ৰূপহী অসম – প্ৰভাত বণিয়া

Pc andBeyond

ৰূপহী অসম

প্ৰভাত বণিয়া

অসম আমাৰ মাতৃ ভূমি
সুজলা সুফলা
ৰূপৰ নাই তুলনা
জাতি-জনগোষ্ঠী, হিন্দু-মুছলমান
সকলো ধৰ্মাৱলম্বী ভাই ভাই
থাকো মিলি জুলি
একেলগে ঘূৰি ফুৰো
একেলগে বাস কৰো

মাতৃ আমাৰ অসম
চিৰ চেনেহী
আইৰ ভাষা অসমীয়া
আমাৰ হৃদয়ৰ ভাষা
সুৱদী সুৰীয়া
জান প্ৰাণ দি জীয়াই ৰাখিম
জনম জনম

মহাপুৰুষ গুৰু শংকৰ-মাধৱ আৰু দামোদৰ হৰিদেৱ,
সমন্বয়ৰ প্ৰতীক আজান ফকীৰ
সাহিত্য কলা সংগীতৰ মহীৰূহ
জ্যোতি-বিষ্ণু, লক্ষ্মীনাথ

হিয়াৰ আমঠু
সুধাকণ্ঠ ভূপেন হাজৰিকা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
লাচিত,মণিৰাম পিয়লি,সতী জয়মতী,বীৰাংগনা
কনকলতা অসম গৌৰৱ আমাৰ স্বাভিমান

আমি অসমীয়া
বিহু আমাৰ বিনন্দীয়া
অতিকৈ চেনেহৰ জাতীয় উৎসৱ

জাকত জিলিকি উঠিছে আজি
বিশ্বৰ বুকুত
সুষমা নিৰুপমা
আমাৰ মাতৃ

ৰূপহী অসম।