ৰাহুল গান্ধীয়ে একমাত্র মোক সমালোচনা কৰিবলৈকে অসমলৈ আহিছিলঃ মুখ্যমন্ত্ৰী ড° শর্মা

ৰাহুল গান্ধীয়ে একমাত্র মোক সমালোচনা কৰিবলৈকে অসমলৈ আহিছিলঃ মুখ্যমন্ত্ৰী ড° শর্মা

ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছত এতিয়াও আছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্টৰ। প্রদেশ কংগ্ৰেছৰ নতুন দায়িত্ব লাভৰ পাছতে গৌৰৱ গগৈয়ে দলটোৰ দুই শীর্ষ নেতা ক্রমে ৰাহুল গান্ধী আৰু মল্লিকার্জুন খার্গেক অসমলৈ মাতি আনি অনুষ্ঠিত কৰা দলৰ ৰাজনৈতিক বিষয় সম্পৰ্কীয় ৰুদ্ধদ্বাৰ বৈঠকৰ খবৰ লাভ কৰিলে মুখ্যমন্ত্রী ড° শৰ্মাই। গুৱাহাটী বিমানবন্দৰৰ সমীপৰ কিৰণশ্ৰী গ্ৰেণ্ড হোটেলত অনুষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ ৰুদ্ধদ্বাৰ বৈঠকত ৰাহুল গান্ধীয়ে কি কি ক’লে, সকলো লাইন বাই লাইন পাই গ’ল মুখ্যমন্ত্রী ড° শর্মাই। উল্লেখ্য যে শেহতীয়াকৈ মুখ্যমন্ত্রী ড° শর্মাই মুকলিকৈ স্পষ্ট কৰিছিল যে কংগ্ৰেছৰ ভিতৰচ’ৰাত কি আলোচনা হয় তাৰ খবৰ তেওঁ লগে লগে লাভ কৰে। কংগ্ৰেছত তেওঁৰ মানুহ আছে বুলি দাবী কৰি থকা মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কিৰণশ্রী গ্ৰেণ্ড হোটেলত অনুষ্ঠিত কংগ্ৰেছৰ গোপন বৈঠকৰ খবৰ লাভ কৰাৰ কথা মুকলি কৰিলে। ৰাহুল গান্ধীৰ অসম ভ্রমণ শেষ নৌহওঁতেই আনকি দলটোৰ সাংগঠনিক বৈঠক শেষ হোৱাৰ পূর্বেই মুখ্যমন্ত্রী ড° শর্মাই এক্স হেণ্ডেলযোগে কংগ্ৰেছৰ গোপন বৈঠকৰ কথা ফাদিল কৰাই নহয়, ৰাহুল গান্ধীকো কৰিলে তীব্র কটাক্ষ। মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীক কটাক্ষ কৰি লিখিছে- লিখি লওক, হিমন্ত বিশ্ব শর্মাক নিশ্চিতকৈ জে’ললৈ পঠাম- ঠিক এই বাক্যশাৰীকেই বিৰোধী দলপতি ৰাহুল গান্ধীয়ে অসম কংগ্ৰেছৰ ৰাজনৈতিক বিষয় সম্পর্কীয় গোপন বৈঠকত কৈছে। তেওঁ মাত্র এই কথাটোকে ক’ম বুলি অসমলৈ আহিছে যদিও দুর্ভাগ্যবশতঃ নেতাগৰাকীয়ে পাহৰি গ’ল যে গোটেই দেশতে বিভিন্ন গোচৰত অভিযুক্ত হৈ তেওঁ নিজেই বর্তমান জামিনতহে মুকলি হৈ আছে। তেওঁলৈ মোৰ শুভকামনা। দিনজোৰাকৈ অসমৰ আতিথ্য উপভোগ কৰক। মুখ্যমন্ত্ৰীৰ এই পোষ্ট অথবা এই কটাক্ষই পুনৰ স্পষ্ট কৰিলে যে অসম কংগ্ৰেছৰ শীৰ্ষ পর্যায়ত এতিয়াও মুখ্যমন্ত্ৰীৰ এজেন্ট আজিও আছে। তাৰ প্ৰমাণ মুখ্যমন্ত্ৰীৰ এক্স হেণ্ডেলৰ মন্তব্যই দিয়া নাই। ৰাহুল গান্ধীৰ বক্তব্যয়ো স্পষ্ট কৰিলে মুখ্যমন্ত্রী ড° শৰ্মাৰ দাবী। মুখ্যমন্ত্রীয়ে পোষ্টত লিখা মূল বাক্যশাৰীৰ আধাৰতে সাংগঠনিক বৈঠকৰ পাছত ছয়গাঁৱৰ বনগাঁৱত অনুষ্ঠিত ৰাজহুৱা সভাত মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমত লিখা কথাকেই ক’লে ৰাহুল গান্ধীয়ে। পৰিতাপৰ বিষয়টো হ’ল যে যি সময়ত কংগ্রেছে দলীয় নেতা-কর্মীক একত্রিত কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্রস্তুতি চলাইছে, তেনে সময়তে দলৰ শীৰ্ষ পৰ্যায়ত মুখ্যমন্ত্ৰীৰ এজেন্টে সকলো দিশত যে আউল লগাইছে সেয়া স্পষ্ট হৈ পৰিছে। লক্ষণীয়ভাবে মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে ৰাহুল গান্ধীক উদ্দেশ্যি আন এক পোষ্টত এইবুলি লিখিছে- ৰাহুল গান্ধীয়ে একমাত্র মোক সমালোচনা কৰিবলৈকে যে আজি অসমলৈ আহিছিল সেয়া আখৰে আখৰে প্ৰতিপন্ন হ’ল। প্রতিখন সভাতে মোৰ নামটো বাৰে বাৰে তেওঁ উল্লেখ কৰাটো হৈছে ইয়াৰ প্ৰমাণ। মই বিনাদ্বিধাই ক’ব বিচাৰোঁ যে মই কৃতজ্ঞ! কাৰণ আজি তেওঁ মোৰ ৰাজনৈতিক মর্যাদাক অন্য পর্যায়লৈ উন্নীত কৰিলে, যিটো হয়তো মই কংগ্রেছ দলত থকাহেঁতেন কেতিয়াও উপনীত হ’ব নোৱাৰিলোঁহেঁতেন। আজিৰ দিনটো সঁচাকৈ এক অতি সন্তুষ্টিৰ দিন। যি কি নহওক, এটা কথা মই নিশ্চিতভাৱে ক’ব পাৰোঁ যে যিহেতু ৰাহুল গান্ধীয়ে মোক সমালোচনা কৰিবলৈকে বাছি লৈছে, তেন্তে মই নিশ্চিত অসমৰ জনসাধাৰণৰ বাবে সঠিক কাম কৰি আছোঁ আৰু শুদ্ধ পথেৰে আগুৱাই গৈছোঁ। উল্লেখ্য যে অতি শেহতীয়াকৈ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকার্জুন খার্গেই নতুন দিল্লীৰ ৰুদ্ধদ্বাৰ বৈঠকত সদ্য অপসাৰিত সভাপতি ভূপেন বৰাক উদ্দেশ্যি কি কৈছিল সেয়াও মুখ্যমন্ত্রীয়ে প্রতিটো শব্দই ৰাজহুৱা কৰিছিল। এনে অৱস্থাত অসম দখলৰ বাবে কংগ্ৰেছে চলোৱা এনে প্ৰচেষ্টাৰ পাছতো এটাই প্রশ্ন-কেতিয়ালৈকে প্রদেশ কংগ্ৰেছ মুখ্যমন্ত্ৰীৰ এজেন্টমুক্ত হ’ব। কংগ্রেছত মুখ্যমন্ত্ৰীৰ এজেন্ট অথবা ‘মানুহ’ থকাটো ইতিমধ্যে স্বীকাৰো কৰি লৈছে প্রদেশ কংগ্ৰেছে। এনে অৱস্থাত বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্রেছ কেতিয়া এজেন্টমুক্ত হ’ব সেয়া দলটোৰ শীর্ষ নেতৃত্বৰ বাবে এক বৃহৎ প্রত্যাহ্বানৰূপে দেখা দিছে। বিশেষকৈ ৰাহুল গান্ধী আৰু মল্লিকার্জুন খার্গে উপস্থিত থকা সময়তে মুখ্যমন্ত্রী ড° শর্মাই দলটোৰ ভিতৰৰ খবৰ এনেদৰে ৰাজহুৱা কৰা বিষয়টোৱে কার্যতঃ স্পষ্ট কৰি তুলিছে কংগ্ৰেছৰ ভিতৰচ’ৰাৰ ফোঁপোলা স্বৰূপ।