ৰাস-লীলা – আয়নাল হক

ৰাস-লীলা 
আয়নাল হক,ধুবুৰী 
শাৰদী ৰাতিৰ পূৰ্ণিমাৰ জোন
স্নিগ্ধ জোনাকৰ মায়া
শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰত
যমুনাৰ বালিত বাউলী ৰাধা।
গোপীগণে প্ৰেমৰ গীত গাই
লয়-লাসে নাচি-বাগি।
অন্তৰ্যামী শ্ৰীকৃষ্ণই
বাঁহী বজায় কদমগছত উঠি।
যমুনাৰ নীলাভ বুকুত উঠে
অদম্য প্ৰেমৰ লহৰ–!
সাৰে থাকে প্ৰকৃতি
সাৰে থাকে গোপীগণৰ অন্তহীন প্ৰীতি।
ধন্য হয় শাৰদী ৰাতি
তৃপ্ত হয় জোনাকৰ স্নিগ্ধতা
যুগে যুগে সুঁৱৰিব
শ্ৰীকৃষ্ণ আৰু ৰাধাৰ প্ৰেম কাহিনী।
অপূৰ্ণ এই পিয়াসা
ৰাধা-কৃষ্ণৰ অমৰ ৰাস-লীলা—
” শৰতকালৰ ৰাতি অতি বিতোপন
ৰাস-ক্ৰীয়া কৰিতে কৃষ্ণৰ ভৈল মন–।”