ৰিতম পুথিভঁৰালত বিকাশ কলিতাৰ গ্ৰন্থ উন্মোচন

ৰিতম পুথিভঁৰালত বিকাশ কলিতাৰ গ্ৰন্থ উন্মোচন

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গ অসমীয়াৰ হিয়াৰ আমঠু। তেখেতৰ সৃষ্টিৰাজি প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত প্ৰৱাহিত হৈ আছে।  ৰিতম পুথিভঁৰালৰ স্বত্বাধিকাৰী শিক্ষক বিকাশ কলিতাও  এগৰাকী জুবিনৰ অনুৰাগী।তেখেতে” জুবিন গাৰ্গ “ওপৰত এখন গ্ৰন্থ লিখি  উলিয়াই ।এই গ্ৰন্থখন উন্মোচন কৰাৰ উদ্দেশ্যে ১৬ডিচেম্বৰ ২০২৫ চন মঙ্গলবাৰে সন্ধিয়া ৪বাজি ৩০মিনিটত  ৰিতম পুথিভঁৰালত উন্মোচনী  সভা অনুষ্ঠিত   কৰে।সেই অনুষ্ঠানত সভাপতিৰ আসন শুৱনি কৰে জুনিয়ৰ কলেজৰ অধ্যক্ষ হৰমোহন দাস ডাঙৰীয়া ।ইয়াৰ উপৰি সাংবাদিক গোষ্ঠীৰ সভাপতি দিলীপ মেধি,থাৰ্ড আই কো অপাৰেটৰ মুনিন্দ্ৰ মেধি লগতে জুবিন অনুৰাগী ই ৰিক্সা চালক পৰাগ কলিতাৰ হাতেৰে “জুবিনৰ গাৰ্গৰ কথাৰে” নামৰ গ্ৰন্থখন উন্মোচন কৰে।

ই ৰিক্সা চালক জুবিন গাৰ্গৰ অনুৰাগী পৰাগ কলিতাই জুবিন  গাৰ্গৰ সানিধ্য লাভ কৰাৰ লগতে জীৱিত কালত জুবিন গাৰ্গে  বহুত সহায় কৰা বুলি আমাক জানিবলৈ দিয়ে। জুবিন গাৰ্গৰ  মৃত্যুৰ খবৰে  পৰাগক  অত্যন্ত ব্যথিত কৰিছিল।খোজকাঢ়ি জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰতো  গৈছিল। আৰ্থিক ভাবে অকণমান সবল হোৱাৰ কাৰণে  ই ৰিক্সাখনো তাক জুবিন গাৰ্গে  কিনি দিছিল।।সেই মানৱ দৰদী ব্যক্তি গৰাকী আমাৰ মাজত নাই কিন্তু তেখেতৰ গুণ গৰিমা সকলোৰে হৃদয়ত ঠাই পাব বুলি ভাষণ প্ৰসঙ্গত  উল্লেখ কৰে—কালিৰাম কাৰিকৰ হাইস্কুলৰ প্ৰধান শিক্ষক দিবাকৰ কলিতা, কবি মলিন কলিতা,শিক্ষয়িত্ৰী কুমাৰী কামদা বৈশ্য,বিশিষ্ট বক্তা গণেশ দাস হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক যোগেন্দ্ৰ ভৰালী ডাঙৰীয়া আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিসকলে।অনুষ্ঠানটোৰ আঁত ধৰে সাংবাদিক হৰিপ্ৰসাদ দাসে।