ৰাহুল গান্ধী এজন ভাৰত বিৰোধী ব্যক্তিঃমুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছৰ যুৱৰাজ তথা সাংসদ ৰাহুল গান্ধী আৰু তেওঁৰ ভগ্নী প্রিয়ংকা গান্ধী পুনৰ অসমলৈ আহিব বুলি প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কৰা মন্তব্যক তীব্র কটাক্ষ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। বিশেষকৈ প্রিয়ংকা গান্ধী ধুবুৰীলৈ আহিব বুলি গৌৰৱ গগৈয়ে সদৰী কৰা সন্দৰ্ভত মুখ্যমন্ত্রী ড° শর্মাই কয় যে তেওঁলোকে অসম মানে ধুবুৰীকে বুজায়। ধুবুৰীলৈ যোৱাত আপত্তি নাই, কিন্তু প্রথমতে যিকোনো ব্যক্তিয়ে ক’ব লাগে যে আমি কামাখ্যালৈ আহিম, বটদ্ৰৱালৈ আহিম, চৰাইদেউ মৈদামলৈ যাম, ৰংঘৰলৈ যাম। তাৰ পাছত ধুবুৰীলৈকে যাওক। কিন্তু তেওঁলোকৰ মা কামাখ্যাৰ প্ৰতিও আস্থা নাই, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিও আস্থা নাই আৰু ৰংঘৰ-চৰাইদেউ মৈদামকো স্বীকৃতি নিদিয়ে। ধুবুৰীত বাস কৰা একাংশ ধর্মীয় সংখ্যালঘু লোককহে তেওঁলোকে স্বীকৃতি দিয়ে বুলি কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়- আন কোনো লোকৰ মৰম তেওঁলোকে বুজি নাপায়। ধুবুৰীলৈ যোৱাত আপত্তি নাই। কিন্তু ধুবুৰীৰ লগতে আন অঞ্চলসমূহলৈও যাব লাগে। মই ভাবোঁ বর্তমান যোৱাৰ সময় নহয়। কোনে প্রিয়ংকা গান্ধীক চাবলৈ আহিব? প্রিয়ংকা গান্ধীক চোৱাৰ বাবে অসমৰ মানুহৰ কোনো আগ্রহো নাই। আমাৰ অসমৰ আত্মসহায়ক গোটৰ মহিলাসকল প্রিয়ংকা গান্ধীতকৈ এশগুণে আগবঢ়া। বিশেষকৈ অসমৰ আত্মসহায়ক গোটৰ মহিলাসকলে সকলোতে প্রিয়ংকা গান্ধীক পৰাজিত কৰিব। প্রিয়ংকা গান্ধী তেওঁলোকৰ সৈতে প্রতিযোগিতাতেই আহিব নোৱাৰে। আমাৰ মহিলাই পিঠা বনায়, আমাৰ মহিলাই খেতি পথাৰত কঠীয়া ৰোৱে, আমাৰ মহিলাই ল’ৰা-ছোৱালীক স্কুল-কলেজলৈ পঠিয়ায়। আমাৰ মহিলাৰ সৈতে প্রিয়ংকা গান্ধীয়ে ক’ত ফেৰ মাৰিব পাৰিব? আনহাতে ৰাহুল গান্ধীৰ প্ৰসংগত মুখ্যমন্ত্রী ড° শর্মাই কয় যে ৰাহুল গান্ধী এজন ভাৰত বিৰোধী ব্যক্তি। ৰাহুল গান্ধীয়ে কেৱল বাংলাদেশী আৰু পাকিস্তানী মুছলমানৰ লগত আছে। ভাৰতীয় হিন্দুৰ লগতো নাই, ভাৰতীয় মুছলমানৰ লগতো নাই। ৰাহুল গান্ধী এজন দেশদ্রোহী ব্যক্তি।