ৰেগিংৰ বিৰুদ্ধে কঠোৰতা
বিশ্ববিদ্যালয় এখনত পঢ়া সকলো ল’ৰা-ছোৱালীৰে সৰুৰেপৰা এটা সপোন থাকে।এই সপোন পুৰণৰ বাবে অশেষ শ্ৰম ত্যাগ কৰিব লগা হয়।প্ৰতিজন অভিভাৱকে যেতিয়া নিজৰ ল’ৰা-ছোৱালীক উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয় এখনত থৈ আহে তেতিয়া অভিভাৱক সকলে কলেজৰ হোষ্টেল এটা পালে নিশ্চিন্ত হৈ যায় কাৰণ তাত যে ৱাৰ্ডেন থাকে।কিন্তু ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডই এই ৱাৰ্ডেনসকলৰ ওপৰত থকা বিশ্বাস যেন নিমিষতে হেৰাই গ’ল।বিশ্ববিদ্যালয়ৰ দৰে এটি পবিত্ৰ অনুস্থানত ৱাৰ্ডেনৰ উপস্থিতিত ৰেগিং ৰ নামত এনেবোৰ কাৰ্যই আমাৰ সমাজখনক আচলতে কোনফালে গতি কৰাইছে বাৰু?ৰেগিং শব্দটো আমি অতীজৰে পৰাই শুনি আহিছো আৰু নিজেও পাইছো।কিন্তু আমাৰ দিনতটো ৰেগিং ৰ এনে পৰ্যায় নাছিল।ৰেগিং আছিল সম্পূৰ্ণৰূপে এটা পশ্চিমীয়া সংস্কৃতি।ইয়াৰ জড়িয়তে প্ৰাক্তন সকলে নবাগত সকলৰ লগত চা চিনাকি হয়।সময়ৰ সোতত এই ৰেগিঙে ইমানেই চূড়ান্ত পৰ্যায়ত উপনীত হ’ল যে ৰেগিংৰ বলি হৈ আত্মহত্যাৰ দৰে চূড়ান্ত পৰ্যায়ৰ পথো বাচি ল’বলগীয়া হয়।আমাৰ ছাত্ৰ সমাজ আচলতে কোন দিশে বাৰু?কাৰো অন্তৰত দয়া মৰমৰ দৰে শব্দবোৰৰ উপলব্ধি নাইকীয়া হৈ গৈছে নেকি বাৰু?কাৰোবাক কিবা আঘাত হনাৰ আগতে নিজৰ ঘৰৰ পৰিয়ালৰ কথা এবাৰো ভাবিবলৈ মন নাযায়নে বাৰু?এই ছাত্ৰ সমাজেই এটা সময়ত বিনা দিদ্ধাই স্বাধীনতা আন্দোলন,ভাষা আন্দোলন আদিত নেতৃত্ব লৈছিল।গতিকে এই ছাত্ৰ সমাজৰ ওপৰত অতীজৰে পৰা আমাৰ বহু আশা থাকে কিন্তু শেহতীয়াকৈ হোৱা এইধৰণৰ মানসিকতাই গোটেই ছাত্ৰ সমাজকে কলুষিত কৰিলে।প্ৰাপ্ত তথ্য অনুসৰি ২০১৮ চনৰ পৰা ২০২১চনলৈকে সৰ্বমুঠ ২,৭৯০ টা ৰেগিংৰ গোচৰ পঞ্জীয়ন হৈছে।কিন্তু কিমান গোচৰ পঞ্জীয়ন নোহোৱাকৈ থাকি যায়।কিন্তু কথা হ’ল কি স্বাৰ্থৰ খাতিৰত অভিভাৱক স্বৰূপা এজন ৱাৰ্ডেনৰ উপস্থিতিত ৰেগিং ইমান জঘন্য পৰ্যায় পাইগৈ বাৰু?এই ক্ষেত্ৰত চৰকাৰ অধিক কঠোৰ হোৱাৰ সময় আহি পৰিছে।তাৰোপৰি আমি অভিভাৱক সকলেও আমাৰ ল’ৰা-ছোৱালীক সৰুৰেপৰাই নৈতিক শিক্ষাৰ পাঠ দিয়াতো অতিকৈ প্ৰয়োজন।
স্বাগতা বৰুৱা গোস্বামী