ৰিমঝিম বৰষুণজাক – পৰিস্মিতা গগৈ দত্ত

ৰিমঝিম বৰষুণজাক

পৰিস্মিতা গগৈ দত্ত
শিৱসাগৰ

ৰিমঝিম  বৰষুণ জাকত
তিতিয়েই ভাবিলোঁ
যদি তুমিও আহিলাহেঁতেন
দুয়ো একেলগে তিতি
এটি জলফাই বুলীয়া
কবিতা লিখিলোঁহেঁতেন৷
আৰু ….
সেই অনামী বৰষুণৰ জাকত
বিমুগ্ধ হৈ বুকুৰ চালিঘৰত
ভালপোৱা প্ৰকৃত ঠিকনা
বিচাৰিলোঁহেঁতেন ৷
তোমাৰ সজল দুচকুত
প্ৰশান্তিৰ আকুলতাৰ দেখি প্ৰণয়ৰ
এখনি ছবি অঙ্কন
কৰিলোঁহেঁতেন ৷
য’ত…..
মোৰ অপেক্ষাৰ চাকি গছি
মোৰেই অন্তৰাত্মাত
তোমাৰ  মঙ্গল কামনাৰ্থে
নকৈ প্ৰজ্বলিত হ’লহেঁতেন ৷
যদি….
তুমি সঁচাকৈয়ে
ৰিমঝিম বৰষুণ জাকত
তিতিবলৈ আহিলাহেঁতেন!