ৰূপান্তৰ – কাজি শ্বাহাদত ইছলাম 

ৰূপান্তৰ

কাজি শ্বাহাদত ইছলাম 
জনিয়া, বৰপেটা

“কি যে হ’ব নহয় ইয়াক লৈ । স্কুলৰ পৰা আহি য’তে-ত’তে কাপোৰবোৰ দলিয়াই থৈ ঘেন্টাৰ ম’বাইলডালকে লৈ পৰি থাকে । ধেইৎ নোৱাৰিছোঁ আৰু ! কেতিয়া যে পৰিস্কাৰ-পৰিচ্ছন্নতা শিকিব । কৈ কৈ ভাগৰি পৰিছোঁ দেই !”

 ল’ৰাৰ অপৰিচ্ছন্নতা দেখি শতাব্দীৰ খঙে চুলিৰ আগ পালে গৈ । প্ৰত্যেকটো দিন ল’ৰাটোৰ এইবোৰ অশৃংখল কাম-কাজবোৰৰ বাবে আজিকালি অতিষ্ঠ হৈ পৰিছে তাই । আজি মানুহজন ঘৰত আহিলে ঠিক মতে অভিযোগ কৰিব । ল’ৰাটোক ভাল কৰিব নোৱাৰিলে তেওঁকো খেদিব ঘৰৰ পৰা । কম যন্ত্ৰণা নে তাইৰ । ইফালে সদায় টিফিন বক্স যেনেকৈ লৈ যায় তেনেকৈয়ে ঘূৰাই লৈ আহে । কাঠ পেঞ্চিল , ৰবৰ , শ্বাৰ্পনাৰ সদায় হেৰাই থৈ আছে । কিবাকৈ স্কেলডাল লৈ যাব পাৰিলেতো কথাই নাই , স্কুলৰ পৰা কমপ্লেইন অহাটো খাটাং ।

১০ বছৰীয়া সন্তান প্ৰিয়াংশু আৰু স্বামী ধৃতিৰাজৰ সৈতে খুবেই সুখী পৰিয়াল শতাব্দীৰ । স্বামীৰ চেকণ্ড হেণ্ড বাইকৰ শ্ব’ ৰুম আছে । ব্যৱসায় বেয়া নহয় । শতাব্দী হাউচ ওৱাইফ যদিও ঘৰত বহিয়েই কেকৰ ব্যৱসায় কৰে তাই । হুৱাটছআপ ফেচবুকৰ পৰা অৰ্ডাৰ লৈ কেক বনায় । তাৰে পৰা যি অলপ আহে নিজৰ খৰচটো মোটামুটি চলেই । ধৃতিৰাজে শতবাৰ মানা কৰা সত্ত্বেও তাই কেকৰ ব্যৱসায় এৰি দিয়া নাই । তাৰোপৰি তাই চিন্তা কৰিছে অহা মাহৰ পৰা অনলাইনত মেখেলা চাদৰ বিক্ৰী কৰিব । অৱশ্যে আজিকালি বহুতো মহিলাই এইবোৰ অনলাইন ব্যৱসায় কৰেই।

– প্ৰিয়ো , আহ ভাত খাই যা ।
– ৰ’বা মা অলপ আছে আৰু ।
– আহ বুলি কৈছোঁ । (খঙতে)
– অকে আহিছোঁ ।
– ভাত খাই দোকানৰ পৰা এপেকেট চাৰ্ফ লৈ আহ ।
– আৰু মোৰ কাৰণে ?
– আৰে ভাত খোৱাৰ পাছত আকৌ তোক কি লাগে ।
– প্লিজ মা ! ১০ টকা দিবা । এটা আলু চিপছ্ খাম প্লিজ!
– ভাত খোৱাৰ নাম নাই কেৱল চিপচ্-চকলেট । এনেই দুটা দাঁত পোকে খাইছে । যাহ কি মাথাটো খাৱ খাগৈ । ইয়াৰ পাছত পেটৰ বিষ বুলি ক’লে মজা পাবি ।
– থেংক ইউ মা ।

নাকে মুখে ভাত কেইগৰাহমান সুমুৱাই তেওঁ দোকানলৈ বুলি ওলালে । হাতত এশ টকীয়া নোট এখন । গেট খুলি ফুটপাথৰ ওপৰেৰে গৈ থাকোঁতে পিছফালৰ পৰা ৰঙা ৰঙৰ গাড়ী এখনে তেওঁৰ পিছে পিছে যাব ধৰিলে । পাঁচ মিনিট দূৰত্বৰ ৰাস্তাটো পাৰ হৈ দোকানৰ পৰা চাৰ্ফ এপেকট আৰু আলু চিপছ্ এপেকেট লৈ ঘৰলৈ বুলি বাট ল’লে । হঠাৎ গাড়ীখন তেওঁৰ সন্মুখত ৰৈ দিলে ।

– আৰে প্ৰিয়াংশু বেটা ক’ত গৈছিলা ?
– অ’ আপুনি হে । মই এনেই চক খাই উঠিলোঁ । মাৰ চাৰ্ফ এপেকেট লাগে কাৰণে এই দোকানখনত আহিছিলোঁ ।
– অহ আচ্ছা । গাড়ীত বহা মই সেইফালেই গৈ আছোঁ ।
– নাই নেলাগে আংকেল । খোজকাঢ়িয়ে যাওঁ ।
– নাই নাই । গুড বয়ৰ দৰে আহি গাড়ীত বহা ।
(বেচেৰা প্ৰিয়াংশুয়ে নিৰুপায় হৈ গাড়ীত বহিলে ।)

বহু দেৰিলৈকে প্ৰিয়াংশুয়ে ঘৰত নহা দেখি তাই চিন্তাত পৰিলে । গেইটৰ মুখলৈ আহি চাৰিওফালে বিচাৰিব ধৰিলে কিন্তু নাই ক’তোৱেই ! ভাবিলে লগৰীয়াৰ লগত আছে চাগে । কিন্তু চাৰ্ফৰ পেকেটটো তো অন্ততঃ দি থৈ যাব লাগে । এনেদৰে ১ ঘন্টা পাৰ হ’ল । নাই কোনো খবৰ নাই । অৱশেষত ধৃতিৰাজক কল কৰিলে ।

– হেল্লো ।
– ওঁ কোৱা ।
– প্ৰিয়োক চাৰ্ফ এপেকেট আনিবলৈ দোকানলৈ বুলি পঠালোঁ এঘন্টা পাৰ হ’ল এতিয়াও ঘৰলৈ ওভতা নাই চোন ।
– আছে ক’ৰবাত ওচৰে-পাজৰে । চিন্তা নকৰিবা খবৰ কৰাচোন । মই অলপ দেৰি পাছত আহি আছোঁ ।

২ ঘন্টা উকলি গ’ল । নাই , ল’ৰাটোৰ পাত্তা নাই । ধৃতিৰাজেও শ্ব’ৰুমৰ পৰা আহি পালে । লগৰবোৰৰ ঘৰত খবৰ কৰিলে কিন্তু কোনেও ক’ব পৰা নাই । দহ বছৰীয়া ল’ৰাটো ইমানোতো অবুজ নহয় । পিছে গ’ল ক’ত ? সন্ধিয়া ঘনাই আহিল । অৱশেষত পুলিচলৈ যাবলৈ সিদ্ধান্ত ল’লে ।

– চাৰ আমাৰ ল’ৰা প্ৰিয়াংশুক বিচাৰি পোৱা নাই । প্লিজ্ বিচাৰি দিয়ক চাৰ ।
– কেতিয়াৰ পৰা বিচাৰি পোৱা নাই ।
– চাৰ মোটামুটি তিনি বজাৰ পৰা । আচলতে স্কুলৰ পৰা আঢ়ৈ মান বজাত ঘৰ আহি পাইছে । ভাত খোৱাৰ পাছত তেওঁৰ মাকে চাৰ্ফ এপেকেট আনিব দিয়াত সেই যে ওলাই গ’ল আৰু ওভতা নাই চাৰ ।
– বয়স কিমান মান হ’ব ?
– প্ৰায় দহ বছৰ । এইতো ফটো চাওক চাৰ ।
– আচ্ছা ফটোখন মোৰ হুৱাটছআপ নাম্বাৰত ছেণ্ড কৰক । গোস্বামী (হাবিলদাৰ), ফটোখন প্ৰিন্ট কৰি ঠায়ে ঠায়ে লগাই দিয়া আৰু পেপাৰ সমূহতো দি দিয়া । তলত থানাৰ এড্ৰেচ আৰু ফোন নাম্বাৰ দি দিয়া ।
– আচ্ছা আপোনাৰ লগত কাৰো দুচমনি অথবা এনেকুৱা কোনো কাৰণ যাৰ বাবে আপোনাক ব্লেক মেইল কৰিব পাৰে ?
– নাই চাৰ , সকলোৰে লগত আমাৰ ভালেই ।
– তেওঁৰ ঘনিষ্ঠ বন্ধু ?
– আছে , আবিৰ তেওঁৰ নাম । তাতেও যোৱা নাই ।

ইন্সপেক্টৰ চলিহাই তেওঁলোকক আশ্বাস দি ঘৰলৈ পঠিয়াই টিম এটা লৈ ওলাই গ’ল আৰু অসহায় দম্পতিটো ঘৰলৈ গুচি গ’ল । চহৰখনৰ প্ৰতিটো এলেকাত পুলিচে তন্ন তন্ন কৈ বিচাৰিলে যদিও ফলাফল শূন্য । অৱশেষত ইন্সপেক্টৰ চলিহাই  পাঁচজনীয়া দল এটা লৈ সিহঁতৰ ঘৰলৈ আহিল ।

– মিষ্টাৰ ধৃতিৰাজ , এতিয়ালৈকে ধন দাবী কৰি কোনোধৰণৰ কল আহিছে নে ?
– নাই অহা ছাৰ ।
– ঠিক আছে অপেক্ষা কৰক আহিব পাৰে । আৰু যদি নাহে তেন্তে আমি অন্য ধৰণেৰে ভাবিব লাগিব কাৰণ কিডনেপিঙৰ উদ্দেশ্য বেলেগো হ’ব পাৰে ।

সকলোৱে বহি কলৰ অপেক্ষা কৰিবলৈ ধৰিলে ।

শতাব্দীৰ অৱস্থা বৰ কাহিল হৈ পৰিছে মুখৰ ফালে চাবই নোৱাৰি । ধৃতিৰাজে নিজকে যিমান পাৰি সবল ৰাখি তাইক সাহস দিছে । অৱশ্যে ভিতৰি ভিতৰি তেৱোঁ ভাগি নপৰা নহয় । হঠাৎ অচিনাকী নাম্বাৰৰ পৰা ধৃতিৰাজৰ ম’বাইলত কল আহিল ।

– এক মিনিট । মই যি কৈছোঁ মন দি শুনক । যিমান পাৰে বেছি সময় কথা পাতক আৰু আপোনাৰ ওচৰত পুলিচ থকাটো যাতে গম নাপায় । ৰিচিভ কৰক ৰিচিভ কৰক ।

তৎক্ষণাৎ পুলিচৰ টিমটোয়ে কম্পিউটাৰত লোকেচন আৰু চিম কাৰ্ডৰ মালিকৰ নাম ঠিকনা বিচাৰিবলৈ আৰম্ভ কৰিলে । শতাব্দীয়ে নিজৰ মুখেৰে কাপোৰ সুমুৱাই বিলাপ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিলে ।

– হেল্লো কোনে কৈছে (ধৃতিৰাজৰ কণ্ঠত ভয় আৰু কান্দোনৰ ছাপ)

– মই কোন সেয়া বাদ দে । ল’ৰাক বচাবলৈ ইচ্ছা আছে যদি দুই কৌটি টকাৰ বন্দোবস্ত কৰ জল্দি । কাইলৈ দিনৰ বাৰটাৰ আগতে মই দিয়া ঠিকনাতে পইচা লৈ আহিবি । নহ’লে তোৰ বেটা খাল্লাচ… হাঃ হাঃ হাঃ ।

– হেল্লো… হেল্লো… হেল্লো…

– কিডনেপাৰো কম চতুৰ নহয় । মিনিট নৌহওঁতেই ফোন কাটি দিলে । পুলিচে কিনেপাৰক ঢুকি পায়ো যেন ঢুকি নাপালে । লোকেচন বিচাৰিব নোৱাৰিলেও নাম্বাৰটোৰ মালিকজনৰ নাম ঠিকনা বিচাৰি পালে । কিন্তু দুখৰ বিষয়টো হ’ল মালিক জন বহুত দুখীয়া । তেওঁৰ ম’বাইলটো কেইদিনমান আগতেই হেৰুৱাইছে । তেওঁ ম’বাইল হেৰুৱাৰ কথা থানাত জনাইছে নে নাই বুলি সোধাত তেওঁ ক’লে -” আমি দিন আনি দিন খোৱা দুখীয়া মানুহ , গতিকে আমি থানালৈ গ’লে ফোন পোৱাতো দূৰৰে কথা ওলোটাই আমাৰ নিচিনা মানুহৰ কেচ গ্ৰহণেই নকৰিব । গতিকে মই যোৱা নাই ।

– আপুনি ভুল কৰিছে । কোনে কৈছে আপোনাৰ কেচ গ্ৰহণ নকৰিব বুলি হা ? এতিয়া জেইল যাবলৈ প্ৰস্তুত হৈ থাকক আমি আকৌ আহিম ।

– কিয় ,  কি হৈছে বাবু ?
– চুপ !! একদম চুপ ।

চলিহাৰ খঙৰ প্ৰকোপত মানুহজন পেঁপুৱা লাগি গ’ল । অন্যান্য পুলিচে চলিহাৰ আদেশত ঘৰখন তন্ন তন্ন কৈ অনুসন্ধান কৰিলে যদিও একো সূং-সূত্ৰ নাপালে । আহোঁতে মানুহজনৰ ফটো আৰু সকলো ডকুমেন্ট লৈ আহিল আৰু কৈ আহিল কেচটো সমাধান হোৱাৰ আগতে কোনোপধ্যেই যাতে দেশৰ বাহিৰলৈ নাযায় আৰু থানাৰ পাৰা মাতিলেও যাতে তৎক্ষণাৎ গৈ উপস্থিত হয়।

– ধৃতি , তুমি মোৰ সন্তানক মোৰ বুকুত আনি দিয়া নহ’লে মই মৰি যাম । ধৃতি প্লিজ আনি দিয়া ।

শতাব্দীৰ কান্দোন চাই ধৃতিৰাজেও তাইক সাবটি লৈ চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে । কি কৰিব… ক’ত যাব… তেওঁ একো উহাৱদিহ পোৱা নাই । এতিয়া সন্তানক পোৱাৰ এটাই ৰাস্তা । যিয়েই নহওক তাইৰ খালি বুকু পূৰাবই লাগিব , প্ৰিয়াংশুক আনিবই লাগিব । জীৱনত টকা বহুত আহিব বহুত যাব কিন্তু নিজৰ সন্তানটোক হেৰুৱালে আৰু দুনাই নাপায় । খুব কম সময়ৰ ভিতৰতে শ্ব’ৰুমৰ লকাৰত থকা ডেৰ কৌটি টকা আৰু দুজন বন্ধুৰ পৰা পঞ্চাছ লাখ টকা যোগাৰ কৰিলে । সন্ধিয়াৰ পাছত পুলিচৰ কল আহিল ।যিকোনো নতুন ইনফৰ্মেচন পুলিচক জনাবলৈ যাতে পাহৰি নাযায়  আৰু কোনোপধ্যেই যাতে কিডনেপাৰক টকা পইচা নিদিয়ে । কাৰণ তেওঁলোকে কিনেপাৰক ধৰিবলৈ ডাঙৰকৈ জাল পাৰিছে ।  এতিয়া তেওঁ নতুনকৈ সমস্যাত পৰিলে । হাতত টকা আছে যদিও পুলিচে নিষেধ কৰা কাৰণে দিব নোৱাৰে । টকাৰ বাণ্ডল হাতত লৈ দুয়ো বহি থাকিল । হঠাতে বেলেগ এটা নাম্বাৰৰ পৰা কল আহিল ।

– হেলো কোনে কৈছে । (ধৃতিৰাজৰ চিন্তাক্লিষ্ট কণ্ঠস্বৰ)
– শুন এতিয়াই আধা ঘন্টাৰ ভিতৰত তোৰ শ্ব’ৰুমৰ পাছফালে আহ । টকা দে আৰু তোৰ ল’ৰাকৈ লৈ যা । আধা ঘন্টাতকৈ দেৰি হ’লে কিন্তু…। আৰু তোৰ ওপৰত আমাৰ নজৰ আছে বুজিলি । পুলিচক খবৰ কৰিলে তোৰ পুতেকৰ ডেডবডিও নাপাবি কৈ থ’লোঁ।
– হেলো হেলো মই আহি আছোঁ…! আহি আছোঁ তেওঁৰ কোনো ক্ষতি নকৰিব । আহি আছোঁ মই ।
কিডনেপাৰৰ কথা শুনি শতাব্দী বেহুচ হৈ পৰি গ’ল । ধৃতিৰাজে মাথাত পানী ঢালিলত জ্ঞান ফিৰিল তাইৰ ।
– চোৱা ধৃতি , বাবাক (প্ৰিয়াংশু) আনি নিদিলে মই নদীত জাপ দিম কিন্তু !
– ৰ’বা জান । তুমি এনেকৈ কিয় কৈছা । সি মোৰো সন্তান নহয় জানো ? মোৰ কলিজাও জ্বলি আছে জান । প্লিজ ধৈৰ্য ধৰা ।
শতাব্দীক বুজাই পৰাই ঘৰতে থৈ তেওঁ কাৰখনত টকা ভৰ্তি চুইটকেচটো থ’লে । কিন্তু দূৰৈত পুলিচৰ বিচৰণ দেখা পাই কাৰখন লৈ নোযোৱাটোৱে শ্ৰেয় বুলি ভাবি প্ৰিয়াংশুৰ চাইকেলখন লৈ পাছফালৰ ৰাস্তায়েদি ওলাই গ’ল ।

অমাৱস্যাৰ ঘোৰ আন্ধাৰত বহু কষ্ট কৰি কিডনেপাৰে উল্লেখ কৰা ঠাইখনত গৈ উপস্থিত হ’ল । সন্মুখত দুই তিনিটা ছাঁ যেন কিবা দেখা পালে । তেওঁ জীৱনক বাজী ৰাখি সিহঁতৰ পিনে আগুৱাই গ’ল ।

– টকা আনিছ ?
– আমাৰ ল’ৰা ক’ত ?
– আগতে টকা তাৰ পাছত ল’ৰা ।

নিৰুপায় হৈ পৰা ধৃতিৰাজৰ হাতত টকাবোৰ সিহঁতক দিয়াৰ বাহিৰে কোনো পথ নাই । চুইটকেচটো সিহঁতলৈ আগবঢ়াই দি সিহঁতৰ ওচৰত প্ৰিয়াংশুক ভিক্ষা খুজিলে । তেওঁলোকে প্ৰিয়াংশুক তেওঁৰ শ্ব’ ৰুমৰ ভিতৰত ৰাখিছে বুলি কৈ অন্ধকাৰৰ মাজত হেৰাই গ’ল।

সন্তানৰ বাবে পাগল হৈ তেওঁ দৌৰি গৈ শ্ব’ৰুমটো খুলি ভিতৰত হুইল চিয়াৰত বহি থকা অৱস্থাত পালে । ৰচিৰে হাত ভৰি বন্ধা , গামোচাৰে চকু বন্ধা আৰু মুখত টেপ লগোৱা অৱস্থাত পাই সন্তানক সাবটি ধৰি চুমিবলৈ ধৰিলে । ততাতৈয়াকৈ হাত-ভৰি আৰু চকুৰ বান্ধ লগতে মুখৰ টেপৰ খুলিলে । প্ৰিয়াংশুৰ অৱস্থা ইমানেই বেয়া যে মুখলৈ চাবই নোৱাৰি । কিন্তু এটা কথা ভাবি তেওঁ আচৰিত হৈছে যে শ্ব’ৰুমৰ ভিতৰত কিডনেপাৰ সকলে প্ৰৱেশ কৰিলে কেনেকৈ  । সকলো দেৱাল তথা চাৰ্টাৰ অক্ষত আছে । চাবিয়েদি চাৰ্টাৰ খোলাৰ বাহিৰে অন্য পদ্ধতিত নিশ্চয় ভিতৰত সোমাব পৰা নাই । আৰু ডুপ্লিকেট চাবিবোৰ কেৱল শতাব্দীৰ হাতত হে আছে । তেন্তে সোমাল কেনেকৈ ! ইয়াৰ সমাধান পাছতো বিচৰা যাব বুলি ভাবি তেওঁক লৈ তৎক্ষণাৎ ঘৰলৈ গুচি আহিল। কিন্তু ঘৰত শতাব্দী নাই  । তেওঁৰ মনত পৰিল প্ৰিয়াংশুক নাপালে তাই নদীত জাপ দিয়াৰ কথা কৈছিল । ইছ্ তাইতো গমেই নাপায় যে প্ৰিয়াংশুক উদ্ধাৰ কৰা হ’ল । গতিকে নৈত জাপ দিলেই নেকি ! দৌৰা দৌৰিকৈ দুয়ো নৈৰ পাৰলৈ গ’ল । শতাব্দী নাই কিন্তু তাইৰ চেণ্ডেলযোৰ পাৰত পৰি আছে । চেণ্ডেলযোৰ বুকুত লৈ দুয়ো হাওমাওকৈ কান্দিবলৈ ধৰিলে । আৰু কিছু সময় অপেক্ষা কৰিলে তাই আজি চৰম সিদ্ধান্ত বাচি ল’ব লগা নহ’লহেঁতেন । দুয়ো চকু মচি ঘৰলৈ গুচি আহিল । কাইলৈ থানাত যাব আৰু পুলিচক সকলো ভাঙি পাতি ক’ব ।

– বাপৰে ইমান দেৰি কৰে নে ? ধেইৎ !
– ছৰি পাগলু ! ব’লা ব’লা পুলিচ আহিব পাৰে ।
– তোমাক মানিছোঁ দেই । “ইস্ক মে ঔৰ জংগ মে ছব চলতা হে য়াৰ ” কথাটো প্ৰমাণ কৰিয়েই দিলা ন ?
-ওঁ ! হাঃ… হাঃ… হাঃ… । বেচেৰা দুজনলৈ বেয়াই লাগিছে ।
– মোৰো আবিৰলৈ মনত পৰিছে বহুত…!