ৰেগিং: এক সামাজিক ব্যাধি-নিতিষ্মান দাস

ৰেগিং: এক সামাজিক ব্যাধি

নিতিষ্মান দাস

আধুনিকতাৰ ৰঙেৰে ভৰা এখনি চহৰত সমীৰৰ ঘৰ। সমীৰ হৈছে এজন শান্ত, শিষ্ট স্বভাৱৰ ছাত্ৰ। সমীৰ এজন মেধাৱী ছাত্ৰ কিন্তু হোজা মনৰ। সি কেৱল পঢ়াৰ ক্ষেত্ৰতহে পাৰ্গত। সি হিংসাৰ পৃথিৱীৰ পৰা বহু দূৰণিত। সি কাকো কঠোৰকৈ কৈ পোৱা নাই। সি সকলোকে নম্ৰভাৱেৰে মাত লগায়। আনৰ দুখ সি সহ্য কৰিবই নোৱাৰে। দুৰ্নীতি আৰু হিংসাৰ অৰ্থ সি বুজিয়েই নাপাই। কেৱল পঢ়াৰ কথাহে বুজি পায়। এই বিশাল বসুন্ধৰাত যেন সি প্ৰকৃতি আইৰ কোলাত ফুলা আলফুলীয়া কঁহুৱা বনৰ দৰেই। তাৰ দেউতাক চহৰখনৰ কলেজৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আৰু মাতৃ হৈছে গৃহিনী। তাৰ প্ৰৱেশিকা পৰীক্ষাৰ ফলাফল, কালিলৈ ঘোষণা কৰিব। তাৰ বিদ্যালয় বন্ধ। ফলাফলৰ বাৰ্তা জানিবলৈ পাই সমীৰে দেউতাকক উলাহেৰে কয় – “দেউতা! কালিলৈ মোৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। মোৰ বাবে এখন ভাল কলেজ আৰু হোষ্টেল চাই দিবা। জীৱনক নতুন বুলেৰে সজাব লাগিব।”

দেউতাকে বাতৰি কাকতত সেই বাতৰিটোৱেই পঢ়ি আছিলে। দেউতাকে কলে – “হব ঔ! এতিয়ালৈকে তুমি এই কথাটো হাজাৰ বাৰমানেই কৈছা চাগৈ!প্ৰথমে তোমাৰ ফলাফল চাই লওঁ, তাৰ পাছতহে দেখা যাব।”

সমীৰে আত্মবিশ্বাসেৰে কয় – “চিন্তা কৰিবলগীয়া কোনো কথা নাই! মোৰ ফলাফল ভালেই হব চাবা বাৰু!”

দেউতাকে মিচিকিয়াই কয় – “তোৰ আত্মবিশ্বাস দেখি ভাল লাগিছে। ভাল হৈছে যেন লাগিছে যদি কোনো চিন্তা নাই!”

মাকে এনেতে মাত লগালে – “হেৰি! ভাত হ’ল আহক সোনকালে খাওকহি, নহলে কলেজলৈ দেৰি হব।”

দেউতাকে বাতৰি কাকত সামৰি ভাত খাবলৈ গ’ল আৰু ইয়াৰ পাছত কলেজলৈ গ’ল। সমীৰে পঢ়াৰ টেবুলত বহি কিবা ভাবিবলৈ ধৰে – “কালিলৈৰ বাবে বাৰু চিন্তা নাই! কিন্তু মোৰ নতুন জীৱনত বা কেনে ধৰণৰ বন্ধু পাম। ভালেই পাম চাগৈ। সকলো পঢ়িবলৈহে যায়।”

সি হোষ্টেল জীৱনৰ কথা ভাবি মগন হৈ পৰে। কেনে হব বা নতুন জীৱনৰ যাত্ৰা, পাম বা কেনে লগৰীয়া ইত্যাদি ইত্যাদি কথা তাৰ মনলৈ আহি থাকে। সি এই কথা ভাবিলেই উত্তেজিত হৈ পৰে। তাৰ ফলাফলৰ দিন আহি গ’ল। সি বিদ্যালয় যাবলৈ সাজু হয়। সি বিদ্যালয়লৈ ফলাফল লবলৈ যায়। সি বিদ্যালয় গৈ পোৱাত সকলোৱে তাক সাৱটি ধৰে যেন কোনো জনপ্ৰিয় লোক আহিছে। বিদ্যালয়খনত ভিৰ হৈ যায়। সমীৰৰ বন্ধু প্ৰণৱে তাক আনন্দিত হৈ চিঞৰি কলে – “ঐ সমীৰ! তই ষ্টেণ্ড কৰিলি! তই আমাৰ বিদ্যালয়ৰ গৌৰৱ!” তাৰ অন্য বন্ধু বান্ধৱীয়ে তাক হিয়াভৰা শুভেচ্ছা জনালে। সমীৰ আনন্দতে আত্মহাৰা হৈ যায়। সি পাছ কৰিম বুলি ভাবিছিলে কিন্তু ষ্টেণ্ড কৰিম বুলি ভবা নাছিলে। বিদ্যালয়ৰ চৌদিশে গান বজাই ছাত্ৰ ছাত্ৰীবোৰে নাচিবলৈ ধৰে। সমীৰ শিক্ষকসকলৰ ওচৰলৈ যায়। সকলো শিক্ষকে তাক মৰমেৰে সাৱটে আৰু জীৱনত আৰু আগুৱাই যাবলৈ আশীৰ্বাদ দিয়ে। তাক প্ৰধান শিক্ষকে গামোচাৰে সম্বৰ্ধনা জনাই। সি জীৱনত আগুৱাই যাবলৈ অনন্ত প্ৰেৰণা পায়। সমীৰে বিদ্যালয়ৰ সকলো শিক্ষকৰ চৰণ চুই আশীষ ল’লে ভৱিষ্যত জীৱনত আগুৱাই যাবৰ কাৰণে। তাৰ বাবে যেন এই দিনটো এটা সোণালী দিন। বিদ্যালয়ৰ পৰা সি ৰং মনেৰে ঘৰলৈ আহে। ঘৰ পাইয়ে সমীৰৰ মাকে তাক মৰমেৰে সাৱটি ধৰে, কঁপালতে চুমা খাই আৰু আনন্দতে দুটি নয়নৰ চকুলো সৰি গ’ল। আনন্দত যেন আত্মহাৰা হৈ গৈছে। মাকে উলাহেৰে কয় – “জান! তুমি আমাৰ বাবে গৌৰৱ কঢ়িয়াই আনিলা! আজি মই কিমান যে সুখী! মই আত্মহাৰা হৈ পৰিছোঁ! ঈশ্বৰে তোমাৰ মংগল কৰক আৰু দীৰ্ঘায়ু কৰক, এয়ে মোৰ মিনতি!”

সমীৰে কলে – “আজিৰ পৰা নতুনকৈ জীৱন আৰম্ভ কৰিব লাগিব। তোমালোকক মোৰ সদায়ে সুখী দেখিবলৈ মন!”

এই কথা কৈ সমীৰে মাতৃৰ চৰণ চুই আশীৰ্বাদ ল’লে। মাতৃ আৰু পিতৃৰ চৰণত সৰগ আছে, যিয়ে নামানে এই কথা বিপদ সদায়ে তাৰ পাছে পাছে।  ক্ষন্তেক সময়ৰ পাছত তাৰ দেউতাক আহে আৰু হৰষতে তাক কয় – “তই আমাৰ নাম উজ্জ্বলাই দিলি। তই কালি সঁচায়ে কৈছিলি। এতিয়া এখন ভাল কলেজ আৰু হোষ্টেল বিচাৰিব লাগিব নে কি?”  কালিলৈ পৰাই  এখন ভাল কলেজ আৰু হোষ্টেল বিচৰা আৰম্ভ কৰিবলৈ কলে আৰু দেউতাকৰ চৰণ চুই আশীৰ্বাদ ল’লে। আবেলি সমীৰৰ ঘৰত এজনৰ পাছত আনজন কৰি খবৰ লবলৈ আহি থাকিল। তাক কিতাপ, কলম আদি উপহাৰ দি আগ বাঢ়ি যাবলৈ প্ৰেৰণা দিলে। কেইদিনমান পাৰ হ’ল, দেউতাক তাৰ বাবে কলেজ আৰু হোষ্টেল বিচাৰত ব্যস্ত হৈ আছিল। অৱশেষত তাৰ পছন্দৰ এখন কলেজ আৰু হোষ্টেল বিচাৰি পালে। হোষ্টেলখন জোনাকী নগৰৰ। সমীৰৰ ঘৰৰ পৰা প্ৰায় এশ কিলোমিটাৰ দূৰণিত। তাৰ ভৱিষ্যতৰ বাবে জীৱনৰ এই সময়খিনিত মাতৃ-পিতৃৰ অবিহনেই পাৰ কৰিব লাগিব। সি পঢ়িব বিচৰা কলেজখন হোষ্টেলৰ নিচেই ওচৰত। কেইদিনমান পাৰ হ’ল, তাৰ কলেজ খুলিবৰ বাবে দুদিন আছে। সি জোনাকী নগৰ যাবলৈ ওলাইছে। সকলো প্ৰয়োজনীয় সামগ্ৰী সি বেগত ভৰালে। দেউতাকে গাড়ী ভাড়া কৰি দিয়ে। সমীৰে মাক দেউতাকক কয় – “মা! দেউতা! মই যাবলৈ ওলাইছোঁ! আশীৰ্বাদ কৰিবা!”

 দেউতাক মাকে কয় – “জান! তুমি ভালদৰে থাকিবা দেই! নিজৰ যত্ন ল’বা! কিবা অসুবিধা হ’লে তোমাৰ নতুন বন্ধুসকলক কৈ দিবা। আমাক ফোন কৰি থাকিবা!”

মাক-দেউতাকে তাক চুমা খাই আৰু বিদায় দিয়ে। সি ৰাতিপুৱা ঘৰৰ পৰা ওলালে আৰু গধূলি হোষ্টেলত পাই গ’ল। হোষ্টেলখন বৰ ধুনীয়া। সি তাৰ ৰুম বিচাৰে আৰু পাছত জিৰণি লয়। পৰহিলৈ নতুনকৈ জীৱন আৰম্ভ কৰিব লাগিব। মাক দেউতাকৰ অবিহনে ৰূমটো ৰিক্ত যেন লাগিছে। তথাপিও উপায় নাই। পাছদিনা সি নতুন নতুন বন্ধুৰ লগ পায়। নানা জাতিৰ মিলন দেখি তাৰ মন ভাল লাগি গ’ল। কিন্তু সি হোষ্টেলৰ ক’লা সত্য নাজানেই। ইয়াৰ জ্যেষ্ঠ ছাত্ৰই কনিষ্ট ছাত্ৰক মৰম দিয়াৰ বিপৰীতে অত্যাচাৰহে চলাই। এই হোষ্টেলত কত ছাত্ৰই সপোন লৈ আহে কিন্তু ইয়াৰ জ্যেষ্ঠ ছাত্ৰৰ বাবে সেই সপোন ভাগি যায়। সেইবোৰ ছাত্ৰৰ মুখা পিন্ধি থকা সমাজৰ দানৱ। কিমান যে নিৰ্দয় হৈ কণিষ্ঠ ছাত্ৰৰ ওপৰত অত্যাচাৰ চলাই। এই কথা সমীৰে নাজানেই। আনহাতে সি হৈছে শিষ্ট স্বভাৱৰ। হিংসা কৰিয়েই পোৱা নাই। তাৰ মন বিশাল। সি এটি আলফুলীয়া কঁহুৱা ফুলৰ দৰে। সমীৰৰ কলেজ খুলিলে। আজি তাৰ প্ৰথম দিন কলেজত। সি ইতিবাচক মনেৰে কলেজলৈ যায়। তাত সি আৰু নৱ নৱ বন্ধুৰ লগ পায়। তাৰ আজি পঢ়ি ভাল লাগিছে। পঢ়াৰ বিষয়বোৰ বৰ আকৰ্ষণীয়। পঢ়ি আজি সি নতুন ৰস পাইছে। প্ৰথম দিনাই শিক্ষকসকলে তাক চিনাকি কৰাই দিয়ে আৰু প্ৰৱেশিকা পৰীক্ষাত ষ্টেণ্ড কৰাৰ কথাও কয়। তাৰেই জ্যেষ্ঠ ছাত্ৰ কেইজনে এই কথা শুনা পাই ঈৰ্ষান্বিত হৈ পৰে। সিহঁতে মনে মনে ভাবিলে – “ৰহ আজি হোষ্টেলত গম পাবি!” আবেলি হ’ল কলেজৰ চুটি দিলে। সমীৰ হোষ্টেললৈ গ’ল আৰু জিৰণি ল’লে। গধূলি তাক জ্যেষ্ঠ ছাত্ৰ কেইজনে সিহঁতৰ ৰুমলৈ লৈ যায়। ৰুমত আৰু পাঁচজন কণিষ্ঠ ছাত্ৰ আছিলে। সি কণিষ্ঠ কেইজনক দেখি আচৰিত হ’ল, কিয়নো পাঁচজন ছাত্ৰ শুদা শৰীৰে আছে। কেৱল হাফ পেন্ট পিন্ধি আছিলে। সি ভয়তে সুধিলে – “দাদা! কি কৰা! কিয় আনিছা মোক ইয়ালৈ!”

এজন জ্যেষ্ঠ ছাত্ৰই উত্তৰ দিয়ে – “তোৰ মজা লবলৈ আনিছোঁ! আমি যি কওঁ সেইটো কৰিব লাগিব। যদি আমাৰ কথা নুশুন, মৰিবৰ কাৰণে সাজু হৈ থাকিবি।”

তাৰেই এজন জ্যেষ্ঠ ছাত্ৰই তাক সিহঁতৰ জোতা চেলেকিবলৈ কলে। সি অমান্তি হৈছিলে কিন্তু জোৰ কৰি বৰ নিৰ্দয়তাৰে সিহঁতৰ জোতা চেলেকালে। তাৰেই জ্যেষ্ঠ ছাত্ৰ এজনে কলে – “ছালা! মেট্ৰিকত ষ্টেণ্ড কৰি বৰ বাহাদুৰি কৰিছ! আমাক চিনি পোৱা নাই!”

তাৰেই অন্য পাঁচজন কনিষ্ঠ ছাত্ৰকো কিবা নহয় কিবা তেনে অপ্ৰিয় কাম কৰিবলৈ দিলে। সেইকেইজন কণিষ্ঠ ছাত্রইও সকলো সহ্য কৰি গ’ল। সমীৰে কঁপি কঁপি কলে – “দাদা মোক যাবলৈ দিয়া। মোৰ ভোক লাগিছে। ভাত খাবলৈ যাওঁ!”

 জ্যেষ্ঠ ছাত্ৰ কেইজনে সি নতুন বুলি যাবলৈ দিলে আৰু কালিলৈ আকৌ আহিবলৈ কলে। এনেদৰেই বহু দিন সমীৰে আৰু অন্য কণিষ্ঠ ছাত্ৰই সেই অত্যাচাৰ সহ্য কৰি থাকিলে। কেতিয়াবা হাত ব্যৱহাৰ নকৰি মাটিত বগাবলৈ কয়, যদি ৰৈ দিয়ে লাঠীৰে কোবাই দিয়ে। কেতিয়াবা অশ্লীল ধৰণৰ কাম কৰিবলৈ কয়, নাচিবলৈ কয়, মাটি চেলেকিবলৈ কয়। এনে ধৰণৰ কাম কৰাই জ্যেষ্ঠ ছাত্ৰবোৰে মনোৰঞ্জন পায়। বহু দিন পাৰ হ’ল, কনিষ্ঠবোৰে সহ্য কৰি গ’ল। এদিন সমীৰৰ সহ্যৰ সীমা বাহিৰ হ’ল আৰু সাহসেৰে কলে – “দাদা! এনে কাম কৰিব নাপাই! ঈশ্বৰে অভিশাপ দিব! আপোনালোকে আমাক মৰমহে কৰিব লাগে। আপোনালোকৰ দৰে মানুহৰ বাবে আমাৰ অৱনতি ঘটে! আপোনালোকে পঢ়াৰ বাহিৰে এইবোৰ কি কৰিছে। লাজ পাবলগীয়া কথা! চি!”

 সমীৰৰ এই কথা শুনি জ্যেষ্ঠ ছাত্ৰবোৰ ক্ৰোধান্বিত হৈ পৰিল আৰু তাক ধৰি বৰ নিষ্ঠুৰ ভাৱে প্ৰহাৰ কৰিলে। সকলোৱে তাক চৰ ঘোচা মাৰিলে। সি কান্দি কান্দি মাক দেউতাকক চিঞৰিলে। এই দৃশ্যটো কণিষ্ঠ ছাত্ৰ এজনে খিৰিকীৰে গোপনে ভিডিঅ’ বনাই সমীৰৰ দেউতাকলৈ পঠাই দিয়ে। সেই ভিডিঅ’টো সমীৰৰ দেউতাকে দেখা পাই শীঘ্ৰেই পাছদিনা হোষ্টেললৈ যায়। হোষ্টেল পাইয়েই মাক দেউতাকে সমীৰক দেখে। সমীৰ আচৰিত হৈ গ’ল মাক দেউতাকক দেখি। সমীৰে দুখ লুকুৱাই মিচিকিয়াই হাঁহি মাৰি কয় – “মা! দেউতা! তোমালোক ইয়াত! মোক আহিবা বুলি ফোন নকৰিলা কিয়?”  মাকে চকুলো ৰখাব নোৱাৰি কয় – “তুমি কুশলে আছানে বাৰু? তোমাৰ গালত সেইয়া কিহৰ দাগ?”

সমীৰে কঁপি কঁপি কয় – “মই কালি বেট বল খেলি থাকোতে দুখ পালোঁ। চিন্তা নকৰিবা!”

দেউতাকে কয় – “কিয় মিছা কৈছা বাৰু তোমাক কালি সিহঁতি কিমান নিৰ্দয়তাৰে মাৰিলে, পাহৰিয়েই গ’লা নেকি?”

এনেতে মাক দেউতাকক সি সাৱটি ধৰে আৰু হিয়া ভুকুৱাই কান্দে। সি সকলো কথা কৈ দিলে। মাক দেউতাকে সেই ভিডিঅ’টো তাক দেখুৱাই দিলে আৰু কলে সেই ভিডিঅ’টো তাৰ বন্ধু অতুলে পঠাই দিছে। দেউতাকে দেৰি নকৰি কলেজৰ অধ্যক্ষক সকলো কথা বিৱৰি কলে আৰু থানাত এজাহাৰ দি আহে প্ৰমাণৰ সৈতে। আৰক্ষীয়ে এতিয়া নিজৰ কামত লাগিলে আৰু জ্যেষ্ঠ ছাত্ৰ কেইজনক ধৰিলে। সকলো জ্যেষ্ঠ ছাত্ৰই পলায়ন কৰিছিলে কিন্তু আইনৰ হাতৰ পৰা সাৰি যাব নোৱাৰিলে। পাছত সিহঁতৰ শাস্তি আইনে নিৰ্ধাৰণ কৰে। সমীৰৰ দৰে এজন সৰল আৰু মেধাৱী ছাত্ৰক কিমান যে নিষ্ঠুৰভাৱে আঘাত কৰিলে। এইয়া বাৰু উচিত নে? কণিষ্ঠজনক আমি মৰম হে দিব লাগে। এনে ঘটনা কেৱল সমীৰৰ সৈতে নহয়; বহুটো ছাত্ৰৰ সৈতে এনে অপ্ৰিয় ঘটনা সংঘটিত হয়। কত ছাত্ৰই মনত এটা আশা আৰু সপোন লৈ যায়, সেই আশা আৰু সপোনক এনে ঘটনাই চুৰমাৰ কৰি দিয়ে। কিছু ছাত্ৰই এই কাৰণে আত্মহত্যাৰ পথেই বাছি লয়। ৰেগিঙক আমি সমাজৰ পৰা নাশিব লাগিব, নিৰ্ভীক আৰু সাহসী হৈ। ভূপেন দাৰ দৰে অগ্নিযুগৰ ফিৰিঙতি হৈ, জ্যোতিপ্ৰসাদৰ দৰে শিল্পী হৈ আৰু বিষ্ণুপ্ৰসাদৰ দৰে বিপ্লৱী হৈ আমি নিৰ্ভীক মনেৰে ধুমুহাৰ সৈতে যুঁজি আগুৱাই যাব লাগিব।

বি:দ্ৰ:- বাস্তৱ ঘটনাৰ আধাৰত গল্পটি লিখা হৈছে। চৰিত্ৰ সমূহ সম্পূৰ্ণ কাল্পনিক। কাৰোবাৰ জীৱনৰ লগত মিলি গলে ই মাথোঁ সংযোগ হে।