ৰাহুল গান্ধীলৈ বিশেষ আহ্বান মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

ৰাহুল গান্ধীলৈ বিশেষ আহ্বান মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তানৰ সৈতে যোৰহাটৰ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ সুমধুৰ সম্পৰ্ক সন্দৰ্ভত ৰাজ্য চৰকাৰে চলাই থকা তদন্তৰ মাজতে বিদেশলৈ যাব লগা সর্বদলীয় দলত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ নাম অন্তর্ভুক্ত কৰাৰ বাবে ৰাহুল গান্ধীয়ে দিয়া তালিকাক লৈ তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে । সন্ত্ৰাসবাদ সন্দৰ্ভত ভাৰতৰ স্থিতি স্পষ্ট কৰিবলৈ বিদেশলৈ পঠিয়াবলগীয়া সৰ্বদলীয় প্ৰতিনিধি দলত গৌৰৱ গগৈৰ নাম উল্লেখ কৰাক লৈ কংগ্ৰেছক সমালোচনা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । মুখ্যমন্ত্রী ড° শর্মাই গৌৰৱ গগৈৰ প্ৰসংগত সামাজিক মাধ্যমযোগে উল্লেখ কৰে যে- তালিকাখনত নাম উল্লেখ কৰা এগৰাকী সাংসদে (অসমৰ) তেওঁৰ দীৰ্ঘদিনীয়া পাকিস্তান ভ্ৰমণ কৰাৰ বিষয়ে অস্বীকাৰ কৰা নাই। খবৰ অনুসৰি দুসপ্তাহ তেওঁ তাত আছিল আৰু বিশ্বাসযোগ্য নথি-পত্ৰৰ পৰা এয়া স্পষ্ট হৈছে যে তেওঁৰ পত্নীয়ে ভাৰতত কাম কৰি থকাৰ সময়ত পাকিস্তানস্থিত এনজিঅ’ এটাৰ পৰা দৰমহাৰ নামত ধন লাভ কৰিছিল। বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক আহ্বান জনাইছোঁ যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত দলীয় ৰাজনীতিৰ ঊর্ধ্বত গৈ এই ব্যক্তিগৰাকীক এনে স্পৰ্শকাতৰ আৰু কৌশলপূর্ণ এছাইনমেণ্টত অন্তর্ভুক্ত নকৰিব।উল্লেখ্য যে সন্ত্রাসবাদীক কৰি অহা পৃষ্ঠপোষকতা আৰু ভাৰতত সেই সন্ত্রাসবাদীয়ে চলাই অহা সন্ত্রাসবাদ বন্ধ কৰাৰ বাবে পাকিস্তানক হেঁচা দিবলৈ ভাৰতে কেইবাখনো বিদেশী ৰাষ্ট্ৰক অনুৰোধ জনাব। পাকিস্তানৰ ওপৰত যাতে কূটনৈতিক চাপ সৃষ্টি হয়, তাৰ বাবে সৰ্বদলীয় প্রতিনিধি বিদেশী ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছিল কেন্দ্রীয় চৰকাৰে। সেই অনুসৰিয়ে লোকসভাৰ বিৰোধী দলৰ দলপতি আৰু কংগ্ৰেছ সভাপতিক সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই প্রতিনিধি দলটোত কংগ্ৰেছৰ সাংসদ প্ৰেৰণৰ বাবে তালিকা দিবলৈ অনুৰোধ জনাইছিল। সেইমর্মে কংগ্ৰেছ দলে আনন্দ শৰ্মা, গৌৰৱ গগৈ, ছৈয়দ নাছিৰ হুছেইন আৰু ৰাজা ব্ৰাৰ নাম অর্পণ কৰিছিল কেন্দ্ৰীয় চৰকাৰৰ ওচৰত। এই তালিকাত গৌৰৱ গগৈৰ নাম থকা দেখিয়েই বিষয়টোত তীব্র আপত্তি কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। ইফালে বিষয়টো সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে পাকিস্তানৰ সন্ত্রাসবাদী কার্যকলাপ বিশ্বৰ জনতাৰ সন্মুখলৈ লৈ যোৱাৰ বাবে সৰ্বদলীয় প্ৰতিনিধিৰ দল এটা বিভিন্ন ৰাষ্ট্ৰলৈ যাব। যিহেতু এই প্রতিনিধি দলত কংগ্ৰেছৰ পৰাও সাংসদ যাব, সেয়েহে ৰাহুল গান্ধীয়ে দলটোত যাবলগীয়া কংগ্রেছ সাংসদসকলৰ মাজত অসমৰ এজন সাংসদৰ নাম অন্তর্ভুক্ত কৰিছে। মই ৰাহুল গান্ধীলৈ এটা টুইট দি উল্লেখ কৰিছোঁ যে যিজন সাংসদে পাকিস্তানত দুসপ্তাহ থাকি আহিছে, যিজন সাংসদে নিজৰ সন্তানৰ নাগৰিকত্ব ভাৰতৰ পৰা বিদেশী ৰাষ্ট্ৰৰ নামত লৈ গৈছে, যিজন সাংসদৰ পত্নীয়ে পাকিস্তানৰ পৰা প্ৰতিমাহত দুই লাখ টকাকৈ দৰমহা লয়, তেওঁ কেনেকৈ পাকিস্তানৰ বিপক্ষে ক’ব? সৰ্বদলীয় বৈঠকত যিসমূহ কথা-বার্তা চলিব, আলোচনা হ’ব, সেই খবৰসমূহে তেওঁ শত্ৰু ৰাষ্ট্ৰক দিব। সেই কাৰণে মই ৰাহুল গান্ধীক অনুৰোধ কৰিছোঁ তেওঁ যাতে এনেকুৱা মানুহৰ নামত তালিকাত অন্তর্ভুক্ত নকৰে, যিটো ৰাষ্ট্ৰৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি হ’ব পাৰে। মই ভাবোঁ, ৰাহুল গান্ধীয়ে নিশ্চয় দেশৰ নিৰাপত্তাৰ স্বাৰ্থত এনেধৰণৰ নাম তালিকাত অন্তর্ভুক্ত নকৰিব।