ৰাহুল গান্ধীক সাক্ষাৎ লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অজাপ দলৰ

ৰাহুল গান্ধীক সাক্ষাৎ লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অজাপ দলৰ

ৰঙিলী বাৰ্ত্তাসেৱা-২০২৬ৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে বিৰোধী শিবিৰক পুনৰ একত্ৰিত কৰাৰ প্ৰয়াস চলাই থকা অখিল গগৈক একাষৰীয়া কৰি দিল্লীত কংগ্ৰেছৰে বৈঠক অনুষ্ঠিত কৰিলে অসম জাতীয় পৰিষদে। অসমত চলি থকা ‘অমানৱীয়’ উচ্ছেদ অভিযান, বিদেশী বহিষ্কাৰৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সাম্প্রদায়িক ৰাজনীতিক লৈ লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদৰ এটা প্রতিনিধি দলে নতুন দিল্লীত বিৰোধী দলপতি ৰাহুল গান্ধীৰ সৈতে আলোচনা কৰে। সংসদ ভৱনত হোৱা সাক্ষাৎকালত ৰাহুল গান্ধীয়ে সাম্প্রদায়িক বিজেপিক প্রতিহত কৰি বলৈ ধৰ্মনিৰপেক্ষ সকলো শক্তিক ঐক্যবদ্ধ হ’বলৈ আহ্বান জনায়। আলোচনাকালত অজাপৰ সাধাৰণ সম্পাদাক জগদীশ ভূঞা, জ্যেষ্ঠ অধি বক্তা তথা অজাপ নেতা কমল নয়ন চৌধুৰী, চিত্তৰঞ্জন বসুমতাৰী, ৰাজু ফুকন আৰু জিয়াউৰ ৰহমানে অংশগ্রহণ কৰে। বৈঠকত প্রদেশ কংগ্রেছ সভাপতি তথা লোকসভাত দলৰ উপনেতা গৌৰৱ গগৈ আৰু ৰাজ্যৰ দুই দলীয় সাংসদ প্রদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনো উপস্থিত থাকে। পাছত সাংবাদিকৰ আগত অজাপ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে বিদেশী বহিষ্কাৰৰ নামত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে অসমৰ খিলঞ্জীয়া ৰাইজৰ সৈতে প্ৰতাৰণা কৰি আহিছে। বিষয়টোক লৈ কংগ্ৰেছে সৰৱ হ’ব লাগে। বিশেষকৈ সংসদৰ মজিয়াত অসমৰ জ্বলন্ত সমস্যাসমূহ দেশৰ প্রধান বিৰোধী দলটোৱে দাঙি ধৰিব লাগে। ৰাহুল গান্ধীৰ সৈতে এই বিষয়টোক লৈ আমি আলোচনা কৰিছোঁ। বিদেশীৰ নামত, উচ্ছেদৰ নামত বিজেপিয়ে অসমত কৰি থকা সাম্প্রদায়িক ৰাজনীতিৰ বিষয়টো সংসদত সজোৰে উত্থাপন কৰাৰ আমি দাবী জনাইছোঁ। তদুপৰি অসম চুক্তি ৰূপায়ণ, বিদেশী বহিষ্কাৰ, অসমীয়াৰ সাংবিধানিক ৰক্ষাকৱচ, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আদিক লৈ ৰাহুল গান্ধীৰ সৈতে আলোচনা কৰা হৈছে। ৰাহুল গান্ধীয়ে প্রতিটো বিষয়ত অসমৰ সৰ্বসাধাৰণ ৰাইজৰ সৈতে থকা বুলি গগৈয়ে সাংবাদিকৰ আগত মত ব্যক্ত কৰে। সংসদৰ মজিয়াত অসমৰ জ্বলন্ত সমস্যাসমূহ উত্থাপন কৰাৰ ক্ষেত্ৰত অসমৰ দলীয় সাংসদসকলৰ উপৰি আন সাংসদসকলেও সঁহাৰি জনোৱাৰ প্ৰতিশ্রুতি প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে। লক্ষণীয়ভাৱে অসমত বিজেপিক ক্ষমতাচ্যুত কৰাৰ বাবে ধৰ্মনিৰপেক্ষ শক্তিক একত্ৰিত কৰাৰ প্ৰয়োজনীয়তাক লৈ বৈঠকত আলোচনা হৈছে যদিও নির্বাচনী মিত্ৰতাক লৈ এই বৈঠকত কোনোধৰণৰ আলোচনা হোৱা নাই বুলিহে লুৰিণজ্যোতিয়ে সাংবাদিকৰ আগত দাবী কৰিছে।