ৰিক্সা চালকক লাঠিৰে প্ৰহাৰ কৰা আৰক্ষী আমাক নালাগেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

pc facebook

ৰিক্সা চালকক লাঠিৰে প্ৰহাৰ কৰা আৰক্ষী আমাক নালাগেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম আৰক্ষীৰ ১৫০ বছৰীয়া ইতিহাসত গৌৰৱময় দিন।গৃহমন্ত্ৰীয়ে অমিত শ্বাহে অসম আৰক্ষীক প্ৰদান কৰিলে ৰাষ্ট্ৰপতি নিচান।গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত এই সন্মান প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ভাষণ প্ৰদান কৰি কয়, যে, “জনসাধাৰণৰ প্ৰতি আৰক্ষীয়ে আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ স্বীকৃতি ৰাষ্ট্ৰপতিৰ নিচান।দৰিদ্ৰ আৰু মধ্যবিত্তই যাতে আৰক্ষীক বন্ধু হিচাপে গণ্য কৰিব পাৰে। ৰিক্সা চালকক লাঠিৰে প্ৰহাৰ কৰা আৰক্ষী আমাক নালাগে।মা, ভনীসকলে যাতে ৰাতিও নিৰাপদে ঘূৰিব পাৰে তেনে আৰক্ষী লাগে।এনেকুৱা আৰক্ষী লাগে যাতে সকলোৰে হৃদয় স্পৰ্শ কৰিব পাৰে।”আনহাতে চচিয়েল মিডিয়াতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাখনো ফটো শ্বেয়াৰ কৰি কয় যে,১৫০ বছৰীয়া ইতিহাসৰ সাক্ষী অসম আৰক্ষীৰ নিষ্ঠা আৰু অদম্য সাহসৰ স্বীকৃতিস্বৰূপে সন্মানীয় ‘ৰাষ্ট্ৰপতিৰ নিচান’ অৰ্জন কৰা বাবে অসম আৰক্ষীক আন্তৰিক অভিনন্দন জনাইছোঁ।এয়া হৈছে ১৫০ বছৰীয়া ইতিহাসৰ সাক্ষী অসম আৰক্ষীৰ নিষ্ঠা আৰু অদম্য সাহসৰ স্বীকৃতি।অসম আৰক্ষীক এই সন্মান প্ৰদান কৰাৰ বাবে গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহৰ দূৰদৰ্শী নেতৃত্বত অসমে শান্তি আৰু উন্নয়নৰ পথত এক নতুন গতি লাভ কৰিছে।এই ছেগতে জীৱন সুৰক্ষিত কৰি শান্তি বজাই ৰখাৰ স্বাৰ্থত কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া সকলো আৰক্ষীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।মাতৃভূমিৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰা আমাৰ আৰক্ষী বাহিনীৰ অকুণ্ঠ প্ৰচেষ্টা অবিহনে এই ঐতিহাসিক কৃতিত্ব সম্ভৱ নহ’লহেঁতেন। তেওঁলোকৰ গভীৰ সাহস আৰু কৰ্তব্যনিষ্ঠাই অসম আৰক্ষীক এই সুখ্যাতি অৰ্জন কৰা অসমক দশম ৰাজ্য হিচাপে চিনাকি দিবলৈ সক্ষম হৈছে।আমাৰ চৰকাৰে অসম আৰক্ষীক অধিক শক্তিশালী কৰাৰ দিশত সকলো পদক্ষেপ গ্ৰহণ কৰি আহিছে। প্ৰতিগৰাকী আৰক্ষীৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক স্বাস্থ্য সবল কৰি ৰখাটো আমাৰ প্ৰাথমিক কৰ্তব্য।’জনহিত জনসেৱাৰ্থে’ মূলমন্ত্ৰৰ দ্বাৰা অসম আৰক্ষীয়ে আমাৰ নাগৰিকসকলৰ স্বাৰ্থ ৰক্ষাৰ দিশত মন প্ৰাণ সঁপি দিব বুলি মই দৃঢ় বিশ্বাসী।