ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২১ সংখ্যক জন্ম দিৱস

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২১ সংখ্যক জন্ম দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা-  মহৎ প্ৰাণ মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২১ সংখ্যক জন্ম দিৱস উপলক্ষে  গুৱাহাটীৰ ভৰলুমুখত স্থাপিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ব্ৰঞ্জৰ মূৰ্ত্তিৰ পাদদেশত সদৌ অসম জ্যোতিপ্ৰসাদ নজৰুল জন্মজয়ন্তী পালন কমিটীৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, আলোচনা সভা আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয়। শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে কমিটীৰ সভাপতি ডা: চিত্ৰলেখা দাস আৰু উপ-সভাপতি সুভাষ গোস্বামী,জ্যোতিষ চহৰীয়া আৰু কমিটীৰ যুটীয়া সম্পাদক পল্লৱ পেগুৱে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি শ্ৰদ্ধা নিবেদন কৰে জ্যোতিপ্ৰসাদ আগৰৱালা স্মৃতি ৰক্ষা কমিটীৰ সম্পাদক অজিত আচাৰ্যৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কিশোৰ কিশোৰী সংগঠন কমচোমলৰ ৰাজ্যিক আহ্বায়ক জিংকু দলে,ব্ৰেকথ্ৰো চাইন্স ছছাইটিৰ ৰাজ্যিক আহ্বায় পিন্টু দেবনাথ, ভগৎ সিং লাইব্ৰেৰীৰ সম্পাদক প্ৰভাত ৰয়, বিশিষ্ট সমাজ কৰ্মী প্ৰমোদ ভাগৱতী, মহেন্দ্ৰ দাধুমীয়া আৰু উপস্থিত শতাধিক ছাত্ৰ ছাত্ৰীয়ে। আলোচনা সভাত আলোচক হিচাপে উপস্থিত থাকি ডা: চিত্ৰলেখা দাসে কয় যে জ্যোতিপ্ৰসাদে বিচৰা সেই শোষণহীন শিল্পীৰ ভাৰতবৰ্ষ আজিও গঢ়ি উঠা নাই, ধনতন্ত্ৰবাদৰ অৱক্ষয়ী সংস্কৃতিয়ে ছাত্ৰ যুৱ সমাজৰ নৈতিক মেৰুদণ্ড ভাঙি পেলাইছে। অশ্লীল সাহিত্য, অশ্লীল চিনেমা, অশ্লীল গান নাচ, যৌনধৰ্মী বিজ্ঞাপন আৰু মদ ড্ৰাগছ আদিয়ে গোটেই সমাজখন ছানি ধৰিছে আৰু এই পথেৰে ছাত্ৰ যুব পঙ্গু কৰি পেলাইছে। সাম্প্ৰদায়িকতাবাদ, গোষ্ঠীবাদে বিয়পাই দিয়াৰ ফলত কাৰ্যত ভাতৃঘাটী সংঘৰ্ষ হৈ আছে। এনে অন্ধকাৰ পৰিবেশত ছাত্ৰ যুব সকলৰ মাজত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ চৰ্চা অতিকৈ প্ৰয়োজন হৈ পৰিছে। লগতে তেওঁ কয় যে উন্নত আদৰ্শ, উন্নত নীত নৈতিকতা, উন্নত জীবনবোধ গঢ়ি তুলিবলৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিন্তা আমি প্ৰতিদিন জনমানহত লৈ যাব লাগিব। সাংস্কৃতিক অনুষ্ঠানত বহু শিল্পীয়ে জ্যোতি সংগীত পৰিবেশন কৰি অনুষ্ঠান মুখৰিত কৰি তোলে। সমবেত সংগীত পৰিবেশন কৰে প্ৰাগজ্যোতিষ মহাবিদ্যালয় আৰু আৰ জি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে।ইফালে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম দিৱসৰ চৰ্চা ব্যাপক আকাৰত লৈ যোৱাৰ প্ৰয়াসেৰে কিশোৰ কিশোৰী সংগঠন কমচোমলৰ উদ্যোগত আজি গুৱাহাটীৰ বিভিন্ন স্থানত সাংস্কৃতিক অনুষ্ঠান আৰু টেবল’ সজ্জিত শোভাযাত্ৰা উলিয়াই৷