ৰাহুল গান্ধী য’তেই যায়, তাতেই বিজেপিৰ জয় হয়ঃমুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই বিজয়ৰ কৃতিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিহাৰৰ মুখ্য়মন্ত্ৰী নীতিশ কুমাৰক প্ৰদান কৰিছে । বিজেপি-জনতা দলৰ এই অভাৱনীয় বিজয়ৰ পাছতেই ৰাহুল গান্ধীক তির্যক মন্তব্যৰে পুনৰ সমালোচনা কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। বিহাৰ নিৰ্বাচনত প্ৰচাৰ অভিযান চলোৱাৰ সময়তে মুখ্যমন্ত্রী ড° শর্মাই উল্লেখ কৰিছিল যে ৰাহুল গান্ধী যি সমষ্টিত প্ৰচাৰ অভিযান চলায়, তাত বিজেপিৰ জয় নিশ্চিত হয়। উক্ত কথাক দোহাৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই পুনৰ কয়- ৰাহুল গান্ধী য’তেই যায়, তাতেই বিজেপিৰ জয় হয়। দৰাচলতে ৰাহুল গান্ধী বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ। যদি ৰাহুল গান্ধী আহি যায়, বিজেপি জয়ী হোৱাটো নিশ্চিত। তেওঁ নির্বাচনী প্ৰচাৰ চলালে আমি এশ শতাংশ জয়ী হোৱাটো নিশ্চিত হয়। আনহাতে বিহাৰ নিৰ্বাচনত প্ৰচাৰ চলাই বিজেপিৰ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰা অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱা ৭টা সমষ্টিৰ ৬টাতেই বিজেপিয়ে চমকপ্রদ জয়লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে বিহাৰ নিৰ্বাচনৰ ৭টা সমষ্টিৰ ভিতৰত মধুবনি, বাড়াৰী, কাছবা, ৰামনগৰ, চানপাটিয়া, বাছপাট্টি সমষ্টিত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। এই ৬টা সমষ্টিত মুখ্যমন্ত্রী ড° শর্মাই প্ৰচাৰ চলাইছিল।
