ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত

pcNDTV.com

ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভা আজি অনুষ্ঠিত হয়। ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীয়ে কোম্পানীৰ এই ৪৫সংখ্যক সভা ভিডিঅ’ কনফাৰেন্সৰ যোগেদি সম্বোধন কৰে। এই সভাত মুকেশ আম্বানীয়ে কয়, ৰিলায়েঞ্চে ভাৰতৰ সমৃদ্ধি, প্ৰগতিত অধিক অৱদানৰ আগবঢ়োৱাৰ বাবে প্ৰস্তুত। আম্বানীয়ে কয়, ডিজিটেল প্লেটফৰ্মে বিশ্বৰ অধিক শ্বেয়াৰহোল্ডাৰসকলক এজিএমত ভাগ ল’বলৈ সক্ষম কৰি তুলিছে। মই আন্তৰিকতাৰে আশা কৰিছো যে অহা বছৰ আমি হাইব্ৰিড মোডলৈ সলনি হ’ব পাৰিম, যিয়ে ভৌতিক আৰু ডিজিটেল দুয়োটা মোডৰ উত্তম সংযোজন কৰিব। বিশ্বত আৰ্থিক অস্থিৰতাৰ মাজতে ভাৰত শক্তিশালী হৈ থিয় হৈ আছে, প্ৰধানমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীক শুভেচ্ছা জনাইছো।আম্বানীয়ে কয়, বিশ্বৰ কিছু অংশত গুৰুতৰ আৰ্থিক সমস্যা সৃষ্টি হৈছে। এই আৰ্থিক আৰু ৰাজনীতিক অস্থিৰতাৰ মাজত ভাৰতে শক্তিশালী ৰূপত থিয় হৈ আছে, মই ইয়াৰ বাবে প্ৰধানমন্ত্ৰী আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনক ধন্যবাদ জনাইছো।