ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা- জ্যোতি স্মিতা গোস্বামী শৰ্মা 

Pc- Dr Sanjib Kumar Borkakoti

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

আকণিহঁত, তোমালোকে “গছে গছে পাতি দিলে”গীতটি শুনিছা নহয়। গীতৰ কথা আৰু সুৰ কোন জানানে? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা । তেখেতৰ বিষয়ে কিছু কথা জনাবলৈ প্ৰয়াস কৰিছোঁ। ১৯০৩ চনৰ ১৭জুনত ডিব্ৰগড়ৰ ওচৰৰ তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ জন্ম হয়। তেখেতৰ পিতাকৰ নাম পৰমানন্দ আগৰৱালা আৰু মাকৰ নাম কিৰণময়ী। সাংস্কৃতিক পৰিবেশৰ মাজত ডাঙৰ হোৱা আগৰৱালা দেৱে কলেজত অধ্যয়ন কৰি থকা সময়তে বৰদেউতাক চন্দ্ৰকুমাৰ আগৰৱালা দেৱে প্ৰতিষ্ঠা কৰা কাকত”অসমীয়া”আৰু ছপাশাল “নিউ প্ৰেছ”চলোৱাৰ দায়িত্ব লয়।
১৯২৬ চনত তেখেত উচ্চ শিক্ষাৰ বাবে বিলাতলৈ যায়। পাছত চিনেমা সম্পৰ্কে অধ্যয়নৰ বাবে জাৰ্মানীলৈ যায় আৰু প্ৰখ্যাত ভাৰতীয় ফিল্ম ডাইৰেক্টৰ হিমাংশু ৰায়ৰ সাহায্যত চিনেমা শিল্পকলাৰ বিভিন্ন দিশৰ প্ৰশিক্ষণ লয়। তেখেতে সঙ্গীত চৰ্চাৰ বাবে ফ্ৰান্স, জাৰ্মানী আৰু ট্ৰিনিটি কলেজ অৱ মিজিকত নানা ধৰণৰ সংগীত শিক্ষা গ্ৰহণ কৰে। ১৯৩০চনত আগৰৱালা দেৱে বিলাতৰ পৰা আহি স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে।

আগৰৱালা দেৱৰ প্ৰতিভা আছিল বহুমুখী। গদ্য, সাহিত্য, শিশু কাব্য, বোলছবি, প্ৰযোজক পৰিচালক, স্থাপত্য শিল্পী, ৰাজনীতিজ্ঞ , ওজস্বী বক্তা আদি গুণেৰে বিভূষিত। তেখেতে প্ৰথম নাট “শোণিত কুঁৱৰী”চৈধ্য বছৰ বয়সত ৰচনা কৰিছিল।
দ্বিতীয় নাট” কাৰেঙৰ লিগিৰী”অসমীয়া নাট্য জগতৰ শ্ৰেষ্ঠ কীৰ্তি। আন কেইখন নাট হ’ল-  “ৰূপালীম,” লভিতা,” খনিকৰ” আদি। ইয়াৰোপৰি কাব্যধৰ্মী নাট “নিমাতী কইনা”,”সোণ পখিলী”, আৰু নানা গীত, গীতি নাচ ৰচনা কৰি নিভাজ অসমীয়া সুৰেৰে সজাই গৈছে।

১৯৩৪ চনত তেখেতে ভেলোগুৰি চাহ বাগিছাত “চিত্ৰবন”নামৰ ষ্টুডিঅ সাজি প্ৰথম অসমীয়া কথাছবি”জয়মতীৰ”কাম আৰম্ভ কৰে। ১৯৩৫চনত কথাছবি খনে মুক্তি লাভ কৰে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ সহযোগত “জয়মতী”আৰু “শোণিত কুঁৱৰী” নাটকৰ গ্ৰামোফোন ৰেকৰ্ড কৰে। তেজপুৰৰ “বানষ্ট্রেজ”ত তেখেতে ভাৰতীয় আৰু পাশ্চাত্য বাদ্য যন্ত্ৰৰ সমন্বয়ীক অর্কেষ্ট্রা সৃষ্টি কৰি অসমীয়া ৰঙ্গমঞ্চ আৰু সংগীত জগতলৈ এক নতুন জোৱাৰ আনে৷ ১৯৩৯ চনত আগৱৰালা দেৱৰ দ্বিতীয় কথা ছবি “ইন্দ্ৰ মালতী” য়ে মুক্তি লাভ কৰে। কথাছবি প্ৰদৰ্শনৰ বাবে তেজপুৰত “জোনাকী”নামে কথাছবি গৃহ আৰু ১৯৪০ চনত সংগীত বিদ্যালয় স্থাপন কৰে। নিজে গীত ৰচি সুৰ সংযোজনা কৰা বাবে তেখেতৰ গীত সমূহক “জ্যোতি সঙ্গীত “ৰূপে প্রচলিত । তেখেতে ৰচনা কৰা গীত ক্রমে “সেউজী সেউজী সেউজী অ’ “, “লুইতৰ পৰাৰে আমি ডেকা ল’ৰা মৰিবলৈ ভয় নাই”, “মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম”, “লুইতৰে পানী যাবি অ’ বৈ”ইত্যাদি। জ্যোতিপ্ৰসাদ আগৰৱালা দেৱ মনে প্ৰানে শিল্পী, সুন্দৰৰ পূজাৰী। শঙ্কৰদেৱ আছিল তেখেতৰ সাংস্কৃতিক গুৰু। অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদানৰ বাবে ১৯৩৪ চনত তেখেতক “ৰূপকোঁৱৰ উপাধিৰে বিভূষিত কৰিছিল।”ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে “এয়া আছিল তেখেতৰ গায়ত্ৰী মন্ত্ৰ৷

এই জনা যুগজয়ী শিল্পীয়ে ১৯৫১ চনৰ ১৭ জানুৱাৰী তাৰিখে অসমবাসীক কন্দুৱাই ইহলীলা সম্বৰণ কৰে । তেখেতৰ মৃত্যু তিথি ১৭ জানুৱাৰীক “শিল্পী দিৱস হিচাবে পালন কৰা হয় । জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ জ্যোতিয়ে অনন্ত কাললৈ অসমীয়া জাতিৰ মাজত পোহৰ বিলাই থাকিব। তোমালোকে মহান শিল্পী জনাৰ গীত শুনাৰ লগতে গাবলৈ চেষ্টা কৰিবা দেই।

জ্যোতি স্মিতা গোস্বামী শৰ্মা