ৰূপবান প্ৰকৃতি
নীলিম গগন, পুলকিত মন,
প্ৰকৃতি যে ৰূপবান;
উৰিছে পখিলী, বৰণ হেঙুলী,
উৰণীয়া হ’ল প্ৰাণ।
নানা বৰণীয়া, ফুলনী ধুনীয়া,
থাকে যে বতাহ বলি;
সুগন্ধিৰে ফুল, পৰাণ ব্যাকুল,
ফুলনী যে থাকে ফুলি।
মোৰ যে বেদনা, হ’ল নাইকিয়া,
দুখ নিলে উটুৱাই;
মোৰ যেন মনে, ভাবে ঘনে ঘনে,
প্ৰকৃতিৰ সম নাই।
মই ক্ষুদ্ৰতম, সেৱাই ধৰম,
প্ৰকৃতিয়েই মোৰ মা;
অনন্ত আশা লৈ, জনালোঁ প্ৰভুলৈ,
সুখী হওক ভূ আত্মা।
–নিতিষ্মান দাস
অষ্টম শ্ৰেণী