সংহাৰ কৰিলা
কিমান যে তোমাৰ তাণ্ডৱ লীলা!
ক্রুদ্ধ স্বভাৱ তোমাৰ
নোৱাৰোঁ বুজিব পাৰোঁ
নহও যেন আমি প্ৰভুৰ ভৃত্য
কিমান যে কৰা উদ্ভণ্ডালি নৃত্য।
হে প্ৰভু জগদ্বিশ্বৰ
আশিষ মাগিছো তোমাৰ
শত সহস্ৰ প্ৰণামো তোমাৰ
তুমি ৰক্ষা কৰা পজাঁটি আমাৰ।