ৰিয়ান পৰাগৰ অনুৰাগী বিতৰ্ক কিমান যুক্তিসংগত ? – দেবর্ষি গৌতম

ৰিয়ান পৰাগৰ অনুৰাগী বিতৰ্ক কিমান যুক্তিসংগত ?

দেবর্ষি গৌতম, বনগাঁও

অসমৰ পৰা ভাৰতৰ জাতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা প্ৰথম গৰাকী অসমীয়া পুৰুষ ক্ৰিকেটাৰ হৈছে ৰিয়ান পৰাগ। অৱশ্যে আই পি এলত অসমক প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ যদিও আবু নেচিম আহমেদ তথাপিও কিন্তু আই পি এলৰ যিকোনো এটা দলৰ নিয়মীয়া সদস্য হিচাপে খেলিবলৈ সক্ষম হোৱা খেলুৱৈ কিন্তু ৰিয়ান পৰাগ। ইয়াৰ উপৰিও আই পি এলত আটাইতকৈ কম বয়সত অৰ্ধশতক অৰ্জন কৰা খেলুৱৈৰ অভিলেখো আছে ৰিয়ান পৰাগৰ নামতে। গতিকে এনেবোৰ কাৰকৰ বাবে ৰিয়ান পৰাগ ক্ৰমান্বয়ে অনুৰাগীৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে। ইয়াৰ সমান্তৰালকৈ চলিত আই পি এলত ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছ দলৰ প্ৰথম তিনিখন খেলৰ বাবে অস্থায়ী অধিয়াক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। যিহেতু ৰিয়ান পৰাগ অসম সন্তান গতিকে গুৱাহাটীত ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছক নেতৃত্ব প্ৰদান কৰাৰ বাবে অসমৰ লোকসকল যথেষ্ট উৎফুল্লিত হৈ পৰিছে। যদিও অসম দলক নেতৃত্ব প্ৰদান কৰা অভিজ্ঞতা ৰিয়ান পৰাগৰ আছে তথাপিও আই পি এলৰ দৰে এখন পৃথিৱীৰ ভিতৰতে জনপ্ৰিয় প্ৰতিযোগিতাত এটা দলক নেতৃত্ব প্ৰদান কৰাটো যথেষ্ট প্ৰত্যাহ্বানমূলক। সকলো প্ৰত্যাহ্বান নেওচি কিদৰে ৰিয়ান পৰাগে দলটোক খেলপথাৰত পৰিচালনা কৰিব তাকে চাবলৈ তেওঁৰ অনুৰাগী সকল যথেষ্ট আগ্ৰহী হৈ আছিল। ৰিয়ান পৰাগে ইতিমধ্যে ৰাজস্থান ৰয়েলছ দলক দুখন খেলত নেতৃত্ব প্ৰদান কৰিছে আৰু দুইখন খেলত দলটোৱে পৰাজয় বৰণ কৰিছে। কিন্তু গুৱাহাটীত অনুষ্ঠিত হোৱা প্ৰথম আৰু ৰাজস্থান ৰয়েলছৰ এইটো সংস্কৰণৰ দ্বিতীয় খন খেলত এক অদ্ভুত ঘটনা সংঘটিত হয়। খেলৰ দ্বিতীয় ইনিংছত ৰাজস্থান ৰয়েলছৰ হৈ এঘাৰ নম্বৰ অভাৰত বলিং কৰি থকা সময়ত এগৰাকী অনুৰাগীয়ে আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ বেহু ফালি খেলপথাৰ মাজলৈ দৌৰি আহি ৰিয়ান পৰাগৰ ভৰি চুৱে। চাবলৈ গলে এইয়া কোনো ডাঙৰ ঘটনা নহয়। এনেধৰণৰ ঘটনা বহু খেলুৱৈৰ সৈতে সংঘটিত হোৱা আমি প্ৰত্যক্ষ কৰিছোঁ। কিন্তু এই ঘটনাটো সংঘটিত হোৱাৰ লগে লগে সামাজিক মাধ্যমত একাংশ লোকে ৰিয়ান পৰাগ বিভিন্ন ধৰণে সমালোচনা কৰিবলৈ উদ্যত হৈ পৰে। একাংশ লোকে খেলপথাৰত প্ৰৱেশ কৰি ৰিয়ান পৰাগৰ ভৰি স্পৰ্শ কৰাৰ বাবে সেই নিৰ্দিষ্ট ব্যক্তিগৰাকীক দহ হাজাৰ টকা ধন প্ৰদান কৰা বুলি সমালোচনা কৰি সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ কটু মন্তব্য কৰিছে। সকলোৱে কেৱল সামাজিক মাধ্যমত সোঁতত উটি যোৱাৰ দৰে তিলটোকে তালটো কৰাৰ বাবে উঠি পৰি লাগি গৈছে। কোনেও কিন্তু সোঁতৰ বিপৰীতে গৈ বিষয়টো অকমানো পৰ্যালোচনা কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাই। অধিকাংশ লোকে কব বিচাৰিছে যে শচীন তেণ্ডুলকাৰ, বিৰাট কোহলী, ৰোহিত শৰ্মা, এম এছ ধনী আদিৰ দৰে প্রতিষ্ঠিত খেলুৱৈক এবাৰ চুই চোৱাৰ হেঁপাহ অনুৰাগীৰ থকাটো কোনো ডাঙৰ কথা নহয় কিন্তু ৰিয়ান পৰাগৰ দৰে এগৰাকী যুৱ ক্ৰিকেটাৰ বাবে অনুৰাগী খেলপথাৰত প্ৰৱেশ কৰাটো স্বাভাৱিক কথা হব নোৱাৰে। সামাজিক মাধ্যমত সমালোচনাৰ সূত্ৰপাত কৰা ব্যক্তিসকলৰ সমালোচনাক যদি আমি অতি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰো তেনেহলে এটা কথা স্পষ্ট হৈ পৰিব যে ৰিয়ান পৰাগ সম্পৰ্কে সমালোচক সকলৰ জ্ঞানৰ পৰিধি তেনেই সীমিত। সমালোচক সকলে হয়তো একেবাৰে জ্ঞাত নহয় যে ৰিয়ান পৰাগ অসমৰ প্ৰেক্ষাপটত ক্ৰিকেটাৰ হিচাপে কিমান প্ৰাসংগিক আৰু অনুৰাগীৰ মাজত কিমান জনপ্ৰিয় ? আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰিয়ান পৰাগ নিশ্চিতভাৱে এগৰাকী উদীয়মান যুৱ ক্ৰিকেটাৰ। জাতীয় দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰিয়ান পৰাগে আৰু বহুত প্ৰদৰ্শন আগবঢ়াবলৈ বাকী আছে। ইয়াৰ উপৰিও এইটো সংস্কৰণত ৰিয়ান পৰাগৰ অধিনায়কত্ব আৰু বেটিং প্ৰদৰ্শন একেবাৰে সন্তোষজনক হোৱা নাই। ৰিয়ান পৰাগৰ বাবে এগৰাকী ক্ৰিকেটাৰ হিচাপে এনেধৰণৰ সমালোচনা একেবাৰে যুক্তিসংগত। যদি কলকাতা নাইবা জয়পুৰ নাইবা দেশৰ অন্য কোনো ষ্টেডিয়ামত ৰিয়ান পৰাগৰ অনুৰাগী খেলপথাৰত প্ৰৱেশ কৰিলেহেঁতেন তেনেহলে তেতিয়াও সমালোচনা কৰাৰ থল থাকিলহেতেন। কিন্তু গুৱাহাটীত ৰিয়ান পৰাগৰ বাবে অনুৰাগী খেলপথাৰত প্ৰৱেশ কৰাটো কোনো অস্বাভাৱিক কথা হিচাপে ভাবটো সম্পূৰ্ণ অবাস্তব চিন্তা। কাৰণ দেশৰ অন্য প্ৰান্ততকৈ অসমত ৰিয়ান পৰাগৰ অনুৰাগীৰ সংখ্যা যথেষ্ট বেছি। অসমৰ বহু যুৱ ক্ৰিকেটাৰে ৰিয়ান পৰাগক অনুসৰণ কৰে। ৰিয়ান পৰাগৰ ধাৰাবাহিক সফলতা আৰু উন্নত প্ৰদৰ্শনে বহু অসমীয়া যুৱক যুৱতীক ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত কৰিছে। ৰিয়ান পৰাগৰ ধাৰাবাহিক উন্নত প্ৰদৰ্শন আৰু সফলতাৰ বাবে অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে ক্ৰিকেটৰ জনপ্ৰিয়তা পূৰ্বতকৈ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। দেশৰ অন্য প্ৰান্তৰ লোকসকলৰ বাবে ৰিয়ান পৰাগ এগৰাকী সাধাৰণ ক্ৰিকেটাৰ হলেও কিন্তু অসম তথা উত্তৰপূৰ্বাঞ্চলৰ বাবে ৰিয়ান পৰাগ এক আদৰ্শ। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে এগৰাকী ক্ৰিকেটাৰ হিচাপে ৰিয়ান পৰাগক লৈ যথেষ্ট গৌৰৱ অনুভৱ কৰে। গতিকে এনে প্ৰেক্ষাপটত ৰিয়ান পৰাগৰ গৃহভূমিত তেওঁক অনুৰাগীয়ে সমাদৰ কৰাটো কোনো অস্বাভাৱিক কথা হব নোৱাৰে। এনেধৰণৰ সকলো বিষয় ভালদৰে পৰ্যালোচনা কৰিহে সদায় যিকোনো এগৰাকী ব্যক্তিক সমালোচনাৰ আওতালৈ আনিব লাগে। অনাহকত কৰা নেতিবাচক সমালোচনাই যিকোনো এগৰাকী ব্যক্তিৰ মনোবল হ্ৰাস কৰাত যথেষ্ট অৰিহনা যোগায়। এটা কথা স্পষ্ট যে কোনো নেতিবাচক সমালোচনাই ৰিয়ান পৰাগৰ কেৰিয়াৰত কোনো প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। এনেধৰণৰ নেতিবাচক সমালোচনাই ৰিয়ান পৰাগক আৰু অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাত সহায়হে কৰিছিল। ইতিহাস ইয়াৰ সাক্ষী। যিমান সমালোচনা হলেও অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে সদায় ৰিয়ান পৰাগৰ পক্ষত থিয় দিব। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ হিয়াৰ আমঠু, নয়নৰ মণি ৰিয়ান পৰাগে যাতে ক্ৰিকেটৰ ক্ষেত্ৰখনত সফলতাৰ শিখৰত আৰোহণ কৰি অসম আৰু উত্তৰপূৰ্বাঞ্চলৰ বাবে গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ বাবে প্ৰতিগৰাকী লোকে শুভকামনা জনাই আছে আৰু ভৱিষ্যতেও জনাই যাব। এনে ধৰণৰ কিছুমান অবান্তৰ সমালোচনাই ৰিয়ান পৰাগক প্ৰকৃতপক্ষে ভাল পোৱা লোকসকলক নিশ্চিতভাৱে প্ৰভাৱিত কৰি।