ৰাহুল গান্ধীৰ সংবাদ মেল সম্বোধন

ৰাহুল গান্ধীৰ সংবাদ মেল সম্বোধন

ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে এক সংবাদ মেল সম্বোধন কৰিছে। এই সংবাদ মেলত তেওঁ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীও উপস্থিত আছে। সংবাদ মেলত ৰাহুল গান্ধীয়ে কয়, আমাৰ যুঁজ সংবিধান ৰক্ষা কৰাৰ। মই ভাৰতৰ জনসাধাৰণ, ইণ্ডিয়াৰ সহযোগী দল, কংগ্ৰেছৰ নেতা আৰু কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেওঁ কয়,”আপুনি নিশ্চয় আদানিৰ ষ্টক দেখিছে। ৰাইজে মোডীক পোনপটীয়াকৈ আদানিৰ সৈতে একেলগে চায়। দুয়োৰে পোনপটীয়া সম্পৰ্ক আছে। এই সম্পৰ্ক দুৰ্নীতিৰ। এই নিৰ্বাচনে ক’লে নৰেন্দ্ৰ মোডী ডাঙৰীয়া, আমি আপোনাক নিবিচাৰো। আমি শ্বাহক নিবিচাৰো।” ৰাহুলে পুনৰ কয়, “উত্তৰ প্ৰদেশৰ ৰাইজে বিস্ময় কৰি দেখুৱালে। ভাৰতৰ জনসাধাৰণে ভাবুকি অনুভৱ কৰি সংবিধানক সুৰক্ষিত কৰিলে। বহুত ধন্যবাদ। মই ইউ পিৰ বিষয়ে আৰু এটা কথা কবলৈ বিচাৰিছোঁ যে এই বিজয়ত মোৰ ভগ্ৰো হাত আছে। সংবাদমেলত ৰাহুল গান্ধীক সাংবাদিকে প্ৰশ্ন কৰি কয় তেওঁলোকে প্ৰাক্তন সহযোগী দলসমূহৰ সৈতে পুনৰ যোগাযোগ স্থাপন কৰিব নেকি? এই সন্দৰ্ভত তেওঁ কয়, আমি আমাৰ মিত্ৰদলৰ লগত এই বিষয়ে আলোচনা নকৰাকৈ একো নকওঁ। কাইলৈ ইণ্ডিয়া এলায়েন্সৰ এখন বৈঠক আছে। ইফালে ৰায়বেৰলী আৰু ৱায়নাড সমষ্টিৰ ভিতৰত কোনটো সমষ্টিত তেওঁ থাকিব বুলি কৰা এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, এই সন্দৰ্ভত এতিয়াও তেওঁ কোনো সিদ্ধান্ত লোৱা নাই। পৰৱৰ্তী সময়ত চিন্তা কৰিব।