ৰূপ কোঁৱৰ তুমি ৰূপৰ কোঁৱৰ – দিপ্তী মনি গোস্বামী

ৰূপ কোঁৱৰ তুমি ৰূপৰ কোঁৱৰ
দিপ্তী মনি গোস্বামী, লখিমপুৰ
ৰূপ কোঁৱৰ
তুমি ৰূপৰ কোঁৱৰ
অতীত বৰ্তমান
ভৱিষ্যত সামৰি
শিল্পী তুমি তিনিও কালৰ।
পৰমানন্দ কিৰণময়ীৰ
কোলা শুৱনি কৰি
অসমৰ নাম তুলিলা জিলিকাই
ইহ কাল পৰকাললৈ অনবদ্য বৰঙণি আগবঢ়াই।
দেৱজানী তোমাৰ প্ৰেমৰ সৰোবৰত ফুলা পদুম
চিন্ময় বিশ্বেন্দু দুটি পুত্ৰৰ সৈতে পাঁচ কন্যা
জয়শ্ৰী জ্ঞানশ্ৰী সত্যশ্ৰী হেমাশ্ৰী মনশ্ৰী
তোমাৰ ফুলনিৰ সৌন্দৰ্য মনোৰম।
সুৰকাৰ গীতিকাৰ নাট্যকাৰ লেখক উপাধি লৈ
প্ৰথম ছবি জয়মতী কৰি অমৰ হলা চিৰদিনলৈ
জন্ম মৃত্যুৰ একেই তাৰিখ (সোতৰ) বাছি ললা তুমি
জন্ম তিথিত পুণৰ তোমাক সোঁৱৰিছোঁ আজি।