ৰীতাৰ বিষন্নতা
আলমিনা খাতুন,
সাপটগ্ৰাম, বালাপাৰা
ৰীতাই বহুদিনৰ মূৰত আজি ঘৰলৈ যাব বুলি দুপাট্টা এখন কিনি লৈ ঘৰলৈ ৰওনা দিলে।ঘৰ পোৱাৰ লগে লগে মা, দেউতা, ভাই, ভন্টি, সকলোৱে আনন্দত আত্মহাৰা হৈ একে একে সকলোৱে সাৱতি ধৰি মৰম এগালেৰে আপ্যায়িত কৰি থকাৰ সময়তে আইয়ে ক’লে হ’ব এতিয়া ৰীতাক ফ্ৰেশ হ’ব দিয়া, পিছত আকৌ কথা-বতৰা পাতিবা।আইৰ কথা শুনি ৰীতাই ফ্ৰেছ হ’ব বুলি দুপাট্টাখন মূৰৰ পৰা খুলাৰ লগে লগে সকলোৱে হতবাক হৈ ৰীতাৰ পিনে চাই থাকিল ! ঠিক সেই সময়তে ৰীতাই মুচকি হাঁহি এটা মাৰি দি ক’লে ইমান হতভম্ব হৈ থকাৰ একো নাই তোমালোকে শুনি সুখী হ’বা যে এতিয়া আৰু মোৰ চুলিকোছা ধৰিব পৰা নাযায়।কথাষাৰ শুনি সকলোৱে নিমাত হৈ চকুলো টুকি থাকিল!