ৰীলড্রামাইৰ নানান পাচনী পৰিচালিত ৱেব ছিৰিজ ‘মৃত্যুঞ্জয়’ৰ মুক্তি লাভ

pc APK Support

ৰীলড্রামাইৰ নানান পাচনী পৰিচালিত ৱেব ছিৰিজ ‘মৃত্যুঞ্জয়’ৰ মুক্তি লাভ

অনলাইন বাৰ্ত্তাসেৱা – নানান পাচনী পৰিচালিত ৱেব ছিৰিজ ‘মৃত্যুঞ্জয় মুকলি কৰে ৰীলড্রামাই। ‘ৰীলড্ৰামাৰ পৰিচালক কুহেলি দাসগুপ্তাই তেওঁলোকৰ শেহতীয়া অ’ৰিজিনেল ৱেব শৃংখলা ‘মৃত্যুঞ্জয়’ৰ মুক্তিৰ বিষয়ে গুৱাহাটীত আয়োজিত সংবাদ মেলযোগে অৱগত কৰে। ইয়াৰোপৰি, তেওঁলোকে শীঘ্ৰেই দৰ্শকৰ বাবে অসমীয়া অনুষ্ঠানৰ এটা সংকলন মুকলি কৰিব বুলি উল্লেখ কৰে। সংবাদ মেলত ৰীলড্ৰামাৰ পৰিচালিকা কুহেলি দাসগুপ্তাই কয়, ‘আমি আজি আমাৰ শেহতীয়া ৱেব শৃংখলা ‘মৃত্যুঞ্জয়’ মুকলি কৰিছোঁ। আমি আন সাতখন ৱেব ছিৰিজৰ ওপৰতো কাম কৰি আছোঁ, লগতে দুখন বিশেষ ফিচাৰ ফিল্ম। অসমৰ যুৱ প্ৰতিভাৰ বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ ৰীলড্রামাই এই অ’ৰিজিনেল ৱেব শৃংখলা আৰু চলচ্চিত্ৰসমূহ ৰাজ্যখনৰ বিভিন্ন প্রতিষ্ঠিত তথা যুৱ চলচ্চিত্ৰ নিৰ্মাৰ্তাৰ সৈতে নিৰ্মাণ কৰি আছে। আমাৰ যাত্ৰাৰ আৰম্ভণিৰ পৰাই আমি অসমীয়া সমলৰ ব্যৱহাৰত এক দ্রুত বৃদ্ধি দেখিছোঁ। আমি অসমীয়া চলচ্চিত্র নির্মাতাসকলৰ বাবে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ আৰু ৰীলড্ৰামাৰ জৰিয়তে বিশ্বব্যাপী দৰ্শকৰ ওচৰলৈ যোৱাত সহায় কৰিবলৈ এখন মঞ্চ আগবঢ়াব বিচাৰিছিলোঁ। এই প্রতিশ্রুতি শক্তিশালী কৰি আমি আজি আঠখন নতুন একচেটিয়া ৱেব ছিৰিজ আৰু দুখন অ’ৰিজিনেল চলচ্চিত্র ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ।