ৰাসক্ৰীয়া কৰিতে কৃষ্ণৰ ভৈল মন – ইভা গন্ধীয়া ফুকন

ৰাসক্ৰীয়া কৰিতে কৃষ্ণৰ ভৈল মন 
 ইভা গন্ধীয়া ফুকন
“শৰতৰ পূৰ্ণিমাৰ জোনাক ৰাতি
কৃষ্ণই বৃন্দাবনত বজায় বাঁহী
বাঁহী মাতে শুনি অ’ ৰাধা মাই
কাষৰে কলচি মাটিত পেলায়।”
শৰত কালৰ জোন জ্বলা জোনাক নিশা ৰাস মহোৎসৱৰ আয়োজন কৰা হয়। ৰাস হৈছে এটি ধৰ্মীয় উৎসৱ । চৌদিশে  কৃষ্ণৰ বন্দন। কৃষ্ণ কেন্দ্ৰীক এই ৰাস উৎসৱ ল’ৰা -বুঢ়া সকলোৰে মন প্ৰাণ সৰি নিয়ে। “কৃষ্ণ ” সুখৰ -দুখৰ সকলো সময়তে আমাৰ মুখত উচ্চাৰিত এটা শব্দ। কৃষ্ণ শব্দতেই নিহিত হৈ আছে যেন গভীৰ প্ৰশান্তি,ত্ৰিভূবনৰ পতি জগতৰ ত্রানকৰ্তা।
দ্বাপৰ যুগত শ্ৰীকৃষ্ণই ধেনু চৰাইছিল নাচিছিল বাঁহীৰ সুৰেৰে ঝংকাৰিত কৰিছিল ব্ৰজ ধাম। যিটো চৰিত্ৰ সমগ্ৰ বিশ্বৰ আৰাধ্য, যি সত্তা জগতত পৰিচিত এক অলৌকিক সত্তা হিচাপে, সেই সত্তাক বাস্তৱিক জ্ঞানেৰে বুজিবলৈ যাওঁতে মানসপটত ভাঁহি আহে এটি শ্যাম বৰণীয়া শান্ত সমাহিত মাথাত ময়ুৰ পাখি ধাৰণ কৰা শংখ চক্ৰ ধাৰী এক অবয়ব। বাল কৃষ্ণ বুলিলে লবণু খাই থকা সৰু কৃষ্ণৰ অৱয়ব ভাঁহে চকুৰ আগত।
ভাগৱত পুৰাণৰ পৰা ৰাস সম্বন্ধীয় অধ্যায়সমুহ অনুবাদ কৰি মহাপুৰুষজনাই তেখেতৰ কীৰ্তন ঘোষাত পৰমব্ৰহ্ম শ্ৰীকৃষ্ণৰ লীলাসমুহ ৰাসক্ৰীয়াৰ মাজেৰে বৰ্ণনা কৰিছে । কীৰ্তন ঘোষাত গুৰুজনাই সাৰঙ্গপাণি গোপাল কৃষ্ণৰ মৰ্ত্যত কৰা শিশুলীলাৰ বিভিন্ন চৰিত্ৰ চল,চাতুৰি, ব্ৰজবধুৰ লগত কৰা জলকেলি আটাইবোৰ ৰাসলীলাৰ মাজেৰে বৰ্ণনা কৰিছে । আচলতে ৰাস মানে হৈছে ৰস আচ্ছাদন কৰা । শ্ৰীকৃষ্ণৰ লগত নৃত্য কৰি গোপীসবে আধ্যাত্মিক সুখানুভুতি আৰু ৰস আনন্দ অনুভৱ কৰি পৰমাত্মাৰ ভক্তিৰ সৈতে বিলীন হৈ যি সুখ লাভ কৰিছিল ভাগৱতৰ মতে ব্যাপক অৰ্থত সেয়ে ৰাস উৎসৱ ।
গোপীসকলে কৃষ্ণক একান্তভাৱে লাভ কৰিবলৈ দেৱী আৰাধনা কৰিছিল । গোপীসকল হৈছে প্ৰকৃতি স্বৰূপা জীৱাত্মা।জীৱাত্মাৰ লগত কৃষ্ণৰ ঐশ্বৰিক পাৰমাৰ্থিক ৰ্কষনৰ লগত সংযোগ হৈ গোপীসবে স্বৰ্গীয় প্ৰেম অনুভৱ কৰিব পাৰিছিল । প্ৰভুক প্ৰতিৰূপে পাবলৈ মন ব্যাকুল হৈ পৰিছিল ।সেয়ে ভক্তৰ অধীন শ্ৰীকৃষ্ণই গোপীৰ মনোবাঞ্ছা পূৰনাৰ্থে যমুনা বালিত ৰাসকেলি কৰিবলৈ ধৰিলে ।শৰৎ ঋতুৰ পূৰ্ণিমাৰ মধ্য ৰাতি শ্ৰীকৃষ্ণই বৃন্দাবনত বাঁহী বজায় গোপীৰ মন ভুলালে । বাঁহীৰ সুৰত গোপীসবৰ মন কৃষ্ণক চাবলৈ ব্যাকুল হৈ পৰিল তেতিয়া কোনোৱে নিজৰ সন্তান, কোনোৱে শুৱা পাটিতে পতিক এৰি, কোনোৱে ঘৰৰ বাহী বন এৰি উধাতু খাই দৌৰি আহিল । শৰতৰ বিতোপন ৰাতি কৃষ্ণৰ পঞ্চসুৰ ধ্বনীত বৃন্দাবনৰ তৰু- লতা , ফুল সুশোভিত হ’ল ।আকাশ নিৰ্মল হ’ল ।পূৰ্ণ জোনৰ পোহৰে যমুনাৰ বালি জ্যোতিষ্মান হৈ পৰিল । চৌদিশে সুকোমল পক্ষীৰ নিনাদ বৃন্দাবন চঞ্চল হ’ল । ৰাধা কৃষ্ণৰ অপূৰ্ব নৃত্যত স্বৰ্গৰ পৰাও পুষ্পবৃষ্টি হ’ল ।এনে প্ৰকৃতিৰ বিমোহিত ৰূপত চঞ্চল গোপীসবক কৃষ্ণই বাৰম্বাৰ আপোন গৃহলৈ ঘুৰি যাবলৈ ক’লে । কিন্তু ব্ৰজবধুসকলে কৃষ্ণৰ সংগ সুখ লাভ নকৰাকৈ ঘৰলৈ উভতি নাযায় । তেওঁলোকৰ কাতৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰি উপায়হীন কানাই বংশী সুৰে যমুনা বালিত ৰাস নৃত্য আৰম্ভ কৰিলে । কৃষ্ণক বেঢ়ি বেঢ়ি গোপীসকলেও গোলাকৃতি হৈ কৃষ্ণক আলিঙ্গন কৰি ল‌য়লাসেৰে নাচিব ধৰিলে। য’ত গোপী ত’ত কৃষ্ণ । গোপীসবৰ ইচ্ছা পূৰ হ’ল। তেওঁলোকে গপতে ওফন্দি উঠিল । গোপীসকলে কৃষ্ণক তেওঁলোকৰ অধীন বুলি ভাবি মনতে গৌৰৱ অনুভৱ কৰিলে । গোপীৰ গৌৰৱৰ কথা উমান পাই শ্ৰীকৃষ্ণই সিহঁতক এশিকনি দিবৰ মনেৰে ৰাধাক লৈ অন্তৰ্ধান হ’ল । কৃষ্ণৰ গুপুত ৰহস্যৰ কথা জানি চিঞৰি চিঞৰি কান্দিব ধৰিলে । প্ৰাণ কৃষ্ণক বিচাৰি বৃন্দাবন চলাথ কৰিলে । তেওঁলোকৰ অহংকাৰৰ বাবে যে কৃষ্ণক হেৰুৱাব লগা হ’ল, উপলব্ধি কৰি পুনৰ একচিত্তে কৃষ্ণক প্ৰাৰ্থনা কৰিলে আৰু নানা লীলা কৰি কৃষ্ণক বিচাৰিব ধৰিলে । গোপীসকলৰ ভক্তিত সন্তুষ্ট হৈ তেওঁ ৰাধাক লগত লৈ গোপীসকলৰ মাজলৈ ঘূৰি আহিল । কৃষ্ণক দেখি গোপীসকলৰ মনত আনন্দ লাগিল । পুনৰ কৃষ্ণ আৰু গোপীৰ মাজত ক্ৰীড়াকেলি আৰম্ভ হ’ল ।
সাম্প্ৰতিক কালতো নাচে কৃষ্ণই ৰাস মঞ্চত। বুজাব খোজে কৃষ্ণ সকলোতে বিদ্যমান। শ্ৰী কৃষ্ণৰ ৰাসৰ জৰিয়তে বীৰ ৰসৰো সমাহাৰ ঘটিছে। কৃষ্ণই বৃন্দাবনত নাচি থাকোতে কংসৰ অনুচৰ অসুৰ বোৰকো নিধন কৰিছে। ৰাসলীলাৰ পুৰুষ আৰু প্ৰকৃতিৰ আনন্দময় পৰিবেশত কৰা নৃত্যই জীৱন উদযাপনৰ দিশটো উন্মোচন কৰে । ত্ৰিজগতৰ পতি শ্ৰীকৃষ্ণক কোনো মায়াৰ বান্ধোনে বান্ধি ৰাখিব নোৱাৰি । মানৱ জীৱনৰ পৰমাৰ্থ শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ জৰিয়তে আমি অনুধাৱন কৰিব পাৰোঁ। কৃষ্ণ মানেই পৰমপুৰুষ, কৃষ্ণ মানেই সংসাৰৰ বান্ধোনৰ পৰা মুক্তি দিওঁতা। সেইবাবেই কোৱা হয় যি পৰম সত্য লাভ কৰি জীৱই পৰমানন্দ লাভ কৰে সেয়াই কৃষ্ণ।য’তে ভক্তই কৃষ্ণক আৰাধনা কৰিছে তাতে কৃষ্ণৰূপ ধৰি আৰ্বিভাৱ হৈছে। ভক্তৰ মনোবাঞ্চা পূৰণৰ হেতু। অসুৰ দৈত্য দানবক বধ কৰি অপশক্তি নিধন কৰি সমাজখন শক্তিশালী ঐক্যৰ বান্ধোনেৰে বান্ধি, সমন্বয়ৰ সাঁকো বান্ধি, প্ৰেম  ভাতৃত্বৰ নিৰ্মালি ছটিয়াই দিছে ৰাসৰ মঞ্চে মঞ্চে।
ৰাসৰ মাহাত্ম্য হ’ল—জীৱাত্মাৰ লগত পৰমাত্মাৰ ঐশ্বৰিক মহামিলন ।এই মহামিলনৰ পৰাই বৈষমিক প্ৰবৃত্তিক বিলুপ্ত ঘটাই আত্মিক সত্বাৰ লগত পৰমব্ৰহ্মৰ স্বৰ্গীয় ৰসোচ্ছাদ মোক্ষপ্ৰাপ্তি লাভ কৰা ।এয়ে হৈছে ৰাসলীলাৰ অৰ্থাৎ ৰাস পূৰ্ণিমাৰ তাৎপৰ্য ।
দ্বাপৰ যুগৰ পৰা সাম্প্ৰতিক সময়লৈকে শৰৎকালৰ এই ৰাসক্ৰীয়াত কৃষ্ণৰ নাচে সকলোকে মুগ্ধ কৰে। ভক্তি ৰসত সকলো ডুব যায় ।শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাৰ যোগেদি যি ৰাস ক্ৰীয়াৰ তত্ব প্ৰকাশ কৰিছে সেই ৰাসতত্বই সাম্প্ৰতিক কালত ইয়াৰ পূৰ্ণতা আৰু  দুগুণ বৃদ্ধি পাবলৈহে ধৰিছে। যাৰ বাবে ৰাস বুলি আজিৰ প্ৰজন্মৰ মাজতো উল্লাস ব্যাকুলতা পৰিলক্ষিত হয়। অসমৰ বিভিন্ন প্ৰান্তত ৰাসলীলা উদযাপিত হয় যদিও মাজুলীৰ ৰাসলীলাৰ স্বক্ৰীয় বৈশিষ্ট আছে। ৰাস হ’ল সৰ্বৰসৰ সমাহাৰ। ৰাসক্ৰীয়া মূলত এক আধ্যাত্মিক তত্ব, যাৰ যোগেদি ভক্ত আৰু ভগৱান কৃষ্ণৰ মিলন হয়।