ৰেখা লেখ (line graph)-বন্দিতা শৰ্মা কন্দলি

PC-EDrawMax

ৰেখা লেখ (line graph)

ৰেখা লেখ হৈছে সময়ৰ সৈতে সলনি হোৱা তথ্য দেখুৱাবলৈ ব্যৱহৃত এক প্ৰকাৰৰ তালিকা। নিৰ্দ্দিষ্ট সময়ৰ মূৰে মূৰে হোৱা তথ্যৰ পৰিবৰ্তন সহজে বুজিবলৈ ৰেখা লেখৰ ব্যৱহাৰ কৰা হয়।লেখ কাগজত এটা অক্ষৰে সময় আৰু আনটো অক্ষৰে অনুৰূপ তথ্য চিহ্নিত কৰা হয়। আমি সৰল ৰেখাৰ দ্বাৰা বিন্দুবোৰ একাদিক্ৰমে সংলগ্ন কৰি ৰেখা লেখ পাব পাৰোঁ।

ৰেখা লেখত দুডাল দণ্ড বা অক্ষ থাকে যাক x – অক্ষ আৰু y – অক্ষ বুলি কোৱা হয়। ৰেখালেখ লেখ কাগজত বা গ্ৰাফ বহীত অংকন কৰা হয়।ৰেখা লেখ অংকন কৰিবলৈ লেখ কাগজত আনুভূমিক আৰু উলম্ব ভাবে দণ্ড দুডাল ল’ব লাগে। তদুপৰি তথ্য উপস্থাপনৰ সময়ত আন স্তম্ভ লেখ বা দণ্ড লেখ ৰ দৰেই ইয়াতো প্ৰয়োজন আৰু সুবিধা অনুসৰি দুয়োডাল অক্ষত উপযুক্ত একক ধৰি লোৱা হয়। তথ্য বোৰৰ সা‍ংখিক মান উলম্ব দণ্ডত আৰু বিষয়বস্তুৰ মান আনুভূমিক দণ্ডত বহুৱা হয়। শেষত উপস্থাপন কৰা বিন্দু বোৰক সংযোগ কৰি পোৱা লেখ ডালেই হৈছে ৰেখা লেখ।

ৰৈখিক লেখ (linear graph): ৰৈখিক মানে পোন, একে দিশত গতি কৰা বা দিশৰ সালসলনি নকৰা। গাণিতিক ভাষাত আমি ক’ব পাৰোঁ ৰৈখিক লেখ হৈছে লেখ কাগজ বা চক কাগজত অঁকা এক সৰল ৰেখাৰ নক্সা যি দুই বা ততোধিক পৰিমাণৰ মাজত সংযোগ বা সম্পৰ্ক দেখুৱায়।

চক কাগজ হৈছে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ বৰ্গৰ এখন কাৰ্টেজীয় সমতল । কোনো এটা বিন্দুৰ সঠিক অৱস্থান নিৰ্ণয় কৰিবৰ বাবে দুডাল নিৰ্দেশক ৰেখাৰ প্ৰয়োজন হয়। লেখ কাগজত প্ৰয়োজন আৰু সুবিধা অনুসৰি X- অক্ষ আৰু Y- অক্ষ দুডাল ৰেখা লম্বভাৱে অংকন কৰা হয়। এই দুয়োডাল অক্ষ প্ৰকৃততে দুডাল সংখ্যাৰেখা । দুই অক্ষই কটাকটি কৰা বিন্দু ক মূল বিন্দু (O,O) বোলা হয়। মূল বিন্দু ৰ সাপেক্ষে নিৰ্ধাৰিত বা প্ৰয়োজনীয় বিন্দুবোৰ বহুওৱা হয়। লগতে তথ্যৰ মানৰ ওপৰত ভিত্তি কৰি লেখ কাগজখনৰ‌ আকাৰ অনুসৰি এককবোৰ নিৰ্ধাৰণ কৰি লোৱা হয়।
১৭ শতিকাত ফৰাচী দাৰ্শনিক তথা গণিতজ্ঞ ৰেণে ডেকৰ্টিজে পোন প্ৰথমে এখন সমতল ভূমিত থকা কোনো এটা বিন্দুৰ অৱস্থান নিৰ্ণয় কৰা পদ্ধতিটো ব্যৱহাৰ কৰিছিল। সেয়ে এই পদ্ধতি টোক কাৰ্টেজীয় স্থানাংক পদ্ধতি নাম দিয়া হয়।কাৰ্টেজীয় পদ্ধতিত X আৰু Y অক্ষই সমতল খনক চাৰিটা ভাগত বিভক্ত কৰে। প্ৰতিটো ভাগক ‘চোক’ বুলি কোৱা হয়।

ৰেখা লেখ লগত তুলনা কৰিলে দেখা যায় ৰেখা লেখত কিছুমান ৰেখাখণ্ড সংযোগ হৈ থাকে। কেতিয়াবা এই লেখ ডাল সম্পূৰ্ণ অবিচ্ছিন্ন ৰেখাও হ’ব পাৰে, এনে ধৰণৰ অবিচ্ছিন্ন ৰেখা লেখকে ৰৈখিক লেখ বোলা হয়। ৰৈখিক লেখৰ সহায়ত এটা বিন্দুৰ অৱস্থান অতি সহজতে নিৰ্ণয় কৰিব পাৰি।

বন্দিতা শৰ্মা কন্দলি
দেৰগাঁও।