ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ বক্তৃতানুষ্ঠান

ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ বক্তৃতানুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা-  গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে আৰু নৱজাগৰণ সংঘৰ আহ্বান মৰ্মে ১৮ জুনত মহানগৰীৰ ধীৰেনপাৰাস্থিত নৱজাগৰণ সংঘৰ প্ৰাংগনত ‘এলানি বক্তৃতানুষ্ঠান’ অনুষ্ঠিত হয়৷শ্যামন্তিকা কলিতাই এটি সৰস্বতী বন্দনাৰে কাৰ্যসূচী শুভাৰম্ভ কৰা অনুষ্ঠানত পৌৰোহিত্য কৰে সমাজৰ সভাপতি লংকেশ্বৰ ডেকাই৷সমাজৰ সম্পাদক গকুল বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত আদৰণী ভাষণ দিয়ে নৱজাগৰণ সংঘৰ সম্পাদক প্ৰদীপ কলিতাই৷ বক্তৃতানুষ্ঠানত ‘অসমীয়া ভাষাঃবৰ্ণিল যাত্ৰা,প্ৰত্যাশা আৰু প্ৰত্যাহ্বান’ বিষয়ত সাহিত্য সমাজৰ প্ৰাক্তন সভাপতি শিৱপ্ৰসাদ ভট্টাচাৰ্যই কয়-শংকৰদেৱ,মাধৱদেৱৰ পাছত বৃটিছ সকলে ১৮২৬ চনৰ ইয়ান্দাবু সন্ধিৰ জৰিয়তে অসমৰ শাসনভাৰ গ্ৰহণ কৰে আৰু শাসন কাৰ্য চলোৱাৰ সুবিধাৰ বাবে বঙালী লোকৰ আগমন ঘটে৷’মানুহ,বিজ্ঞান আৰু কিছুমান প্ৰশ্ন’ বিষয়ত প্ৰাক্তন অধ্যাপক সুশীল চন্দ্ৰ বৰঠাকুৰে কয়- জীৱন ধাৰণ সহজ কৰা বিজ্ঞানৰ প্ৰধান বিষয় বস্তু৷পৃথিৱীৰ নিয়ম কানুনকে বিজ্ঞান মনস্ক বুলি কোৱা হয়৷‘যুৱ সমাজ আৰু সামাজিক দায়বদ্ধতা’ বিষয়ত নৱজাগৰণ সংঘৰ সভাপতি সঞ্জীৱ দেৱ চৌধুৰীয়ে কয়- সামাজিক মাধ্যম সমাজৰ বাবে ক্ষতিকাৰক৷মাদক দ্ৰব্য,ড্ৰাগছ,ভাং আদি ব্যৱহাৰে যুৱচামক ধ্বংস কৰিছে৷চৰকাৰৰ বিনামূলীয়া আঁচনিয়ে মানুহক পংগু কৰিছে৷ ‘বাৰ্দ্ধক্যও জীৱনৰ এক আশীৰ্বাদ’ বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধ্যাপক ড° মুকুল চক্ৰৱৰ্তীয়ে কয়- স্বাস্থ্য ,চিকিৎসা,খাদ্য আদিৰ ক্ষেত্ৰত বাৰ্দ্ধক্যকালত সচেতন হ’ব লাগে৷বৃদ্ধাৱস্হাত অলাগতিয়াল কথাত লাগি থাকিব নালাগে৷অনুষ্ঠানত কৌস্তভ দাস,মন্হন কলিতা,ভাব্যঞ্জলি বড়ো,শুক্লেশ্বৰ কলিতা,স্বৰ্ণৱ বেজবৰুৱাই গীত,আয়ুষ্মান পৰাশে কবিতা আবৃত্তি কৰে৷অনুষ্ঠানত ‘জনসেৱা’ সঁচা মানুহ বিচাৰিৰ সভাপতি কুমুদ শৰ্মা,সাহিত্য সমাজৰ প্ৰাক্তন সম্পাদক উমেশ ভাগৱতীয়ে শলাগৰ শৰাই আগবঢ়ায়৷