ৰূপহী-ইভা গন্ধীয়া ফুকন

Pc Unsplash
ৰূপহী
        আজি ৰূপহী আইতাৰ বিয়াৰ দিনটোলৈ বৰকৈ মনত পৰিছে।ৰূপহী নাম যেনে দেখাটো তেনে,কামে বনে পাকৈত ।আজিৰ পৰা প্ৰায় সত্তৰ বছৰ মানৰ আগতে ওৰণিৰে মুখ ঢাকি এইখন ঘৰত ভৰি দিছিল।শহুৰ- শাহুৰৰ চৰণত সেৱা ধৰি যুগ্ম জীৱন আৰম্ভ কৰিছিল। দেওৰ ননদেৰে ভৰপূৰ এখন ঘৰ।
নতুন মানুহ নতুন পৰিবেশ।ৰূপহীয়ে কম দিনৰ ভিতৰতে সকলোৰে আদৰ সন্মান বুটলিবলৈ সক্ষম হৈছিল।বঙহৰদেও আছিল মনে মিলা মৰমিয়াল চৰকাৰী চাকৰিয়াল।যদিও বিয়াৰ আগত দুয়ো দুয়োৰে মুখ দেখা নাছিল,বিয়াৰ পিছত দুয়ো ইজনে সিজনক বুজাত অসুবিধা হোৱা নাছিল।লাহে লাহে প্ৰেমো গভীৰ হৈ আহিল।
      বিয়াৰ এবছৰৰ পিছতে এটি কন্যা সন্তানৰ মাতৃ হৈ মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিছিল। সকলোৰে আলাসৰ লাড়ু হৈ ডাঙৰ হৈছে কন্যাটি।দুবছৰৰ পাছত এটি পুত্ৰ জন্ম হয়।সংসাৰ খন সকলোৰে সহায়ত আগবঢ়াই নিবলৈ ৰূপহীৰ অলপো কষ্ট হোৱা নাছিল।ননদেকক এখন আঢ্যৱন্ত ঘৰলৈ বিয়া দিলে। দেওৰেকেও বিয়া পাতি বেলেগকৈ ঘৰ সংসাৰ কৰিছে।
        ল’ৰা ছোৱালী দুটি পঢ়াত মেধা।দুয়ো সুখ্যাতিৰে শিক্ষা সাং কৰি চাকৰিত যোগদান কৰিলে।মাক হিচাপে সকলো দায়িত্ব পালন কৰি  সিহঁতৰ জীৱন গঢ় দিলে।শহুৰ শাহুও ইহ সংসাৰ ত্যাগ কৰিলে।ল’ৰা ছোৱালী কৰ্ম সূত্ৰে ঘৰৰ বাহিৰত  থাকিব লগা হৈছে। ঘৰত স্বামী আৰু ৰূপহী দুয়ো ঘৰৰ হাঁহ,পাৰ,গৰু ,ছাগলীৰ লগত লাগি সময় পাৰ কৰিব ধৰিলে।নিজৰ বাৰীতে দুই এটা শাক -পাচলি লগাই ব্যস্ত থাকে।স্বামীৰ অৱসৰ গ্ৰহণৰ পিছত পেঞ্চনৰ টকাৰে দুয়ো চলি গৈছে।ল’ৰা ছোৱালীক দিব লগা হোৱা নাই।তাঁহাতি নিজে নিজৰ উপাৰ্জনৰ পথ বাছি লৈছে।দুই বুঢ়া- বুঢ়ীয়ে ইজনে সিজনৰ মুখ চাই দিন পাৰ কৰিছে।
 “সাঁতোৰ সাঁতোৰ নিজ বাহুবলে সাঁতুৰিব নোৱাৰিলে যা ৰসাতলে “এইগতি দুই বুঢ়া -বুঢ়ীৰ।
ল’ৰা ছোৱালীয়ে নিজৰ পছন্দ মতে বিয়া কৰাই নিজৰ নিজৰ সংসাৰত ব্যস্ত।মাজে সময়ে আহি গৈ খা-খবৰ কৰি থাকে।তাতে সন্তোষ লভিব লগা হৈছে।উপায় নাই নিজৰ কৰ্ম এৰি আহিব নোৱাৰে।আপত্তিও কৰা নাই ৰূপহীয়ে।সকলো ভালে কুশলে থাকিলে হ’ল আৰু বুলি চলি গৈছে।
         এদিন হঠাতে বাৰীত কাম কৰি থাকোতে স্বামীৰ গা বেয়া লাগিছে বুলি আহি বিচনাত পৰিল।সেই পৰিল যি পৰিল আৰু নুঠিল। দুদিন মান নৰীয়াত পৰিয়ে ৰূপহীৰ স্বামী ইহঃ সংসাৰৰ মায়া-মোহ এৰি অজান মুলুকলৈ গুচি গ’ল।যাবৰ সময়ত ৰূপহীৰ হাতত ধৰি যেন কিবা কব খুজিছিল।কব হে নোৱাৰিলে।মুখেৰে একো ক’ব নোৱাৰিলেও হাতৰ স্পৰ্শই যেন বুজালে তোমাকো লগতে  লৈ যাওঁ,অকলে এৰি নাযাওঁ এই নিজান ঘৰত।কাক নিব কাক থৈ যাব বিচাৰ কৰাৰ কাৰো সাধ্য নাই নিয়তিৰ ওচৰত।ৰূপহীৰ মূৰত যেন সৰগ ভাগি পৰিল।দেউতাক ঢুকোৱাৰ গম পাই সকলো আহি গোট খালে।পু-বোৱাৰী, জী-জোঁৱাই,নাতি নাতিনী, মিতিৰ কুটুম্ব সকলো গোট খালেহি।ঘৰ ভৰি পৰিল।ৰূপহীৰ হে হিয়া উদং হৈ থাকিল।
পুত্ৰই বিদায় দিব কান্দি কান্দি
ভাজ্যাই বিদায় দিব বগা সাজ পিন্ধি
কপালৰ ৰঙা ফোঁট মচি মচি—-
দেহবিচাৰ গীত ফাকি যেন আজি সঁচা হৈ পৰিল।
পিছদিনা ৰূপহী আইনাৰ আগত ঠিয় হৈ থৰহৰি কম্পমান।শিৰত ৰঙা সেন্দুৰ বুলাই
কপালত দগমগীয়া ৰঙা বেলিৰ দৰে ফুট লৈ যিখন ঘৰত ভৰি দিছিল আজি সেইখন ঘৰত উকা কপাল,তাইৰ কলিজা ফাটি যেন দুফাল হৈছে।নিজকে আজি এলাগী এলাগী লাগিছে।ইমান দিনে সকলোৱে ৰূপহী বুলি কৈ অহা মানুহ গৰাকী আজি এলাগী হৈ পৰিল। এইয়াই নেকি হিন্দু ধর্মৰ নিয়ম।কোনে বান্ধিলে এই নিয়ম?
পত্নী ঢুকালে পুৰুষে নামানে চোন কোনো নিয়ম—-
 নীতি নিয়মেৰে দহা-কাজ সমাপ্ত হ’ল।গিৰিয়েকৰ পেঞ্চনটো(Famely pension) ৰূপহীৰ নামলৈ কৰি,ৰূপহীৰ লগত থাকিবলৈ এগৰাকী ছোৱালী যোগাৰ কৰিলে।আইনমতে কোনো নাবালক- নাবালিকা বনকৰা ল’ৰা-ছোৱালী হিচাপে ৰাখিব নোৱাৰে।সেয়ে তাইক ওচৰৰ স্কুল এখনত নাম লগাই দিলে।জী-জোঁৱাইহঁত যোৱাৰ দুদিনৰ পিছত পু-বোৱাৰীহঁত যাব ওলাল ।সিদিনাহে ৰূপহীয়ে অকলশৰীয়া অনুভৱ কৰিলে।শোকে খুন্দা মাৰি ধৰিলেও মনৰ শোক মনতে মাৰ যোৱাই পু হঁতক বিদায় দিলে।সিদিনা ৰূপহী বুঢ়ীৰ ৰাতি টোপনি নাহিল।বিচনাত পৰি জীৱনৰ সুখ-দুখ, হাঁহি-কান্দোনৰ হিচাপ নিকাচ কৰি থাকোতে ৰাতি পুৱাল।ঘৰত থকা ছোৱালী ৰীমাই মাত দিয়াত হে  বাস্তবলৈ ঘুৰি আহিল।
        এইদৰে অতীতৰ স্মৃতি ৰোমন্থন কৰি ঘৰখনি সাৱটি আছে।পূজা পাৰ্বনে পু-জী হঁত তেওঁৰ ওচৰলৈ আহে।সেই কেইদিন তেওঁৰ আনন্দৰ সীমা নাথাকে।নাতি-নাতিনীৰহৈতে কেনেকৈ নো সময় পাৰ হয় গমকে নাপায়।মাজে সময়ে পু-জী ৰ ঘৰলৈ নোযোৱা নহয়।ঘৰত থাকিলেও ফোনত খা-খবৰ লৈ থাকে প্ৰতিদিনে।এইদৰে কেইবাটি বছৰ পাৰ হ’ল।
      ৰীমাই স্কুলৰ দেওনা পাৰ হৈ কলেজত ভৰি দিলে।দেশত কৰ’না মহামাৰীয়ে দেখা দিলে।লগে লগে লক ডাউন ঘোষণা, স্কুল কলেজ বন্ধ হৈ পৰিল।স্কুল কলেজত অনলাইন ক্লাছ আৰম্ভ কৰিব ধৰিলে।ৰীমাই ৰূপহী আইতাকক ক’লে আইতা কলেজৰ ক্লাছ কৰিবলৈ লগৰ ল’ৰা ছোৱালীৰ লগত কথা পাতিবলৈ মোক ফোন এটা লাগে।বুঢ়ীয়ে বোলে মোৰটোকে লবি।ৰীমাই হাঁহিলে,অ আইতা তোমাৰ সেইটোত অকল কথাহে পাতিব পাৰি।অনলাইন ক্লাছ সেইবোৰত কৰিব নোৱাৰি নহয়।অ হয় নেকি ৰ তেনে তোক এটা ফোন কিনি দিম।এইবুলি পুতেকক ফোন কৰি কোৱাত পুতেকে ঘৰৰ ঠিকনা দি অনলাইনত এটি স্মাৰ্ট ফোন অৰ্ডাৰ দি দিলে।এক সপ্তাহত ফোন আহি পালে।ফোন পাই ৰীমা ফোনত আত্মহাৰা।আজিকালি ইণ্টাৰনেটৰ যুগ।Whatsapp, Facebook, Instagram আদিৰ যুগ।ৰীমাই ফোনতে বেছি সময় কটাব ধৰিলে পঢ়াৰ নামত।ৰূপহী বুঢ়ীৰ সেইবোৰ বেদৰ বাহিৰৰ কথাৰ দৰে।একো ভু-ভা নাপায়——
লক ডাউনৰ সময় চোৱাত শাক পাচলি ঘৰতে দি যায় বেপাৰীয়ে।মাছ মাংসও দি যায় ঘৰতে।ৰীমা ভৰযৌৱনা।পাচলি দিবলৈ অহা সুঠাম ডেকাৰ ভৰযৌৱনা ৰীমা চকুত নপৰা নহয়।পাচলি দিবলৈ অহা চলেৰে কেতিয়াবা ঘৰৰ বৰান্দাতে বহেহি।ৰূপহী বুঢ়ীয়ে ভাবে কষ্ট কৰি ঘূৰি ঘূৰি ভাগৰ লাগিছে,সেয়ে ৰীমাক চাহ একাপ দিব কয়।এইদৰে সিহঁতৰ চাৰিচকুৰ মিলন ঘটে। চকুৰ চাৱনিত যেন প্ৰেমৰ মুকুতা জিলিকে।ফোনৰ নম্বৰৰ আদান প্ৰদান আৰম্ভ। ফোনতে কথা পাতি দিনত ৰূপহী বুঢ়ী শুই থকা সময়কণ দুই ডেকা-গাভৰুয়ে সদ ব্যৱহাৰ কৰিব ধৰিলে।ল’ৰা আহি ঘৰত সোমাই ৰীমাৰ লগত কথা বতৰা পাতি বহি থাকে।এইদৰে কিছুদিন চলি আছে।দুয়ো প্ৰেমৰ নিজৰাত উটি -ভাঁহি সীমনা পাৰ হৈ এক হ’ল।যিটো বিয়াৰ পিছত হোৱাটো উচিত আছিল।ৰিমাও লাহে লাহে শকত হৈ অহা যেন হৈছে।খোৱা বোৱা ভালকৈ কৰিব মন নকৰা হৈছে।ৰূপহীয়ে কথাটো লক্ষ নকৰা নহয়।পেটটো অলপ বাঢ়ি অহা যেন দেখি ৰূপহীয়ে তাইক সুধিলে তই কিমান দিন হ’ল গা- মূৰ নোধোৱাকৈ থকা?
          বুঢ়ী বয়সে গৰকা অভিজ্ঞতাৰে পৰিপুষ্ট।ৰীমাই ক’লে পাঁচ মাহ।তই খালি খালি মোৰ সৰ্বনাশ কৰিলি।কথাটো ওচৰ চুবুৰীয়াই গম নোপোৱাকৈ পু-জীহঁতক মাতিলে।তেতিয়া লক ডাউন অলপ অলপ খুলিছে।বাহিৰৰ পৰা যি য’ত বন্দী হৈ আছিল চৰকাৰে আনিবলৈ ব্যৱস্থা কৰিছে।পু-জীহঁত যেনে তেনে ঘৰ পালেহি।ৰীমাক ডাক্তৰৰ ওচৰলৈ লৈ গলত সকলো ওলাই পৰিল।তাই বোলে পাঁচ মাহৰ গৰ্ভৱতী। বহুতো সোধা মেলা  কৰাত ৰীমাৰ মুখৰ পৰা ল’ৰাৰ নাম আৰু ফোন নম্বৰ ওলাল। ল’ৰাকো মাতি আনি সোধা পোছা কৰাত ল’ৰাই সৈ কাঢ়িলে। অৱশেষত সৰু- সুৰাকৈ সিহঁতৰ বিয়া পাতি দিলে।
           ৰূপহী থলৌ-থপৌ বুঢ়ী হ’লগৈ।কি কৰিব কি নকৰিব ভাবি পুতেকে লগত লৈ যাবলৈ সিদ্ধান্ত লৈছে।পু-বোৱাৰীও থাকিব নোৱাৰে সকলোৰে নিজৰ নিজৰ কৰ্তব্য স্থান এৰি অহাটো সম্ভৱ নহয়।বুঢ়ী কিন্তু যাবলৈ ৰাজী নহয়।কেনেকৈনো অতদিনে সাৱতি থকা আপোন ঘৰখন আপোন ঠাইখন এৰি, কাহানিও নেদেখা সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ঠাইলৈ যায়।ৰূপহীয়ে সিদ্ধান্ত ল’লে ঘৰৰ পৰা অলপ নিলগত থকা বৃদ্ধ আশ্ৰমত থাকিবগৈ।ঘৰৰ হাঁহ,পাৰ,ছাগলী,গৰু-গাই সকলো বিক্ৰী কৰি ঘৰৰ মায়া মোহ এৰি যাবলৈ ওলাল।যিদৰে মাতৃ গৃহৰ পৰা বিদায় লৈ বোৱাৰী সাজ পিন্ধিছিল,আজি সেই একেদৰে বৃদ্ধৰ সাজ পিন্ধি এইঘৰৰ পৰা বিদায় লৈ বৃদ্ধ আশ্ৰমৰ বাসিন্দা হ’লগৈ। আশ্ৰমত তেওঁৰ দৰে কেইগৰাকীমান লগ পালে।ৰূপহী তেখেতে সকলৰ লগত হাঁহি মাতি কথা বতৰা পাতি দিন পাৰ কৰিব ধৰিলে।ইগৰাকীয়ে সিগৰাকীয়ে নিজৰ নিজৰ এৰি অহা জীৱনৰ সোণালী দিনৰ ৰোমন্থন, দুখৰ ভাগ বতৰা কৰি দিন পাৰ কৰিছে।
ইভা গন্ধীয়া ফুকন